গোলাঘাটৰ প্ৰাক্তন পৌৰপতি ৰাজেন বৰাক "ধনশিৰি উপত্যকা বঁটা" প্ৰদান - Rongali Bihu2024
Rongali Bihu Program:অসমত এতিয়া উজনি-নামনি সকলোতে ব'হাগ বিহুৰ সংগীতানুষ্ঠান চলিছে ৷ তিনিদিনীয়া কাৰ্যসূচীৰে গোলাঘাটৰ সমন্বয় ক্ষেত্ৰতো আৰম্ভ হৈছে ৩৬ সংখ্যাক কেন্দ্ৰীয় ৰঙালী বিহু ।

Published : May 4, 2024 at 9:30 PM IST
গোলাঘাট, ৪ মে': ঢোল, পেঁপা, গগনাৰ মাতৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ সমাহাৰেৰে মুখৰিত গোলাঘাটৰ সমন্বয় ক্ষেত্ৰ । তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত ৩৬ সংখ্যাক কেন্দ্ৰীয় ৰঙালী বিহুৰ আজি শুভাৰম্ভ কৰা হয় । এই উপলক্ষে কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি পূৰ্ণ ৰাজখোৱাই। ইয়াৰ পিচতেই স্মৃতি তৰ্পণ কৰে যুটীয়া সম্পাদক জিতুল ৰাজখোৱা আৰু বিশ্বজিৎ গগৈয়ে ।
- " class="align-text-top noRightClick twitterSection" data="">
ইপিনে, প্ৰয়াত সমৰজিৎ বৰা সোঁৱৰণী মূখ্য় তোৰণ উন্মোচন কৰে তেওঁৰ পৰিয়াল বৰ্গই । এই অনুষ্ঠানতেই প্ৰয়াত অঞ্জলি বৰকাকতি সোঁৱৰণী মঞ্চ মুকলি কৰে তেওঁৰ পুত্ৰ বিদ্যানন্দ বৰকাকতিয়ে । প্ৰয়াত নিৰোদ শইকীয়া সোঁৱৰণী মণ্ডপ উদ্বোধন কৰে তেওঁৰ পত্নী আৰু পৰিয়ালবৰ্গই । তাৰ পাছতে অনুষ্ঠিত হয় "ধনশিৰি উপত্যকা বঁটা "প্ৰদান অনুষ্ঠান । উদযাপন সমিতিৰ সভাপতি পূৰ্ণ ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত সমাজকৰ্মী তথা প্ৰাক্তন পৌৰপতি ৰাজেন বৰাক এই বঁটা প্ৰদান কৰা হয় । উক্ত বঁটাটো প্ৰদান কৰে সাংস্কৃতিক কৰ্মী মহেন বৰুৱাই । এই বঁটাত আছে গামোচা, চেলেং, শৰাই আৰু মানপত্ৰ ।
উক্ত বঁটা প্ৰদান অনুষ্ঠানৰ পাছতে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ সমাহাৰেৰে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে শিক্ষাবিদ মহেন শইকীয়াই । সেইদৰে বিয়লি জনগোষ্ঠীয় সমাৰোহ, বিহু হুঁচৰি, বৰহমথুৰি খ্যাত সৰু বিহুৱতী প্ৰতিযোগিতাৰে প্ৰথম দিনাৰ কাৰ্যসূচী সামৰণী পৰিব।
দেওবাৰে কণীযুঁজ, পিঠা, গামোচা, সজীৱ পুষ্প সজ্জা, প্ৰতিযোগিতাৰ পাছতে মেজাংকৰী খ্যাত বৰ বিহুৱতী প্ৰতিযোগিতাৰ লগতে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ ব । অহা ৬ মে'ত ভেশচন, টেকেলী ভঙা, সংগীত চকী, জেং বিহু, মহিলা সকলৰ মাজত পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতাৰ অন্তত সন্ধিয়া অনুষ্ঠিত কৰা হ'ব মুকলি সভা আৰু বঁটা বিতৰণী তথা স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠান । উক্ত সভাত কৃষি মন্ত্ৰী অতুল বৰা আৰু বিত্ত মন্ত্ৰী অজন্তা নেওগ ,বিধায়ক বিশ্বজিৎ ফুকন,জিলা আয়ুক্ত পি উদয় প্ৰবীণ, আৰক্ষী অধীক্ষক ৰাজেন সিং উপস্থিত থাকিব ।
লগতে পঢ়ক:অনুৰাগীয়ে প্ৰাণ ভৰি উপভোগ কৰিলে প্ৰিয়ংকা ভৰালীৰ বিহুৰ অনুষ্ঠান - Rangali Bihu Program

