ETV Bharat / state

সময়: তিনি মাহ; মহানগৰ আৰক্ষীৰ জালত ৫৮৭টা চোৰ, জব্দ ৫কোটি টকাৰ চুৰি সামগ্ৰী - CRIMINAL INCIDENTS IN GUWAHATI

অপৰাধীৰ পিছে পিছে দৌৰিছে মহানগৰ আৰক্ষী । চলাইছে তীব্ৰ অভিযান । বিগত তিনি মাহত আটক কেবাটাও চোৰ, জব্দ কোটি টকাৰ সামগ্ৰী ।

Press conference by city Joint Commissioner of Police
মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 5, 2025 at 8:58 PM IST

3 Min Read

গুৱাহাটী: মহানগৰীত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনা । অপৰাধীক নাকী লগাবলৈ পাৰ্যমানে নিজৰ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষীয়েও । দিন-ৰাতি একাকাৰ কৰি অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে তীব্ৰ অভিযান ।

বিগত তিনিটা মাহত গুৱাহাটী মহানগৰ আৰক্ষীয়ে ৫৮৭ টা চোৰ গ্ৰেপ্তাৰ কৰাৰ লগতে ৫ কোটি টকাৰ চুৰি সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে । এই কথা সদৰী কৰিছে মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে ।

শনিবাৰে মহানগৰীত আয়োজিত এক সংবাদমেলত চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ তিনি মাহত গুৱাহাটী মহানগৰ আৰক্ষীয়ে লাভ কৰা সফলতাৰ খতিয়ান দাঙি ধৰে যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে ।

মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনৰ সংবাদমেল (ETV Bharat Assam)

মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে কয়, "জানুৱাৰী মাহৰ পৰা মাৰ্চ মাহলৈকে অপৰাধ ৰোধৰ ক্ষেত্ৰত মহানগৰ আৰক্ষী সফল হৈছে । ৫৮৭ টা চোৰ গ্ৰেপ্তাৰ কৰাৰ লগতে যোৱা তিনি মাহত সৰ্বমুঠ ৫ কোটি টকা মূল্যৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।"

"তিনি মাহত ৬ ঘন্টাৰ ভিতৰত ৫৫টা গোচৰ, ১২ ঘন্টাৰ ভিতৰত ৫৯ টা গোচৰ আৰু ২৪ ঘন্টাৰ ভিতৰত ৪৯ টা গোচৰ সমাধান কৰিবলৈ সক্ষম হৈছে । তদুপৰি বিগত তিনি মাহত ২২ খন চাৰিচকীয়া, ৮১ দুচকীয়া বাহন, ১০খন তিনিচকীয়া বাহন উদ্ধাৰ কৰাৰ লগতে ৮৪ টা গাড়ী চোৰ গ্ৰেপ্তাৰ হৈছে ।" অংকুৰ জৈনে কয় ।

তেওঁ পুনৰ কয়, "মেঘালয় আৰু মণিপুৰৰ আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষীয়ে । আনহাতে তিনি মাহত ১৯২টা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে ৯ কোটি মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে । এই অভিযানত ৪ কিলোগ্ৰাম হেৰ'ইন, ৩০০ কিলোগ্ৰাম গাঞ্জা, ৭ হাজাৰ কফ চিৰাপ জব্দ কৰা হৈছে ।"

মহানগৰ যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে লগতে কয়, "মহানগৰীত চিলনী চোৰৰ উপদ্ৰৱ ৰোধৰ বাবে অভিযান চলাই চিলনী চোৰৰ পৰা ৫৮৩ ম'বাইল উদ্ধাৰ কৰাৰ লগতে ২০টা চিলনী চোৰ গ্ৰেপ্তাৰ কৰা হৈছে । মহানগৰীৰ ৰাজপথত ষ্টান্ট কৰা ৫৮ খন বাইক ৩ খন চাৰিচকীয়া গাড়ী জব্দ কৰা হৈছে ।

"তদুপৰি মহানগৰ আৰক্ষীয়ে ২৩৯ গৰাকী নিৰুদ্দেশ হোৱা লোকক উদ্ধাৰ কৰিছে । লগতে ৭২ লাখ টকা চাইবাৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।" মহানগৰ যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে কয় ।

লগতে পঢ়ক:উদ্বেগজনক তথ্য: ২০২৪ ত ৰাজ্যত ঘটিছে ৫০,২১৫ টা অপৰাধমূলক ঘটনা - CRIMINAL INCIDENTS IN ASSAM

বেংক একাউণ্ট খোলোতে সাৱধান; চাইবাৰ অপৰাধীৰে ভৰি পৰিছে ৰাজ্য - TINSUKIA CYBER CRIME

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.