ETV Bharat / state

হোজাইত নিশা এনকাউন্টাৰৰ ঘটনা, গুলীবিদ্ধ ইৰাণী গ্ৰুপৰ সদস্য

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 12:05 PM IST

Encounter incident in Hojai : নিশা এনকাউন্টাৰৰ ঘটনা ৷ আৰক্ষীৰ গুলীত আহত ইৰাণী গ্ৰুপৰ সদস্য ৷ আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰিছিল চোৰটোৱে ৷

encounter incident in hojai
হোজাইত নিশা এনকাউন্টাৰৰ ঘটনা

হোজাই, 31 জানুৱাৰী : মঙলবাৰে নিশা হোজাইত এনকাউন্টাৰ ঘটনা ৷ ডবকাৰ শালবাগানত সংঘটিত হয় এই এনকাউন্টাৰৰ ঘটনা ৷ ফলত আহত হৈছে এজন ইৰাণী গ্ৰুপৰ এটা সদস্য ৷ ঘটনা অনুসৰি, মঙলবাৰে বিয়লি হোজাই জিলাৰ নিলবাগানৰ আলাল উদ্দিন নামৰ যুৱকজনে বেংকৰ পৰা 4.5 লাখ টকা লৈ ঘৰলৈ গৈ আছিল ৷ তেনে সময়তে যুৱকজনৰ পৰা চিলনী চোৰে থাপ মাৰি লৈ যায় টকাৰ বেগটো ৷ পৰৱৰ্তী সময়ত ৰাইজে খেদি খেদি কৰায়ত্ত কৰে চোৰটোক ৷

ৰাইজে কৰায়ত্ত কৰি পৰৱৰ্তী সময়ত চোৰটোক ডবকা আৰক্ষীক গতাই দিয়ে ৷ কিন্তু অধিক তথ্যৰ বাবে নিশা ডবকা আৰক্ষীয়ে চোৰটোক ডবকা শালবাগানলৈ লৈ গৈছিল ৷ সেই সময়তে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰে চোৰটোৱে ৷ সেয়ে আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে গুলী চলোৱাত চোৰটোৰ ভৰিত গুলী লাগে ৷ আহত চোৰটোক নিশাই হোজাইৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

চোৰটো ওড়িশাৰ অচকা জিলাৰ পাকলা পুলিৰ বাসিন্দা নাগালো ননি বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷ আনহাতে আহত নানিয়ে সমগ্ৰ অভিযোগ নস্যাৎ কৰি, নিজকে ইৰাণী গ্ৰুপৰ সদস্য বা চোৰ নহয় বুলি দাবী কৰে ৷ ‘‘আমি কাপোৰ বিক্ৰী কৰিবলৈ আহিছিলো ৷ সমগ্ৰ চুৰি কাণ্ডত জড়িত মূল অভিযুক্ত ইতিমধ্যে পলাতক ৷ মই তাত আছিলোহে ৷ চুৰি কৰা নাছিলো ’’ বুলি মন্তব্য কৰে নানিয়ে ৷

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি হোজাইৰ বিভিন্ন অঞ্চলত ইৰানী গ্ৰুপৰ সদস্যই সন্ত্ৰাস সৃষ্টি কৰিছিল ৷ ৰাইজে বাৰে বাৰে আৰক্ষীক অৱগত কৰাৰ পাচতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছিল ৷

লগতে পঢ়ক :আমগুৰিত পৱিত্ৰ মে-ডাম-মে-ফি পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.