ETV Bharat / state

পঞ্চদশ বাৰ্ষিক বৰহোলা গ্ৰন্থমেলাৰ আৰম্ভণি

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 10:26 PM IST

বৰহোলাত সোমবাৰৰ পৰা ছদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে পঞ্চদশ বাৰ্ষিক বৰহোলা গ্ৰন্থমেলা । গ্ৰন্থপ্ৰেমীৰ উপস্থিতিত উদুলি-মুদুলি পৰিৱেশ ।

Fifteenth Annual borholla book fair begins from today
পঞ্চদশ বাৰ্ষিক বৰহোলা গ্ৰন্থমেলা

পঞ্চদশ বাৰ্ষিক বৰহোলা গ্ৰন্থমেলা

যোৰহাট, 29 জানুৱাৰী : তিতাবৰৰ বৰহোলাত সোমবাৰৰ পৰা ছদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে পঞ্চদশ বাৰ্ষিক গ্ৰন্থমেলা । বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বৰহোলা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বৰহোলা মহাবিদ্যালয়ৰ পুথিভঁৰালৰ সহযোগত অনুষ্ঠিত হৈছে পঞ্চদশ বাৰ্ষিক গ্ৰন্থমেলা ৷ আজিৰে পৰা আৰম্ভ হোৱা এই গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ উপস্থিতিত পুৱাৰে পৰা উদুলি-মদুলি পৰিৱেশে বিৰাজ কৰিছে ।

সোমবাৰৰ পুৱা বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বৰহোলা আঞ্চলিক সমিতিৰ সভাপতি দেৱজিৎ পাঠক আৰু উদযাপন সমিতিৰ সভাপতি বিজয় মোহন সন্দিকৈয়ে পতাকা উত্তোলন কৰে ৷ তাৰ পিচতেই বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বৰহোলা আঞ্চলিক সমিতিৰ সচিব প্ৰধান বিকাশ গগৈয়ে স্মৃতি তৰ্পন কৰে ৷ বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ দিগন্ত বৰা, বৰহোলা মহাবিদ্যালয়ৰ উপাধ্যক্ষ দিলীপ কুমাৰ খাউণ্ড, যুৱ সাংবাদিক অজয় শইকীয়াই বৃক্ষ ৰোপনেৰে কাৰ্যসূচীৰে পঞ্চদশ বাৰ্ষিক গ্ৰন্থমেলাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।

পঞ্চদশ বৰ্ষৰ বৰহোলা গ্ৰন্থমেলাৰ দ্বাৰ উদ্বোধন কৰে বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ বুধীন্দ্ৰ নাথ হাজৰিকাই ৷ যুৱ সমাজকৰ্মী বিজয় হাজৰিকাই উক্ত অনুষ্ঠানৰ আঁত ধৰে আৰু প্ৰৱক্তা অমল সোণোৱালে পৰিচালনা কৰে । গ্ৰন্থমেলাত প্ৰথমদিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে অঞ্চলটোৰ কেইবাজনো গণ্যমান্য ব্যক্তিয়ে । এইখিনিতে উল্লেখ কৰি থওঁ যে, গ্ৰন্থমেলাৰ ছদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত গ্ৰন্থ উন্মোচনৰ লগতে সদৌ অসম ভিত্তিত বিভিন্ন শৈক্ষিক-সাংস্কৃতিক প্ৰতিযোগিতাও অনুষ্ঠিত হ’ব । বৰহোলাৰ এই গ্ৰন্থ বিপ্লৱলৈ সকলো ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে । গ্ৰন্থমেলাৰ দৰে অনুষ্ঠানে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কিতাপৰ প্ৰতি ধাউতি বঢ়াব বুলি উদ্যোক্তাই মত প্ৰকাশ কৰে ৷

লগতে পঢ়ক : আঠ দিনত গ্ৰন্থমেলাত আঢ়ৈ কোটিতকৈ অধিক টকাৰ গ্ৰন্থ বিক্ৰী অসম গ্ৰন্থমেলাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.