ETV Bharat / state

নিলম্বিত অধ্যক্ষ গাম্বাৰু মুছাহাৰীৰ বিৰুদ্ধে ভুৱা ৱৰ্ক অৰ্ডাৰৰ অভিযোগ - Suspended Chairman of BKWAC

author img

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 7:24 AM IST

Allegation against Gambaru Musahari : ভুৱা ৱৰ্ক অৰ্ডাৰৰ দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ পদৰ পৰা নিলম্বিত গাম্বাৰু মুছাহাৰীৰ বিৰুদ্ধে ৷ মুখ্যমন্ত্ৰী ভিজিলেন্সত গোচৰ ৰুজু ৷ উচিত তদন্তৰ আহ্বান ইউবিপিঅ’ৰ ৷

Fake work order corruption Allegation against Gambaru Musahari
ভুৱা ৱৰ্ক অৰ্ডাৰৰ অভিযোগ নিলম্বিত অধ্যক্ষ গাম্বাৰু মুছাহাৰীৰ বিৰুদ্ধে

জোনাই, 4 এপ্ৰিল : অন্তৱৰ্তীকালীন বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ (বিকেডব্লিউএচি)ৰ অধ্যক্ষ পদৰ পৰা নিলম্বিত হোৱা গাম্বাৰু মুছাহাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ ভিজিলেন্সত গোচৰ তৰিছে অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা (ভৈয়াম)ৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । কোটি কোটি টকাৰ ভুৱা ৱৰ্ক অৰ্ডাৰৰ দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগত এই গোচৰ তৰা হৈছে ৷

উল্লেখ্য যে, 2020 চনত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু এনডিএফবি, এবছু আৰু ইউবিপিঅ’ৰ মাজত নতুন দিল্লীত সম্পাদিত হোৱা তৃতীয় বড়ো শান্তি চুক্তিৰ আধাৰত চৰকাৰে গঠন কৰি দিয়া বিকেডব্লিউএচিৰ অন্তৱৰ্তীকালীন পৰিষদত ইউবিপিঅ’ৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আৰু উপ-সভাপতি হিচাপে গাম্বাৰু মুছাহাৰীক অধ্যক্ষ পদত মনোনীত কৰা হৈছিল । বিকেডব্লিউএচিৰ অধ্যক্ষ পদত থকাৰ সুবাদতে অধ্যক্ষ পদৰ ক্ষমতা আৰু পদমৰ্যাদা চূড়ান্তভাৱে অপপ্ৰয়োগ কৰি বিকেডব্লিউএচিৰ নামত বহিঃৰাজ্যৰ যোগনিয়াৰ কোম্পানীক কোটি কোটি টকাৰ ভুৱা ৱৰ্ক অৰ্ডাৰ দি বিকেডব্লিউএচিক বদনাম কৰিবলৈ চেষ্টা চলাইছিল ।

গাম্বাৰু মুছাহাৰীয়ে বিকেডব্লিউএচিৰ লেটাৰ পেদত 13-06-2022 তাৰিখে মেম' নং বিকেডব্লিউএচি/চি আৰ এন/এম এ এল এছ/এছ পি এল/অৰ্ডাৰ/206/2022-23 অধীনত চিকিমৰ চিতল এন্টাৰপ্ৰাইজছ নামৰ যোগনিয়াৰ কোম্পানীক 70,49,93,750 টকাৰ বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিবলৈ ৱৰ্ক অৰ্ডাৰ দিয়ে ।

আনহাতে, 2022 চনৰ 25 জানুৱাৰীৰ দিনা মেম' নং 102/বিকেডব্লিউএচি/2021/002 অধীনত নতুন দিল্লীত বিকেডব্লিউএচি ভৱন নিৰ্মাণৰ বাবদ হাৰিয়ানাৰ অশোক কুমাৰ কে.এছ .জে ৱাই নিৰ্মাণ কৰিবলৈ কোম্পানীক সত্তৰ কোটি টকাৰ ৱৰ্ক অৰ্ডাৰ প্ৰদান কৰে ।

