ETV Bharat / state

প্ৰেমিকৰ কি কথাই আত্মহত্যা কৰিবলৈ উচটনি দিছিল ডাঃ সুজিতাক ? - Girl committed suicide

author img

By ETV Bharat Assamese Team

Published : May 12, 2024, 1:01 PM IST

Updated : May 12, 2024, 2:09 PM IST

Girl commits suicide in Guwahati : প্ৰেমৰ ভয়ংকৰ পৰিণতি ৷ প্ৰেমিকৰ মানসিক হাৰাশাস্তি সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ দৰে চৰম পথ বাচি ল’লে এগৰাকী চিকিৎসকে ৷ প্ৰেমিকৰ কি কথাই উচটনি দিছিল ডাঃ সুজিতাক ?

Girl committed suicide
প্ৰেমিকৰ কি কথাই আত্মহত্যা কৰিবলৈ উচটনি দিছিল ডাঃ সুজিতাক ? (ETV BHARAT ASSAM)

গুৱাহাটী, 12 মে’: প্ৰেম কৰোতে সাৱধান হওক ৷ প্ৰেমে নিমিষতে শেষ কৰিব পাৰে এটা জীৱন ৷ প্ৰেমজনিত কাৰণত গুৱাহাটী মহানগৰীৰ লখৰাত এগৰাকী চিকিৎসকে আত্মহননৰ পথ বাচি লোৱাৰ ঘটনা সংঘটিত হৈছে ৷ এই আত্মহত্যাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । লখৰাৰ পিঠাগুৰিৰ গৃহ নং 10 ত চিপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হয় চিকিৎসক সুজিতা কাশ্যপৰ ৷

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে । জানিব পৰা মতে, ডাঃ সুজিতা কাশ্যপ গুৱাহাটীৰ ৰহমান নাৰ্ছিং প্রতিষ্ঠানৰ সহকাৰী অধ্যাপিকা আছিল ৷ যুৱতীগৰাকীয়ে লখৰাৰ পিঠাগুড়িত দীর্ঘদিনৰ পৰা ভাৰাতীয়া হিচাপে আছিল । শনিবাৰে পুৱাই তেওঁৰ চিপ লোৱা মৃতদেহ উদ্ধাৰ কৰাৰ পিচতে বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

ইফালে মৃত চিকিৎসকগৰাকীৰ মাতৃয়ে অভিযোগ কৰি কয় যে সুজিতা কাশ্যপৰ বহিঃৰাজ্যৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল । বহিঃৰাজ্যৰ যুৱকজনে বহু সময়ত সুজিতা কাশ্যপক মানসিক নির্যাতন চলাইছিল ৷ এনে কাৰণতে মানসিকভাৱে ভাগি পৰা যুৱতীগৰাকীয়ে এনে চৰম পন্থা অৱলম্বন কৰিবলৈ বাধ্য হোৱা বুলি অভিযোগত কৰে মাতৃয়ে ৷

মাতৃয়ে লগতে কয় যে যুৱতীগৰাকীয়ে পঢ়াৰ সূত্ৰে অন্ধ্ৰ প্ৰদেশত ছয়বছৰ ধৰি আছিল ৷ যুৱতীগৰাকীৰ অসমত চাকৰি হোৱাৰ লগে লগে তেওঁ অসমলৈ ঘূৰি আহে ৷ অসমলৈ অহাৰ প্ৰায় ছয়মাহৰ পূৰ্বে যুৱতীগৰাকীয়ে অন্ধ্ৰপ্ৰদেশৰ এজন যুৱকৰ সৈতে চিনাকি হৈছিল, তাৰ পিচতে এই সম্পৰ্ক প্ৰেমলৈ পৰিৱৰ্তিত হৈছিল ৷

যুৱতীগৰাকীয়ে ঘৰত তেওঁলোকৰ সম্পৰ্কৰ কথা জনাইছিল ৷ ঘৰৰ লোকে মান্তি হোৱা নাছিল যদিও পৰ্যায়ক্ৰমে তেওঁলোকৰ সম্পৰ্কটো পৰ্যবেক্ষণ কৰি আছিল ৷ কিন্তু শেহতীয়াকৈ সুজিতা ঘৰলৈ আহোতে মাতৃৰ আগত প্ৰেমিকে তেওঁক মানসিকভাৱে হাৰাশাস্তি কৰাৰ কথা অৱগত কৰিছিল ৷ মাতৃৰ আগত সুজিতাই কোৱা অনুসৰি তেওঁক প্ৰেমিকে এনে কিছু কথা কৈছিল যিসমূহৰ কথা শুনাৰ পিচত সুজিতাই মানসিক সন্তুলন হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছিল ৷

ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে বহিঃৰাজ্যৰ যুৱকজনৰ বিৰুদ্ধে ডাঃ সুজিতা কাশ্যপক মানসিক নির্যাতন চলোৱাৰ অভিযোগত এজাহাৰ দাখিল কৰা বুলিও জানিব পৰা গৈছে । এজাহাৰৰ ভিত্তিত বশিষ্ঠ আৰক্ষীয়ে ডাঃ সুজিতা কাশ্যপৰ আত্মহত্যাৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : আনৰ বাবে জাল পাতি নিজেই জালত পৰিল 3 গৰাকী সাংবাদিক - journalist charged with extortion

Last Updated : May 12, 2024, 2:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.