ETV Bharat / state

ঘোটা-সুৰা সেৱন কৰাই ছাত্ৰীক ধৰ্ষণ, গ্ৰেপ্তাৰ দুই অভিযুক্ত

কফি শ্বপত কৌশলেৰে খুৱালে সুৰা । এজাহাৰ দাখিল কৰাৰ তিনি ঘন্টাৰ ভিতৰত দুই অভিযুক্ত আৰক্ষীৰ জালত ।

SAtudent rape accused
শিৱৰাত্ৰিৰ নিশা ছাত্ৰী ধৰ্ষণত অভিযুক্ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 2, 2025 at 7:51 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: স্মাৰ্ট আৰক্ষীয়ে গিজগিজাই থকাৰ পিছতো অপৰাধীৰ ৰম্য়ভূমিলৈ পৰ্যবসিত হৈছে গুৱাহাটী মহানগৰী । নিতৌ সংঘটিত হৈ আছে অপৰাধজনিত ঘটনা । ইয়াৰ মাজতেই শিৱৰাত্ৰিৰ নিশা সংঘটিত এক ভয়ংকৰ কাণ্ড পোহৰলৈ আহিছে । শিৱ পূজাৰ প্ৰসাদ খুৱাই এগৰাকী ছাত্ৰীক নিশা ধৰ্ষণ কৰিলে কফি শ্বপৰ গৰাকীয়ে ।

উত্থাপিত অভিযোগ অনুসৰি যোৱা ২৫ ফেব্ৰুৱাৰীত শিৱৰাত্ৰিৰ প্ৰসাদ আৰু মদ সেৱন কৰোৱাই দুই অভিযুক্তই ধৰ্ষণ কৰিলে এগৰাকী ছাত্ৰীক । ভুক্তভোগীয়ে শনিবাৰে পল্টন বজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতেই পোহৰলৈ আহিছে এই চাঞ্চল্য়কৰ ঘটনাটো ।

শিৱৰাত্ৰিৰ নিশা ছাত্ৰী ধৰ্ষণ (ETV Bharat Assam)

দুই অভিযুক্তক গ্ৰেপ্তাৰ :

এই ঘটনা ঘটনা সন্দৰ্ভত উপ-আৰক্ষী আয়ুক্ত অমিতাভ বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় ," শনিবাৰে নিশা ভুক্তভোগী যুৱতীগৰাকীয়ে পল্টন বজাৰ থানাত এই ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে । এই এজাহাৰৰ ভিত্তিত ৬৪/২০২৫ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰো । এজাহাৰ দাখিল কৰাৰ দুই-তিনি ঘন্টাৰ ভিতৰত দুই অভিযুক্ত চন্দন মহন্ত আৰু ৰোহন আলীক গ্ৰেপ্তাৰ কৰা হয় । ঘটনাটো স্বীকাৰ কৰিছে দুই অভিযুক্তই ।"

কেনেদৰে ঘটিছিল ঘটনাটো ?

উপ-আৰক্ষী আয়ুক্ত অমিতাভ বসুমতাৰীয়ে ঘটনাটোৰ বিষয়ে উল্লেখ কৰি লগতে কয়, "২৫ ফেব্ৰুৱাৰীত ভুক্তভোগী যুৱতীগৰাকীয়ে বান্ধৱীৰ সৈতে চন্দনৰ এ বি চিত থকা ৰে'ল জংচন নামৰ কফি শ্বপখনলৈ গৈছিল । কফি শ্বপখনৰ কৰ্মচাৰী হৈছে ৰোহন আলী । কফি খাবলৈ যোৱা দুই বান্ধৱীক শিৱৰাত্ৰিৰ ঘোটা খাব নেকি বুলি সোধাত তেওঁলোকে খাম বুলি কয় । ইয়াৰ পিছত কফি শ্বপৰ ওচৰতে থকা ৰূম এটালৈ গৈ ঘোটাৰ লগতে মদ খুৱায় । মদ খোৱাৰ পিছত গাড়ীত উঠাই দুয়ো বান্ধৱীক ফুৰাবলৈ নিয়ে । "

তেওঁ লগতে কয়, "ভুক্তভোগীৰ বান্ধৱীগৰাকীয়ে কিবা কাম থকা বুলি গাড়ীৰ পৰা নামি যায় । ইয়াৰ পিছত ভুক্তভোগীগৰাকীক ৰাজগড়ৰ ৰশ্মি হোটেললৈ নি তাত মদ খুৱায় । দুই অভিযুক্তই নিশা হোৱা বুলি কৈ ভুক্তভোগীগৰাকীক হোষ্টেললৈ যাবলৈ নিদি হোটেলতে ৰাখে । তাতে দুই অভিযুক্তই ভুক্তভোগী যুৱতীগৰাকীক ধৰ্ষণ কৰে ।"

লগতে পঢ়ক:বেংগালুৰুত নাবালিকা ধৰ্ষণৰ অভিযোগত কাছাৰৰ পৰা গ্ৰেপ্তাৰ ইমৰাণ - RAPE IN BENGALURU

নাবালিকা ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ বিজেপি নেতা, উত্তপ্ত পৰিস্থিতি - ALLEGATION OF RAPE IN GOHPUR