ইয়াৰোপৰি, বিকেডব্লিউএচিৰ এলেকাত সৌৰশক্তি চালিত লাইট যোগান ধৰিবলৈ 2022 চনৰ 18 জুনৰ দিনা হাৰিয়ানাৰ আস্থা ইলেক্ট্ৰিকেলচ্ কোম্পানী এটাকো মেম' নং বিকেডব্লিউএচি/চি আৰ এন/পি এণ্ড আৰ ডি/এফ এছ/এছ এছ 2/2022-23 অধীনত ৱৰ্ক অৰ্ডাৰ প্ৰদান কৰে । ইয়াৰে চিতল এন্টাৰপ্ৰাইজছ ভুৱা ৱৰ্ক অৰ্ডাৰৰ বিষয়ত 2022 বৰ্ষৰ 17 নৱেম্বৰ আৰু 07-07-2022 ত দুবাৰকৈ বিকেডব্লিউএচিৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ বিৰুদ্ধে অভিযোগ পত্ৰ দাখিল কৰে । বিষয়টো অৱগত কৰিবলৈ অসম চৰকাৰৰ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগলৈ বিকেডব্লিউএচিৰ তৰফৰ পৰা পত্ৰ প্ৰেৰণ কৰা হয় ৷

সমগ্ৰ বিষয়টো আলোচনা কৰিবলৈ 2022 চনৰ 12, 20 আৰু 22 ছেপ্টেম্বৰত বিকেডব্লিউএচিৰ কাৰ্যবাহী পৰিষদৰ সভা অনুষ্ঠিত কৰা হয় । সভাসমূহত গাম্বাৰু মুছাহাৰীলৈ শ্ব'কজ দিয়া হয় আৰু এমাহৰ ভিতৰত কোম্পানীকেইটাৰ পৰা আপত্তিবিহীন প্ৰমাণ পত্ৰ আনিবলৈ কোৱা হয় । কিন্তু গাম্বাৰু মুছাহাৰীয়ে ভুৱা ৱৰ্ক অৰ্ডাৰ দিয়া ঘটনাৰ কোনো পতিয়নযোগ্য উত্তৰ আৰু প্ৰমাণ-পত্ৰ নিৰ্ধাৰিত সময়ত জমা দিবলৈ সক্ষম নহ’ল ।

অৱশেষত 2022 চনৰ 4 নৱেম্বৰৰ দিনা বিকেডব্লিউএচিৰ কাৰ্যবাহী পৰিষদৰ সভাই গাম্বাৰু মুছাহাৰীক অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰাৰ সিদ্ধান্ত লয় । উক্ত সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ অসম চৰকাৰৰ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগলৈ পত্ৰ প্ৰেৰণ কৰা হয় আৰু চৰকাৰীভাবে এক নিৰ্দেশনা অনুসৰি তেওঁক বিকেডব্লিউএচিৰ অধ্যক্ষ পদৰ পৰা নিলম্বন কৰে ।

স্মৰ্তব্য যে, বিকেডব্লিউএচিলৈ অসম চৰকাৰে 2021-22, 2022-2023 দুটা বিত্তীয় বৰ্ষৰ বাবে 13 কোটি 50 লাখ আৰু 2023-2024 বিত্তীয় বৰ্ষৰ বাবে 14 কোটি 85 লাখ টকা আৱন্টন দিয়ে । ইয়াৰ বিপৰীতে নিলম্বিত অধ্যক্ষ গাম্বাৰু মুছাহাৰীয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰি কোটি কোটি টকাৰ ভুৱা ৱৰ্ক অৰ্ডাৰ দি ধন আত্মসাতৰ দুৰ্নীতিত লিপ্ত হোৱা গাম্বাৰু মুছাহাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ ভিত্তিত জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মুখ্যমন্ত্ৰীৰ ভিজিলেন্সত গোচৰ তৰা কাৰ্যৰ ধন্যবাদ জনোৱাৰ লগতে গোচৰৰ উচিত তদন্তৰ দাবী জনাইছে ইউবিপিঅ’ৰ ধেমাজি, লখিমপুৰ জিলা সমিতিয়ে ।

লগতে পঢ়ক: টকাৰ পাহাৰ; সামাজিক মাধ্যমত ভাইৰেল ভৈৰাগুৰি ভিচিডিচিৰ অধ্যক্ষ বেঞ্জামিন বসুমতাৰী - BENJAMIN BASUMATARY VIRAL PHOTO

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.