৪ দিনৰ সময়সীমা, অতিৰিক্তভাৱে দিলে ৩ দিনৰ সময়; তাৰপাছত... ঘৰ-মাটি হেৰুৱালে ২১৮ টা পৰিয়ালে
পুৱাৰে পৰা লখিমপুৰৰ তিনিটাকৈ স্থানত একেলগে চলিল উচ্ছেদ অভিযান । বিশাল আৰক্ষী বাহিনীৰ সহযোগত প্ৰশাসনে মুক্ত কৰিলে প্ৰায় তিনিশ বিঘা চৰকাৰী ভূমি ।

Published : July 3, 2025 at 6:10 PM IST
লখিমপুৰ: লখিমপুৰত তিনি স্থানত পুৱাৰ পৰা চলিল উচ্ছেদ অভিযান । বেদখল মুক্ত হ'ল প্ৰায় তিনিশ বিঘা চৰকাৰী ভূমি । জিলা প্ৰশাসনৰ উদ্যোগত আৰক্ষী, অৰ্ধসামৰিক বাহিনী, বেটেলিয়ান আদিৰ সহযোগত চলা এই উচ্ছেদ অভিযান চলে ফুকনৰ হাট, দেবেৰা দলনী আৰু খ্ৰীষ্টান গাঁও এলেকাত ।
জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, ৰাজহ চক্র বিষয়া আদিৰ প্ৰত্যক্ষ তত্বাৱধানত পৰিচালিত হয় উচ্ছেদ অভিযান । এই অভিযানত মুকলি হয় ২৮৮ বিঘা চৰকাৰী গ্ৰেজিং মাটি । উচ্ছেদ কৰা হয় ২১৮ টা পৰিয়ালক ।
এই অঞ্চলত গ্ৰেজিং মাটি বেদখল কৰি বহু পৰিয়ালে সুদীর্ঘ দিন ধৰি বসবাস কৰি আছিল । কিন্তু যোৱা ২৬ জুনত ৰাজহ চক্র বিষয়াৰ কাৰ্যালয়ৰ পৰা এই দখলদাৰীসকলক চৰকাৰী মাটি মুকলি কৰি দিবলৈ জাননী দিয়া হয় । সময় দিয়া হয় চাৰিদিনৰ । সেই অনুসৰি জাননীৰ সময়সীমা যোৱা ২৯ জুনত অন্ত পৰে ।

তাৰ পাছতো প্ৰশাসনে তিনিদিন অপেক্ষা কৰে আৰু বৃহস্পতিবাৰে চলাই উচ্ছেদ অভিযান । লক্ষণীয় যে প্ৰশাসনৰ জাননী পোৱাৰ পাছত উক্ত স্থানসমূহৰ সৰহ ভাগ লোকেই নিজৰ ঘৰ বাৰী ভাঙি আঁতৰি গৈছিল ।

আঁতৰি যোৱা পৰিয়ালসমূহৰ অৱশিষ্ট ঘৰ-বাৰীসহ বাকী যিসমূহ পৰিয়াল উঠি নোযোৱাকৈ আছিল সেই পৰিয়ালসমূহৰ ঘৰ-বাৰী আজি প্ৰশাসনে উচ্ছেদ কৰে । বিশাল আৰক্ষী বাহিনী লৈ কৰা এই অভিযানক তদাৰক কৰে আৰক্ষীৰ উত্তৰ মণ্ডলৰ আই জি পিয়ে ।

উচ্ছেদ অভিযানৰ মাজতে জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতিয়ে সাংবাদিকৰ আগত কয়, "এনে চৰকাৰী গ্ৰেজিং মাটি মুকলি কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আছে ।

প্ৰশাসনৰ তৰফৰ পৰা উচ্ছেদৰ বাবে জাৰি কৰা জাননীত তেওঁলোকৰ কিবা ভূমি সম্পৰ্কীয় নথি-পত্ৰ থাকিলে দাখিল কৰিবলৈ জনোৱা হৈছিল । পিছে কোনোৱে একো নথি-পত্ৰ দাখিল কৰিব নোৱাৰিলে । জাননীৰ সময়সীমা অন্ত পৰাৰ পাছতো আমি তিনিদিন অপেক্ষা কৰি আজি উচ্ছেদ অভিযান আৰম্ভ কৰিছো ।"

এই উচ্ছেদ অভিযান চলোৱাৰ পাছত মুকলি ভূমিত বনানীকৰণ কৰা হ'ব বুলিও আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে । উল্লেখ্য উচ্ছেদ অভিযানৰ বাবে প্ৰশাসনে বিশাল নিৰাপত্তা বাহিনীৰ সৈতে অগ্নি নিৰ্বাপক, স্বাস্থ্য সেৱা, আদি সাজু কৰি ৰাখিছিল । অঞ্চল কেইটালৈ সোমাব পৰা আটাইকেইটা পথত বেৰিকেট দি সকলোৰে প্ৰৱেশ বন্ধ কৰি দিয়া হৈছিল ।

প্ৰথম অৱস্থাত সাংবাদিকসকলকো প্ৰৱেশ কৰিবলৈ দিয়া নাছিল যদিও পৰৱৰ্তী সময়ত প্ৰৱেশৰ অনুমতি দিয়ে । কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ অবিহনে এই উচ্ছেদ অভিযান সামৰণিৰ দিশে আগবাঢ়ে ।

