সদ্য়ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে উদঙাইছে চৰকাৰী বিদ্য়ালয়ৰ বিফলতা: ডাঃ ভবেন চৌধুৰী - HSLC results 2024
AAP Assam Press Conference: মহানগৰীৰ গণেশগুৰিস্থিত আপ অসমৰ কেন্দ্ৰীয় কাৰ্যালয়ত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ অনুষ্ঠিত হয় এক সংবাদমেল । সংবাদমেলত সদ্য়ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ আপ সন্তুষ্ট নহয় বুলি উল্লেখ কৰি চৰকাৰী বিদ্য়ালয়ৰ বিফলতা দাঙি ধৰে আপ অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে ।

Published : April 23, 2024 at 6:10 PM IST
গুৱাহাটী,২৩ এপ্ৰিল: মঙলবাৰে মহানগৰীৰ আপ অসমৰ কেন্দ্ৰীয় কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি চৰকাৰী বিদ্যালয়ৰ শোচনীয় ফলাফলৰ সন্দৰ্ভত ক্ষোভ উজাৰে আপ অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে । এই সন্দৰ্ভত তেওঁ মন্তব্য কৰে যে, শনিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ শোচনীয় স্বৰূপ উদঙাই দিছে ।
পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ৪ লাখ ১৯ হাজাৰ ৭৮ গৰাকী পৰীক্ষাৰ্থীৰ মাজৰ পৰা ৩ লাখ ১৭ হাজাৰ ৩১৭ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে । লগতে উত্তীৰ্ণৰ হাৰ হৈছে ৭৫.৭ % শতাংশ । উত্তীৰ্ণৰ হাৰ প্ৰকাশ কৰি চৰকাৰী খণ্ডৰ বিদ্যালয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিফলতা প্ৰতিপন্ন কৰিছে বুলি উল্লেখ কৰে চৌধুৰীয়ে । স্থান লাভ কৰা আটাইকেজন ছাত্ৰ ছাত্ৰী ব্যক্তিগত খণ্ডৰ বুলি কৈ চাহ বাগিচাত স্থাপন কৰা মডেল স্কুলসমূহৰ ফলাফলৰ সন্দৰ্ভতো প্রশ্ন উত্থাপন কৰে আপৰ সভাপতিগৰাকীয়ে ।
এই সন্দৰ্ভত তেওঁ কয় যে ১৩ হাজাৰতকৈ কম শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল বাগিচাৰ পৰা তাৰো উত্তীৰ্ণ হ'ল ৫০% হে । ইয়াৰ অৰ্থ চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থা । কেজৰিৱালে কেনেধৰণে বিদ্যালয় স্থাপন কৰি উত্তীৰ্ণৰ হাৰ ৯৯% লৈ যাবলৈ সক্ষম হৈছে এবাৰ মুখ্যমন্ত্ৰীক চাই আহিবলৈ আহ্বান জনাই চৌধুৰীয়ে ।
ইফালে মূল্যবৃদ্ধিৰ সন্দৰ্ভত মন্তব্য কৰি উক্ত সংবাদমেলতে আপৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই কয় যে দুটা বছৰ ধৰি ক্ৰমাগতভাৱে বৃদ্ধি পাইছে বস্তুৰ দাম । নিজকে নক্ষত্ৰ বুলি ভবা মুখ্যমন্ত্ৰীয়ে অন্য ৰাজ্যত গৈ বস্তুৰ দাম কমাই দিম বুলি কয় কিন্তু অসমত কিয় দাম কমাবলৈ সক্ষম নহয় বুলি প্ৰশ্ন উত্থাপন কৰে মুখপাত্ৰগৰাকীয়ে । লগতে তেওঁ কয় যে আজি আলু খেতিয়কে আত্মহত্যা কৰিবলগা হৈছে । ২৫ লাখ টকাৰ লোন লৈ আলু খেতি কৰি মূল্য নাপাই আত্মহত্যা কৰিবলৈ বাধ্য হৈছে কৃষক । কৃষকৰ আত্মহত্যাৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে দিব লাগিব বুলি দাবী কৰে ডেকাৰজাই ।
লগতে তেওঁ বিভাগ চলাব নোৱৰা যোগান মন্ত্ৰীক পদত্যাগ কৰিবলৈও দাবী জনায় । তিনিচুকীয়াৰ ষ্ট্ৰং ৰূমৰ কেমেৰা বিকলৰ সন্দৰ্ভত সভাপতি ডাঃ ভবেন চৌধুৰীয়ে মন্তব্য কৰি কয়,'অব কী বাৰ ৪০০ পাৰ' বুলি কৈ বিৰোধীক যেনেকৈ হেচা মাৰি ধৰিছে তেনেক্ষেত্ৰত এনেবোৰ কাম কৰিবলৈ কি দৰকাৰ বুলিও তেওঁ উল্লেখ কৰে ।
লগতে পঢ়ক: খিলঞ্জীয়া এলেকাত প্ৰচাৰ বন্ধ কৰিছে হিমন্ত-পীযুষে : অখিল গগৈ - Mla Akhil Gogoi Press Meet

