যোৰহাট: প্ৰকৃতিৰ অনুপম সৃষ্টি হৈছে মৰিয়নী হোলোঙাপাৰৰ গিবন অভয়াৰণ্য । গিবন অভয়াৰণ্য দেশী-বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু । কাৰণ পৃথিৱীৰ ভিতৰতেই বিলুপ্তপ্ৰায় মানুহৰ দৰে বাস কৰা গিবনৰ লগতে সাতটা প্ৰজাতিৰ বান্দৰ পোৱা যায় এই গিবন অভয়াৰণ্যত । দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু গিবনে সম্প্ৰতি সন্মুখীন হৈ আহিছে বিভিন্ন সমস্যাৰ ।
এইবাৰ গিবন অভয়াৰণ্যৰ বাবে আন এক সমস্যা আহিছে । এই সমস্যা সৃষ্টি হৈছে অভয়াৰণ্যখনৰ মাজেৰে যোৱা ৰে'ল লাইনটোৰ বাবে । গিবন অভয়াৰণ্য পৰিণত হৈছে ৰে'লৰ পেলনীয়া সামগ্ৰী পেলোৱা ডাষ্টবিনলৈ । ৰে'ল বিভাগত কৰ্মৰত একাংশ অসচেতন কৰ্মচাৰীয়ে এই কাৰ্য সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে । ৰে'লৰ ভিতৰত গ্ৰাহকে খোৱা বিভিন্ন সা-সামগ্ৰী ৰে'ল বিভাগৰ একাংশ কৰ্মচাৰীয়ে গিবন অভয়াৰণ্যৰ মাজত পেলাই সৃষ্টি কৰিছে এক কদৰ্যময় পৰিৱেশৰ ।
গিবন অভয়াৰণ্যৰ জীৱকুলৰ বাবে নতুন বিপদ কোনে কঢ়িয়াই আনিছে:
গিবনৰ জীৱ-জন্তুৰ সৈতে নিবিড় সম্পৰ্ক থকা এজন প্ৰকৃতিপ্ৰেমীয়ে কয়, "এখন সুন্দৰ, মৰম লগা সৰু অভয়াৰণ্য হ'ল গিবন । যিখন অভয়াৰণ্যত এছিয়াৰ ভিতৰত সাতটা প্ৰজাতিৰ বান্দৰ পোৱা যায় । বৰ্তমান ৰে'ল বিভাগৰ একাংশ কৰ্মচাৰীৰ দায়িত্বহীনতাৰ বাবে গিবন অভয়াৰণ্যখন ধ্বংসৰ পথলৈ আগবাঢ়ি গৈছে । উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ ডেৰ কিলোমিটাৰ পথ গিবনৰ মাজেৰে গৈছে, সেই পথে গিবনক দুটা ভাগত বিভক্ত কৰিছে ।

তেওঁ লগতে কয়, "এনেধৰণৰ বিভিন্ন সমস্যাৰ মাজত থকা গিবন অভায়ৰণ্যক আৰু এটা নতুন সমস্যা দিছে ৰে'ল বিভাগৰ একাংশ কৰ্মচাৰীয়ে । এই নতুন সমস্যা হৈছে গিবনক ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰা । এনেদৰে ৰে'ল বিভাগৰ একাংশ কৰ্মচাৰীয়ে পেলনীয়া সামগ্ৰীৰ ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰাৰ ফলত উক্ত সামগ্ৰীসমূহ বিভিন্ন জীৱ-জন্তুৱে খাবলৈ আহি ৰে'লৰ আগত পৰি মৃত্যুমুখত পৰিছে । সেয়েহে ৰে'ল বিভাগক অনুৰোধ জনাইছো গিবনত পেলোৱা সামগ্ৰীসমূহ আপোনালোকে ছাফা কৰি লৈ যাওক আৰু গিবনক ডাষ্টবিন হিচাপে ব্যৱহাৰ নকৰিব ।"

আনহাতে গিবনৰ এজন বন বিভাগৰ কৰ্মচাৰীয়ে জানিবলৈ দিয়া মতে গিবন অভায়ৰণ্যত ৰে'ল বিভাগৰ একাংশ কৰ্মচাৰীয়ে জাৱৰ পেলাই গিবনৰ জৈৱ বৈচিত্ৰl আঘাত হনাৰ বিষয়ে ৰে'ল বিভাগক পত্ৰযোগে অৱগত কৰা হৈছে । উল্লেখ্য যে জৈৱ বৈচিত্ৰৰে ভৰপূৰ গিবন অভায়ৰণ্যত নিশাচৰ প্ৰাইমেট লাজুকী বান্দৰ, সেন্দুৰীয়া বান্দৰ, বনগাহৰি, চাৰি প্ৰকাৰৰ কেৰ্কেটুৱা, হাতী, বাঘ, নাহৰফুটুকীৰ লগতে আন কেবাপ্ৰকাৰৰো স্তন্যপায়ী জন্তুৰ উপৰিও ২১৯ প্ৰকাৰৰ চৰাই আৰু সাপ পোৱা যায় ।