ETV Bharat / state

হোলী গীতৰ অমিয়া সুৰৰে গুঞ্জৰিত সত্ৰনগৰী বৰপেটাৰ আকাশ-বতাহ - Doul Mahotsav of Barpeta Satra

author img

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 2:22 PM IST

Doul Mahotsav of Barpeta Satra: দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত সত্ৰনগৰী বৰপেটা । আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ । প্ৰথম দিনা কাৰ্যসূচী অনুসৰি ৰাইজিং ক্লাৱৰ উদ্যোগত অনুষ্ঠিত কৰা হয় হোলী গীতৰ প্ৰতিযোগিতা । উপস্থিত থাকে কেইবাগৰাকীও বিশিষ্ট শিল্পী ।

Holi song competition on the occasion of Sri Sri Krishna Doul Mahotsav in Barpeta
হোলী গীতৰ অমিয়া সুৰৰে গুঞ্জৰিত সত্ৰনগৰী বৰপেটাৰ আকাশ-বতাহ

হোলী গীতৰ অমিয়া সুৰৰে গুঞ্জৰিত সত্ৰনগৰী বৰপেটাৰ আকাশ-বতাহ

বৰপেটা, ২৪ মাৰ্চ : সত্ৰনগৰী বৰপেটাৰ বাটে ঘাটে এতিয়া কেবল হোলী গীতৰ ৰোল ৷ বৰপেটাৰ আকাশে-বতাহে মাথোঁ হোলী গীতৰেই গুঞ্জন ৷ চৌদিশ জুৰি ধ্বনিত হৈছে কেবল হোলীগীতৰ অমিয়া সুৰ ৷ মন প্ৰাণ হৰি নিয়া হোলীগীতৰ গুঞ্জনত মুখৰিত সত্ৰনগৰীৰ আকাশ, বৰপেটাৰ বতাহ ৷

দৌল মহোৎসৱ উপলক্ষে পুৱাৰে পৰা উখল-মাখল সত্ৰনগৰী বৰপেটা ৷ আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে দ্বিতীয় বৈকুন্ঠপুৰী, ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ ৷ দৌল মহোৎসৱ উপলক্ষে আজি পুৱাৰ পৰাই বৰপেটা সত্ৰত আৰম্ভ হৈছে এক উখল-মাখল পৰিৱেশ ৷

বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে ভিৰ কৰিছে বৰপেটা সত্ৰত ৷ ইপিনে স্থানীয় ৰাইজিং ক্লাবৰ উদ্যোগত আজি (দেওবাৰ) অনুষ্ঠিত হয় এক ব্যতিক্ৰমী হোলীগীতৰ প্ৰতিযোগিতা ৷ 'মুকলি পথত হোলীগীত' শীৰ্ষক এই প্ৰতিযোগিতা উপভোগ কৰিবলৈ আজি লোকাৰণ্য হৈ পৰে সত্ৰনগৰী বৰপেটাৰ বাট-পথ ৷

আজি পুৱা বৰপেটা সত্ৰৰ দালানৰ সন্মুখত বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে হোলীগীত প্ৰতিযোগিতা উদ্বোধন কৰাৰ পিচতেই এটাৰ পাচত আনটো হোলীগীতৰ দলে বাটে বাটে হোলীগীত গাই কৃষ্ণ প্ৰেমৰ বন্দনাৰে মুখৰিত কৰি তোলে বৰপেটা ধাম ৷

মুকলি পথত হোলীগীত প্ৰতিযোগিতাৰ অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া, অভিশ্ৰুতি বেজবৰুৱা আৰু 'বেহৰবাৰী আউটপোষ্ট' ধাৰাবাহিকৰ মণি বৌ খ্যাত জনপ্ৰিয় অভিনেত্ৰী পাপৰি বৰাই ৷

বৰপেটা সত্ৰৰ দালানৰ সন্মুখত আৰম্ভ হোৱা মুকলি পথত হোলীগীত প্ৰতিযোগিতা উদ্বোধনৰ পিছতে হোলী গীত প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী দলসমূহে বাটে বাটে হোলী গীত পৰিবেশন কৰি বৰপেটা চহৰৰ মূল পথ পৰিভ্ৰমণ কৰি বৰপেটা প্ৰেছ ক্লাৱত উপস্থিত হয় ৷ এই সময়চোৱাত বৰপেটাৰ ৰাজপথত সৃষ্টি হয় এক অনন্য মন প্ৰাণ উতলা কৰি তোলা পৰিৱেশৰ ৷

লগতে পঢ়ক: হোলীৰ সময়ত গ্ৰহদোষৰ পৰা বাচিব কিদৰে ? - Holi 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.