ETV Bharat / state

সাংসদ তপন গগৈৰ কাম-কাজত অসন্তুষ্ট যোৰহাটবাসী

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 7:42 PM IST

Updated : Feb 8, 2024, 7:48 PM IST

যোৰহাটৰ সাংসদ তপন গগৈ কিমান সফল
যোৰহাটৰ সাংসদ তপন গগৈ কিমান সফল

Jorhat MP Tapan Gogoi : যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈৰ কাম-কাজক লৈ কিমান সন্তুষ্ট যোৰহাটবাসী ? সাংসদ তপন গগৈয়ে পুনৰ প্ৰাৰ্থিত্ব লাভ কৰিলে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি ? জানো আহক সমষ্টিবাসীৰ মুখেৰে তপন গগৈৰ ৰিপোৰ্ট কাৰ্ডৰ বিষয়ে ।

কিমান সফল সাংসদ তপন গগৈ, সমষ্টিবাসীয়ে কি কয়

যোৰহাট, ৮ ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসকীয় বিজেপি, বিৰোধী কংগ্ৰেছকে আদি কৰি বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে । ইয়াৰ সমান্তৰালভাৱে সক্ৰিয় হৈ পৰিছে ভোটাৰ ৰাইজো । আনহাতে, বিভিন্ন সমষ্টিৰ সাসংসদসকলৰ কাম-কাজ সন্দৰ্ভতো এতিয়া চলিছে আলোচনা । একেদৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈৰ কাৰ্যকালত সমষ্টিটোৰ ৰাইজ তেওঁৰ কাম-কাজত কিমান সন্তুষ্ট সেয়া জানিবলৈ চেষ্টা চলোৱা হয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

এইক্ষেত্ৰত সমষ্টিটোৰ বিভিন্নজনৰ পৰা তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত তেওঁলোকৰ বক্তব্যত এই খথা স্পষ্ট হৈ পৰে যে সাংসদ তপন গগৈৰ কাম-কাজক লৈ সন্তুষ্ট নহয় সমষ্টিটোৰ সাধাৰণ ভোটাৰ ৰাইজ । কাৰণ যোৰহাট লোকসভা সমষ্টিৰ দীৰ্ঘদিনীয়া তথা বিভিন্ন জ্বলন্ত সমস্যা সমাধানৰ ক্ষেত্ৰত সাংসদগৰাকীয়ে সংসদত বিষয়বোৰ উথাপন কৰাত বিফল হোৱা বুলি তেওঁলোকে মন্তব্য কৰে । লগতে সমস্যাবোৰ সমাধান কৰা ক্ষেত্ৰতো কোনো উল্লেখনীয় ভূমিকা গ্ৰহণ কৰা পৰলক্ষিত হোৱা নাই বুলি যোৰহাটবাসীয়ে মত প্ৰকাশ কৰে ।

যোৰহাট লোকসভা সমষ্টিৰ দীৰ্ঘদিনীয়া সমস্যা যেনে অসম-নাগালেণ্ড সীমা সমস্যা আৰু বিশুদ্ধ খোৱাপানীৰ সমস্যা আজিকোপতি স্থায়ীভাৱে সমাধান কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি ৰাইজে অভিযোগ উথাপন কৰে । আনহাতে, ছাত্র সন্থাৰ প্ৰতিনিধিও সাংসদ তপন গগৈৰ কামক লৈ সন্তুষ্ট নহয় ।

এইক্ষেত্ৰত ছাত্র সন্থাৰ এগৰাকী প্ৰতিনিধিয়ে কয় যে উজনি অসমৰ ৰাইজৰ দীৰ্ঘদিনীয়া আন এক সমস্যা হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণ প্ৰক্ৰিয়া । তেওঁৰ অভিযোগ, ১০ বছৰ সময় অতিক্ৰম কৰিলে যদিও ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণ কাম সম্পূৰ্ণ নহ'ল । এইক্ষেত্ৰত সাংসদ তপন গগৈয়ে যেনেদৰে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি সমাধান কৰিব লাগিছিল, সেয়া কৰা দেখা নগ'ল ।

উল্লেখ্য যে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈয়ে নিজা সাংসদ পুঁজিৰ ধন সম্পূৰ্ণ খৰচ কৰিব নোৱাৰাৰ অভিযোগ উথাপিত হৈছে । উল্লেখ্য যে সন্মানীয় যোৰহাট লোকসভা সমষ্টিত এইবাৰ নিৰ্বাচনত চাহ জনগোষ্ঠী আৰু আহোম ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব । কিন্তু যোৰহাটবাসীৰ মনৰ কথাৰ পৰা এইটো কথা স্পষ্ট হয় যে যদি ২০২৪ৰ লোকসভা নিৰ্বাচনত তপন গগৈয়ে পুনৰ প্ৰাৰ্থিত্ব লাভ কৰে, তেন্তে তেওঁ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ।

আনহাতে, সংসদলৈ নিৰ্বাচিত হ'বলগা নতুন সাংসদগৰাকীয়ে ৰাইজৰ অভাৱ-অভিযোগ সন্দৰ্ভত সংসদত মাত মাতি সমস্যাসমূহ সমাধান কৰিব পৰা এগৰাকী সাংসদ বিচাৰে যোৰহাটবাসীয়ে ।

লগতে পঢ়ক :ইণ্ডি মিত্ৰজোঁটত ফাঁট ! অসমৰ ৩ লোকসভা আসনৰ বাবে আপৰ প্ৰাৰ্থী তালিকা প্ৰকাশ

Last Updated :Feb 8, 2024, 7:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.