ETV Bharat / state

১২ কোটি টকাৰ কাঁহ-পিতল-তামৰ সামগ্ৰী উদ্ধাৰ; পলাতক বেপাৰী

মহানগৰীত কোটিটকীয়া চোৰৰ সন্ত্ৰাস । চুৰি সামগ্ৰী চোৰে কি কৰে, সেয়া জানিলে আপোনাৰো চকু কপালত উঠিব ।

CRIMINAL INCIDENTS IN GUWAHATI
গুৱাহাটীত বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 19, 2025 at 8:03 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : আপোনাৰ স্কুটীখন হেৰাইছে নেকি ? ক'ৰবালৈ ফুৰিবলৈ যোৱাৰ সময়ত চোৰে চাফাই কৰিছে নেকি ঘৰৰ সামগ্ৰী ? আপুনি হয়তো ভাবি আছে এইবোৰ কেতিয়াবা ঘূৰাই পাব । চোৰে এই সামগ্ৰীবোৰ কি কৰে সেয়া জানিবলৈ আপোনাৰো মন যায়; কিন্তু জানিবলৈ উপায় নাই ।

সঘনাই মহানগৰীৰ মাজমজিয়াৰ পৰা চুৰি হোৱা স্কুটীৰ লগতে বাচন-বৰ্তন আদি চোৰে কি কৰে সেয়া জানিলে আপোনাৰো চকু কপালত উঠিব । আজি আমি ক'বলৈ খুজিছো চোৰে এইবোৰ কি কৰে ?

গুৱাহাটী মহানগৰীত সঘনাই চুৰিকাৰ্য সংঘটিত হৈ আহিছে । সাধাৰণতে চোৰে টাৰ্গেট কৰি লয় কাঁহ, তাম, পিতলৰ সামগ্ৰীৰ লগতে এচি, স্কুটী, গাড়ী আদি । চোৰে এইবোৰ আপোনাৰ পৰা সৰকোৱাৰ পিচতেই স্কুটীবোৰ ভাঙি পেলায় । এইবোৰ চোৰে নাভাঙে । ভাঙিবলৈ যথাস্থানত মানুহ হৈ থাকে ।

গুৱাহাটীত বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ (ETV Bharat Assam)

মানে চুৰি সামগ্ৰীবোৰ যাতে আৰক্ষীয়ে সহজে উলিয়াব নোৱাৰে বা গৃহস্থই চিনি নাপায় তাৰ বাবে নিৰ্দ্দিষ্ট ঠাইত থকা ডেম্পত ভাঙি পেলায় । আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে এনে ঘটনা । স্কুটীবোৰ ভাঙি ভিতৰৰ পাৰ্টছবোৰ বহিঃৰাজ্যত বিক্ৰী কৰা হয় । এই তথ্য পোহৰলৈ আহিছে আৰক্ষীৰ অভিযানত । আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে কাঁহ-পিতলৰ সামগ্ৰীৰৰ লগতে গাড়ীৰ পাৰ্টছ ।

CRIMINAL INCIDENTS IN GUWAHATI
গুৱাহাটীত বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ (ETV Bharat Assam)

ক'ৰ পৰা কেনেকৈ জব্দ কৰিলে এই সামগ্ৰীবোৰ ?

পাণবজাৰ আৰক্ষীয়ে দেওবাৰে ওৰে নিশা মহানগৰীৰ তিনিটাকৈ ডেম্পত চলোৱা অভিযানত প্ৰায় ১২ কোটি টকাৰ কাঁহ-পিতল আৰু তামৰ সামগ্ৰী উদ্ধাৰ কৰে । এই সামগ্ৰীবোৰৰ ভিতৰত আছে চুৰি হোৱা স্কুটীৰ ভিন্ন পাৰ্টছ, ফ্ৰীজৰ কন্দেঞ্চৰ, গাড়ীৰ পাৰ্টছ, তামৰ কেবোল আৰু মন্দিৰৰ সামগ্ৰী ।

CRIMINAL INCIDENTS IN GUWAHATI
গুৱাহাটীত বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ (ETV Bharat Assam)

এই ঘটনা সন্দৰ্ভত ADCP সম্ভাবী মিশ্ৰাই কয়, "আৰক্ষীয়ে লাভ কৰা দুটা গোচৰৰ ওপৰত ভিত্তি কৰি শনিবাৰে নিশাৰে পৰা দেওবাৰে পুৱতি নিশালৈকে অভিযান চলিছিল । এই কেইদিনত বহু স্কুটী চুৰি হৈ থকাৰ খবৰ পাই আছিলো । দেওবাৰে খবৰ পালো যে এটা ডেম্পত স্কুটীবোৰ ভঙা অৱস্থাত আছে । লগে লগে আমি সেই ডেম্পটোত অভিযান চলালো । এই অভিযানত তাম ২০০০ কেজি, পিতল ৭০০০ কেজি, লোহা ১০০০ কেজি, এচি আৰু বাহনৰ অংশ ২৫০০ কেজি, ২ টা বেটাৰী জব্দ কৰা হৈছে । ডেম্পৰ স্বত্বাধিকাৰী মন্টু আলীক এই অভিযান পোৱা নাযায় যদিও তেওঁৰ বিৰুবাৰীত থকা তিনিটা ডেম্পতে অভিযান চলোৱা হয় ।"

CRIMINAL INCIDENTS IN GUWAHATI
গুৱাহাটীত বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ (ETV Bharat Assam)

ADCP সম্ভাবী মিশ্ৰাই কয় লগতে কয়, "হাজোৰ মন্টু আলীৰ গুৱাহাটীৰ বিৰুবাৰীতো ঘৰ আছে । তেওঁ দীৰ্ঘদিনৰ পৰা ডেম্পৰ জৰিয়তে চুৰি সামগ্ৰীবোৰ ক্ৰয় কৰি দিল্লীৰ লগতে আন ৰাজ্যলৈ প্ৰেৰণ কৰি আহিছে । পলাতক অভিযুক্ত মণ্টু আলীক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত আছে । মন্টু আলীৰ সৈতে আৰু কোন কোন জড়িত আছে তাৰ তদন্ত অব্যাহত আছে ।"

লগতে পঢ়ক:কাঁহী-বাটি-ঘটি-লোটা... যেন থানাত বজাৰহে বহিল ! - STOLEN GOODS RECOVERED IN GUWAHATI

সময়: তিনি মাহ; মহানগৰ আৰক্ষীৰ জালত ৫৮৭টা চোৰ, জব্দ ৫কোটি টকাৰ চুৰি সামগ্ৰী - CRIMINAL INCIDENTS IN GUWAHATI