ETV Bharat / state

ৰে'লপথৰ বৈদ্যুতিকৰণ; গিবনৰ জীৱকুলৰ প্ৰতি ভাবুকি !

ৰে'ল বিভাগে সংযোগ কৰা বৈদ্যুতিক তাঁৰত ওলমি ফুৰিছে দুষ্প্ৰাপ্য বান্দৰে । বিদ্যুৎ সংযোগে বিপদ মাতিব নেকি জীৱকুলৰ ?

Gibbon Wildlife Sanctuary
ৰে'লপথৰ বৈদ্যুতিকৰণ;গিবনৰ জীৱকুলৰ প্ৰতি ভাবুকি ! (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 19, 2025 at 7:13 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট : এছিয়া তথা দেশৰ ভিতৰতে মৰিয়নীৰ গিবন অভয়াৰণ্য হৈছে এক অনন্য য'ত দুষ্প্ৰাপ্য গিবনৰ লগতে পৃথিৱীৰ ৭ বিৰল প্ৰজাতিৰ বান্দৰ পোৱা যায় । কিন্তু এই বৈচিত্ৰ্যময় আৰু অনন্য গিবন অভয়াৰণ্যৰ জীৱকুললৈ নামি আহিছে অশনি সংকেত । কাৰণ গিবনৰ মাজেৰে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেয়ে বৈদ্যুতিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু সংযোগ কৰিছে বৈদ্যুতিক তাঁৰ । যাৰ ফলত প্ৰকৃতিপ্ৰেমীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । তাৰ মাজতে ইটিভি ভাৰতৰ কেমেৰাত আৱদ্ধ হৈছে এক শিহৰণকাৰী দৃশ্য ।

ৰে'ল বিভাগৰ বৈদ্যুতিক তাঁৰত খেলিছে দুষ্প্ৰাপ্য বান্দৰে

উল্লেখ্য যে গিবন অভয়াৰণ্যৰ মাজেদি যোৱা ৰে'লপথটোত বিভিন্ন সময়ত ৰে'লৰ খুন্দাত হাতীকে ধৰি বিভিন্ন জীৱ-জন্তু মৃত্যুমুখত পৰি আহিছে । কিন্তু নতুনকৈ বৈদ্যুতিককৰণৰ বাবে ২৫ হাজাৰ ভল্টৰ উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক তাঁৰ লগোৱা হৈছে । এনে পৰিস্থিতিত দুষ্প্ৰাপ্য বান্দৰবোৰে আহাৰৰ সন্ধানত বৈদ্যুতিক তাঁৰৰ সহায়ত ৰে'লপথ অতিক্ৰম কৰা দেখা গৈছে । বৰ্তমান তাঁৰকেইডালত বিদ্যুৎ সংযোগ দিয়া হোৱা নাই, কিন্তু কম দিনৰ ভিতৰতে বিদ্যুৎ সংযোগ দিয়া হ'ব ।

ৰে'লপথৰ বৈদ্যুতিকৰণ;গিবনৰ জীৱকুলৰ প্ৰতি ভাবুকি ! (ETV Bharat)

গিবনৰ প্ৰতি ভাবুকি

গিবন অভয়াৰণ্যৰ মাজেদি যোৱা ৰে'লপথত যদি ২৫০০০ ভল্টৰ বৈদ্যুতিক তাঁৰৰ জৰিয়তে ৰে'ল চলাচল কৰোৱা হয়, তেতিয়া দুষ্প্ৰাপ্য বান্দৰকে ধৰি বাকী বান্দৰসমূহৰ লগতে জীৱকুললৈ বিপদ অহাটো আসন্ন হৈ পৰিছে । এনে পৰিস্থিতিত গিবনত প্ৰতিদিনে অবুজ প্ৰাণীসমূহৰ মৃত্যুৰ কিৰিলি শুনিবলৈ পোৱাটো এক প্ৰকাৰ নিশ্চিত । লক্ষণীয়ভাৱে গিবনৰ মাজেৰে যোৱা উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ পথে গিবন অভয়াৰণ্যক দুটা ভাগত বিভক্ত কৰিছে ফলত এটা অংশৰ পৰা আন এটা অংশলৈ বন্যপ্ৰাণীসমূহৰ সঘন আহ যাহ দেখা যায় ।

লগতে পঢ়ক :মনোমোহা গিবন এতিয়া ৰে'ল বিভাগৰ ডাষ্টবিন হোৱাৰ পথত - GIBBON WILDLIFE SANCTUARY