ETV Bharat / state

বিদায়ী বৰ্ষত উত্তৰ-পূবৰ লেখকৰ চৰ্চিত কেইখনমান ইংৰাজী গ্ৰন্থ

বিগত চাৰিটা দশক ধৰি উগ্ৰপন্থী সমস্যাৰে জৰ্জৰিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ পৰা শেহতীয়াকৈ সৃষ্টি হৈছে ইংৰাজী সাহিত্য চৰ্চাৰ এক নতুন ধাৰাৰ ।

English literature
ইংৰাজী গ্ৰন্থ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 26, 2024 at 7:26 PM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ: চাওঁতে চাওঁতে মেলানি মাগিলে ২০২৪ বৰ্ষই । বহুতো ঘটনা-পৰিঘটনাৰ সাক্ষী হৈ ৰ’ল বিদায়ী বৰ্ষটো । বিভিন্নজনে কলা-সংস্কৃতিৰ পৰা সাহিত্য জগতলৈ অনন্য অৱদান আগবঢ়ালে এই বর্ষটোত । সততে উপলব্ধ নোহোৱা ইংৰাজী সাহিত্যই একপ্ৰকাৰ চমক সৃষ্টি কৰিলে বৰ্ষটোত ।

বিগত চাৰিটা দশক ধৰি উগ্ৰপন্থী সমস্যাৰে জৰ্জৰিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ পৰা শেহতীয়াকৈ সৃষ্টি হৈছে ইংৰাজী সাহিত্য চৰ্চাৰ এক নতুন ধাৰাৰ । বিগত সময়ছোৱাত উগ্ৰপন্থী সমস্যাৰ সৈতে জড়িত হৈ থকা ৰাজ্যকেইখনৰ সাহিত্যিকসকলে নিজৰ নিজৰ ভাষাত লিখা বা সাহিত্য চৰ্চা কৰাৰ উপৰিও ইংৰাজী ভাষাত লিখা বহুতো নতুন লেখকৰ সৃষ্টি হৈছে । ফলস্বৰূপে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লেখক-সাহিত্যিকসকলে ৰাজ্যৰ বিভিন্ন ঘটনা-পৰিঘটনা সমগ্ৰ দেশৰ লোকে জানিব পৰাকৈ ইংৰাজী ভাষাত ৰচিত লেখাৰে সকলোকে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে ।

English literature
তেজপুৰ সাহিত্য উৎসৱ (ETV Bharat Assam)

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কেইবাগৰাকীও সাহিত্যিকে বিগত সময়ছোৱাত লাভ কৰিলে সাহিত্য বঁটা ৷ তাৰ লগতে চলিত বৰ্ষত নাগালেণ্ডৰ এষ্টেৰিন কিৰে তেওঁৰ স্পিৰিট নাইটছ (Spirit Nights) নামৰ গ্ৰন্থৰ বাবে লাভ কৰিছে সাহিত্য অকাডেমি বঁটা । মণিপুৰৰ এগৰাকী বিশিষ্ট সাহিত্যিক, বিশিষ্ট কবি, সুলেখক ৰবীন নাংগমে লাভ কৰিলে সাহিত্যিক বঁটা ।

English literature
ধ্ৰুৱ হাজৰিকা (ETV Bharat Assam)

তেজপুৰ সাহিত্য উৎসৱ ২০২৪ ত অংশগ্ৰহণ কৰা অসমৰ ইংৰাজী সাহিত্যৰ বিশিষ্ট লেখক, গ্ৰন্থকাৰ তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ধ্ৰুৱ হাজৰিকাই ই টিভি ভাৰতৰ লগত হোৱা কথোপকথনত কয়, "উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত যোৱা এটা দশকৰ ভিতৰত ইংৰাজী ভাষাত লিখা লেখক আৰু কবিসকলে নিজৰ প্ৰচেষ্টাৰে অধিক আত্মবিশ্বাসী হৈ পৰিছে ।"

English literature
ৰবীন নাংগম (ETV Bharat Assam)

তেওঁ কয় যে বিগত বৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ পৰা নতুন সাহিত্যিকৰ দ্বাৰা ৰচিত গ্ৰন্থ প্ৰকাশ পাইছে আৰু সাহিত্য অকাডেমি লাভ কৰিছে । সাহিত্য উৎসৱত তেওঁৰ নতুন গ্ৰন্থ দ্যা শ্বুট ষ্ট'ৰী প্ৰকাশ পাইছে । মণিপুৰৰ লেখক ৰবীন নাংগমে সাহিত্য বঁটা লাভ কৰিছে । সেইদৰে উত্তৰ-পূৰ্বাঞ্চলৰ লেখকসকল হৈছে অনজুম হাচান, কয়নফাম সিং, মামং ডাই, জেনীক পেৰিত, অনুবাদ সাহিত্যৰ ভিতৰত অসমৰ ৰঞ্জিতা বিশ্বাসে বিশিষ্ট লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ মূল 'ৰং' উপন্যাসৰ ছাইমন এণ্ড শ্বুষ্টাৰে প্ৰকাশ কৰা ইংৰাজী সংস্কৰণ 'বীনিথ দ্যা শিমলু ট্ৰী' ইংৰাজীলৈ অনুবাদ কৰিছে ।

English literature
ৰবী সিং (ETV Bharat Assam)

ইংৰাজী সাহিত্যৰ মণিপুৰৰ এগৰাকী কবি-সাহিত্যিক ৰবীন নাংগমে কয়, ‘‘বছৰটো উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ ইংৰাজী সাহিত্যৰ বাবে এক উৎকৃষ্ট সময় আৰু অনাগত দিনত আমি বহুতো লেখক লাভ কৰিম ।’’

আনহাতে দেশৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী স্পীকিং টাইগাৰ বুকছৰ মুখ্য সম্পাদক ৰবি সিঙে কয়, ‘‘এতিয়া সকলো প্ৰকাশন গোষ্ঠীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা নতুন ধাৰাৰ সৃষ্টি কৰা লেখকৰ গ্ৰন্থ প্ৰকাশ কৰিবলৈ অপেক্ষা কৰি থাকে । অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ পৰা বহুতো যুৱ প্ৰজন্মৰ লেখকৰ সৃষ্টি হৈছে আৰু সকলোৱে ইতিবাচক দিশ সামৰি লৈছে গ্ৰন্থ ৰচনা কৰাৰ বাবে । শেহতীয়াকৈ উদ্দীপনা গোস্বামীৰ গ্ৰন্থ ‘‘দ্য ওমেন উড্ নট বি ডাই’’ শীৰ্ষক গ্ৰন্থখনো প্ৰকাশ পাইছে ।

লগতে পঢ়ক: ‘বাইবেল’ অসমীয়া ভাষালৈ অনুবাদত অৰিহণা যোগোৱা অসমীয়াজনক আপুনি জানেনে ?