নাবালিকা ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ বিজেপি নেতা, উত্তপ্ত পৰিস্থিতি
ষাঠিৰ উৰ্দ্ধৰ এজন লোকে এগৰাকী নাবালিকাক আমলখি খাবলৈ মাতি আনি তেওঁৰ নিজৰ ঘৰতে কৰিলে জঘন্য় কাণ্ড ।

Published : February 25, 2025 at 11:49 AM IST
বিশ্বনাথ : এজন প্ৰাক্তন পঞ্চায়ত প্ৰতিনিধিয়ে চৰকাৰী আচঁনিৰ ধন লুটপাট কৰিয়েই যেন ক্ষান্ত হোৱা নাই । প্ৰাক্তন পঞ্চায়ত প্ৰতিনিধি তথা বিজেপি নেতাজনৰ এইবাৰ চকু নাবালিকাৰ ওপৰত । গহপুৰৰ গমিৰিত নাবালিকা ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল বিজেপি নেতাজন ।
উল্লেখ্য় যে গহপুৰ সমষ্টিৰ গমিৰি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি সোমনাথ অৰ্জেলে এই দায়িত্বত থকা সময়তেই বিভিন্ন চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগত অভিযুক্ত আছিল । শেহতীয়াকৈ আন এক ভয়ংকৰ অভিযোগত অভিযুক্ত হৈ সোমবাৰে নিশা হেলেম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ব লগা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
একেখন গাঁৱৰে এগৰাকী চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত আঠ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে প্ৰাক্তন পঞ্চায়ত প্ৰতিনিধি তথা বিজেপি নেতাজনৰ বিৰুদ্ধে । ভুক্তভোগীৰ পৰিয়ালৰ লোকে সোমনাথ অৰ্জেলৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰাৰ পিচতেই ৰাইজে অভিযুক্তৰ ঘৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।
কেনেকৈ ঘটিল ঘটনাটো ?
ষাঠি বছৰৰ উৰ্দ্ধৰ সোমনাথ অৰ্জেলে নাবালিকা গৰাকীক আমলখি খাবলৈ মাতি আনি তেওঁৰ নিজৰ ঘৰতে মুখত সোপা দি এই জঘন্য কাৰ্য সংঘটিত কৰা বুলি অভিযোগ কৰে নাবালিকা গৰাকীৰ পৰিয়ালৰ লোকে । ইফালে, অভিযুক্তই নাবালিকা গৰাকীক পৰিয়ালৰ লোকক এই বিষয়ে নক'বলৈ ভাবুকি দিয়া বুলি নাবালিকা গৰাকীৰ পৰিয়ালে অভিযোগ কৰিছে ।

অভিযুক্তৰ গৃহত উত্তপ্ত পৰিস্থিতি :
আনহাতে, এই ঘটনাটো গাঁওখনত বিয়পি পৰাৰ লগে লগে স্থানীয় ৰাইজে নিশাই সোমনাথৰ ঘৰৰ চৌহদত উপস্থিত হৈ দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনাই প্ৰতিবাদ সাব্য়স্ত কৰে । পিচত পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত ৰাইজৰ দাবীত নিশায়েই সোমনাথ আৰ্জেলক চাহ বাগিচাৰ মাজত লুকাই থকা অৱস্থাত জিলা আৰক্ষীৰ অপৰাধ শাখা আৰু হেলেম আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ইপিনে, হেলেম আৰক্ষীয়ে নাবালিকা গৰাকীক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্থানীয় লোকে সাংবাদিকৰ আগত কয়," আমাৰ গধৰীয়াবস্তি গাঁৱৰ তেওঁ এজন শিক্ষক আছিল । গমিৰি গাঁও পঞ্চায়তৰ সভাপতি আছিল । কিন্তু দুৰ্ভাগ্য়জনক কথাটো হ'ল তেওঁ আমাৰ গাঁৱৰ নাবালিকা গৰাকীক সোমবাৰে বিয়লি ৩ মান বজাত নিজ ঘৰত আমলখি দিম বুলি মাতি নি বেয়া কাম কৰি গাঁওখনক বদনাম কৰিলে । গতিকে তেওঁ উচিত শাস্তি পাব লাগে ।" গাঁওখনৰ একাংশ মহিলাই অভিযুক্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয়, "ধৰ্ষণকাৰী সোমনাথক আমাৰ হাতত গতাই দিয়ক, আমি তেওঁক শাস্তি দিম । ৰাইজে বিচাৰ কৰিব ।"

