ETV Bharat / state

অৰুণাচলৰ পথ দুৰ্ঘটনাত অসমৰ 5 জনৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 9:01 AM IST

অৰুণাচলত দুৰ্ঘটনাগ্ৰস্ত তিনিচুকীয়াৰ বাহন । প্ৰাণ হেৰুৱালে পাঁচজনকৈ লোকে । পাহাৰৰ পথৰ পৰা দ' খাৱৈত গাড়ী বাগৰি সংঘটিত হয় দুৰ্ঘটনাটো । দুদিন ধৰি চলোৱা অভিযানৰ অন্তত উদ্ধাৰ হয় পাঁচজনকৈ লোকৰ মৃতদেহ । ঘটনাত আন এক ৰহস্যৰ গোন্ধ ।

Horrific accident at Anjao in Arunachal
অৰুণাচলৰ আনজাওত ভয়ংকৰ দুৰ্ঘটনা

অৰুণাচলৰ আনজাওত ভয়ংকৰ দুৰ্ঘটনা

তিনিচুকীয়া,২১ জানুৱাৰী: অৰুণাচল প্ৰদেশৰ আনজাওত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা ৷ পাহাৰৰ পথৰ পৰা দ' খাৱৈত গাড়ী বাগৰি সংঘটিত হোৱা দুৰ্ঘটনাটোত থিতাতে নিহত হয় পাঁচজনকৈ লোক ৷ দুদিন ধৰি চলোৱা অভিযানৰ অন্তত উদ্ধাৰ পাঁচটাকৈ মৃতদেহ । দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ।

জানিবপৰা মতে তিনিচুকীয়াৰ ৰাজাপতি নামৰ এটা গেৰেজৰ পৰা এখন গাড়ী মেৰামতি কৰিবলৈ অৰুণাচল প্ৰদেশৰ আনজাওৰ হাৱাইলৈ গৈছিল এগৰাকী মেকানিক, এগৰাকী সহায়ক আৰু এগৰাকী গাড়ী চালক । গাড়ী মেৰামতি কৰি সুকলমে বৃহস্পতিবাৰে তিনিচুকীয়ালৈ ঘূৰি আহোঁতেই পাহাৰীয়া পথৰ পৰা কেইবা শ মিটাৰ দ'খাৱৈত বাগৰি পৰে বাহনখন ৷ জনশূণ্য অঞ্চলটোত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই আটাইকেইজনে ।

ঘটনা সন্দৰ্ভত খবৰ পোৱা পিছতে স্থানীয় জিলা প্ৰশাসন আৰু আৰক্ষী উপস্থিত হৈ শুকুৰবাৰে আৰম্ভ কৰে উদ্ধাৰ অভিযান । শুকুৰবাৰৰ পৰা উদ্ধাৰ অভিযান চলাই শনিবাৰে মৃতদেহকেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । তিনিচুকীয়াৰ পৰা লৈ যোৱা বাহনখনৰ নম্বৰ AS-23-AD-7360 আৰু নিহত কৰ্মচাৰীকেইগৰাকী তিনিচুকীয়া মাকুম পথৰ ৰাজাপতি গেৰেজৰ কৰ্মচাৰী আছিল বুলি জানিব পৰা গৈছে । নিহত গাড়ী চালকজনৰ নাম তিনিচুকীয়া নিউ ডেভলপমেণ্টৰ শ্বাহ উপাধিৰ বুলি জানিব পৰা গৈছে যদিও আনসকলৰ পৰিচয় লাভ কৰা নাই ৷

লক্ষ্যণীয়ভাৱে ৰাজাপতি গেৰেজৰ পৰা অৰুণাচলত গাড়ী মেৰামতি কৰিবলৈ তিনিজন লোক গৈছিল যদিও পাঁচটাকৈ মৃতদেহ উদ্ধাৰ হোৱা তথ্যই সৃষ্টি কৰি আন এক ৰহস্য়ৰ । ঘটনা সন্দৰ্ভত ইতিমধ্য়ে আৰম্ভ কৰিছে তদন্ত । মৃতদেহকেইটা উদ্ধাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে ।

লগতে পঢ়ক: আৰক্ষীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, 3 জন আৰক্ষী জোৱান থিতাতে নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.