মৰিবলৈ সাজু আছোঁ কিন্তু এক ইঞ্চি মাটিও এৰি নিদিওঁ: হুংকাৰ স্থানীয় লোকৰ
উচ্ছেদৰ জাননীয়ে টোপনি হৰিছে ধুবুৰীৰ আলমগঞ্জবাসীৰ । কোনো কাৰণতে মাটি এৰি নিদিয়াৰ হুংকাৰ ।

Published : July 3, 2025 at 2:43 PM IST
ধুবুৰী: "মৰিবলৈ সাজু আছোঁ, কিন্তু এক ইঞ্চি মাটিও এৰি নিদিওঁ । মোৰ মাটি মই নিদিম..." পট্টাদাৰৰ হুংকাৰ । ধুবুৰী জিলাৰ আলমগঞ্জত অচিৰেই চলিব বৃহৎ উচ্ছেদ অভিযান । তাৰ পূৰ্বে আজি আলমগঞ্জ এফ এ মেম'ৰিয়েল হাইস্কুলত পট্টাদাৰৰ লগত জিলা প্ৰশাসনৰ এক আলোচনা সভা অনুষ্ঠিত হয় ।
ধুবুৰী জিলাৰ গৌৰীপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত অতি ঘন বসতিপূৰ্ণ অঞ্চল আলমগঞ্জ প্ৰথম খণ্ড, দ্বিতীয় খণ্ড, চতুৰ্থ খণ্ড, পঞ্চম খণ্ড, ষষ্ঠ খণ্ড, সপ্তম খণ্ড, নৱম খণ্ড আৰু বাঘমাৰা আদি গাঁৱৰ ভূমিত এডভাণ্টেজ আসাম 2.0 ৰ অধীনত প্ৰকল্প নিৰ্মাণ কৰাৰ বাবে চৰকাৰে প্ৰস্ততি ইতিমধ্যে সম্পন্ন কৰি তুলিছে । প্ৰায় চাৰি হেজাৰ বিঘা ভূমি অধিগ্ৰহণ কৰাৰ বাবে পট্টাদাৰসকলৰ লগত এফ এ মেম'ৰিয়েল হাইস্কুলত ধুবুৰী জিলা আয়ুক্ত, অতিৰিক্ত আয়ুক্ত আৰু গৌৰীপুৰ ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত হয় এখন সভা ।
উক্ত সভাত একাংশ পট্টাদাৰে নিজৰ পট্টাৰ মাটি এৰি নিদিয়াৰ কথা উল্লেখ কৰে । চৰকাৰী ভূমিত যুগ যুগ ধৰি বসবাস কৰা হেজাৰ হেজাৰ পৰিয়াল সম্ভাব্য উচ্ছেদৰ ভয়ত আতংকিত হৈ পৰিছে । এই সন্দৰ্ভত এগৰাকী পট্টাদাৰে চৰকাৰক তীব্ৰ সমালোচনা কৰি কোনো কাৰণতে মাটি এৰি দিয়া নহ'ব বুলি উল্লেখ কৰে ।
পট্টাদাৰগৰাকীয়ে কয়, "সংখ্যালঘু অধ্যুষিত এখন অতি ঘন বসতিপূৰ্ণ অঞ্চল উচ্ছেদৰ বাবে চৰকাৰে পূৰ্ণ প্ৰস্তুতি গ্ৰহণ কৰিছে আৰু যদি এইখন উচ্ছেদ হয় তেন্তে অসমৰ ভিতৰত সৰ্ববৃহৎ উচ্ছেদ অভিযান বুলি চিহ্নিত হ'ব । ইতিমধ্যে বিভিন্ন স্থানত উচ্ছেদ অভিযান সম্পূৰ্ণ কৰিছে য'ত চৰকাৰে কৈছে এয়া চৰকাৰী ভূমি । কিন্তু এইবাৰ আলমগঞ্জৰ যিকেইখন গাঁও উচ্ছেদ কৰিব বিচাৰিছে তাত বসবাস কৰা প্ৰায়সংখ্যক পৰিয়ালৰ মাজত ভূমিৰ পট্টা আছে ।"
তেওঁ কয়, "সেয়ে কোনো লোকেই নিজৰ মাটি এৰি নিদিয়ে । আমি মৰিবলৈও সাজু আছোঁ কিন্তু আমাৰ মাটি এক ইঞ্চিও এৰি নিদিও । চৰকাৰে এই উচ্ছেদক লৈ বিবেচনা কৰক । উচ্ছেদৰ জাননীয়ে আমাক আতংকিত কৰিছে ।"

