কিমানটা অতি স্পৰ্শকাতৰ ভোটকেন্দ্ৰ আছে নগাঁৱত জানেনে ? - Lok Sabha Election 2024
Lok Sabha Election in Nagaon: লোকসভা নিৰ্বাচনৰ বাবে নগাঁও জিলা প্ৰশাসনৰ তৎপৰতা । লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত নগাঁৱতো সক্ৰিয় ফ্লায়িং স্কোৱাডৰ দল । কিন্তু আপুনি জানেনে নগাঁও, মৰিগাঁও জিলাৰ ৮ টা বিধানসভা সমষ্টিৰে গঠিত নগাঁও লোকসভাৰ সমষ্টিত কিমানটা ফ্লায়িং স্কোৱাডৰ দল আছে ? মুঠ কিমান ভোটাৰ আছে নগাঁও লোকসভা সমষ্টিত ? কেৱল মহিলাৰ দ্বাৰা কেইটা ভোটকেন্দ্ৰ পৰিচালিত হ'ব ? আপুনি জানিবলগীয়া বহু গুৰুত্বপূৰ্ণ তথ্য জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Published : April 9, 2024 at 10:29 PM IST
নগাঁও,৯ এপ্ৰিল: দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচন । নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনৰ অনুষ্ঠিত কৰাৰ বাবে তৎপৰ হৈ পৰিছে নগাঁও জিলা প্ৰশাসন । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত নতুনকৈ গঠিত ৯ নং নগাঁও লোকসভা সমষ্টি অন্তৰ্ভুক্ত হৈছে পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিৰ চামগুৰি, ধিং, ৰূপহীহাটৰ লগতে বটদ্ৰৱা বিধানসভা সমষ্টিৰ অংশ ।
- " class="align-text-top noRightClick twitterSection" data="">
পূৰ্বৰ ৯ টা বিধানসভা সমষ্টিৰ বিপৰীতে বৰ্তমান ৮ টা বিধানসভা সমষ্টিৰে গঠিত হৈছে নগাঁও লোকসভা সমষ্টি । নগাঁও লোকসভা সমষ্টিৰ নগাঁও, মৰিগাঁও জিলাৰ মুঠ ৮ টা বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৮ লাখ ১৭ হাজাৰ ২০৪ টা । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৯ লাখ ১৪ হাজাৰ ৪৭৯ টা আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ৯ লাখ ২ হাজাৰ ৬৫৩ টা ।
নগাঁও লোকসভা সমষ্টিৰ ভোট গণনাৰ বাবে নগাঁৱত দুটাকৈ ভোট গণনা কেন্দ্ৰ স্থাপন কৰা হৈছে । নগাঁও ডছন হাইস্কুল আৰু চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোট গণনাৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে । নগাঁৱত ১৮ লাখ ১৭ হাজাৰ ২০৪ টা ভোটাৰৰ বাবে ২,০৮৩ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে । ইয়াৰে ৩৩৮ টা ভোটকেন্দ্ৰ স্পৰ্শকাতৰ ভোটকেন্দ্ৰ হিচাপে চিহ্নিত কৰাৰ লগতে ২১ টা ভোটকেন্দ্ৰ অতি স্পৰ্শকাতৰ ভোটকেন্দ্ৰ হিচাপে চিহ্নিত কৰা হৈছে ।
অতি স্পৰ্শকাতৰ ভোটকেন্দ্ৰত অতিৰিক্ত নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা কৰাৰ উপৰিও লাইভ ভিডিঅ'গ্ৰাফীৰ ব্যৱস্থাও কৰা হ'ব । ইপিনে নিৰ্বাচনত ৰাজনৈতিক নেতাই যাতে ভোটাৰক ধনৰ প্ৰলোভন দিব নোৱাৰে তাৰ বাবেও নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে নগাঁৱতো সক্ৰিয় হৈ আছে ফ্লায়িং স্কোৱাডৰ দল । নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে মুঠ ৩০ টা ফ্লায়িং স্কোৱাডৰ দল নিয়োগ কৰা হৈছে । ফ্লায়িং স্কোৱাডৰ দলে নগাঁও লোকসভা সমষ্টিৰ পৰা এই পৰ্য্যন্ত ৬ লাখ ১১ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হৈছে ।
ইপিনে, নগাঁও লোকসভা সমষ্টিৰ মুঠ মুঠ ভোটকেন্দ্ৰৰ ৪২ টা ভোট কেন্দ্ৰই পৰিচালিত হ'ব কেৱল মহিলাৰ দ্বাৰা । মঙলবাৰে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আটাইকেইগৰাকী প্ৰাৰ্থীৰ প্ৰতিনিধিৰ উপস্থিতিত সংবাদ মাধ্যমক এই তথ্য সদৰী কৰে জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে । লগতে লোকসভা নিৰ্বাচনৰ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে মাত্ৰ ৯৫ লাখ টকাহে খৰচ কৰিব পাৰিব বুলিও জিলা আয়ুক্তগৰাকীয়ে সদৰী কৰে ।
জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা সভাত জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ লগতে নগাঁও লোকসভা সমষ্টিৰ পৰ্যবেক্ষক আই এ এছ বিষয়া এইচ বাছাৱাৰাজেন্দ্ৰ, আৰক্ষী পৰ্যবেক্ষক আই পি এছ বিষয়া গোপীনাথ জাত্তি, ব্যয় পৰ্যবেক্ষক আই আৰ এছ বিষয়া পাছিয়াপ্পান পি, ৰিটাৰ্ণিং বিষয়া অনন্ত গগৈ, জিলা নিৰ্বাচনী বিষয়া এম পি নাথ, জনসংযোগ বিষয়া মন্দিৰা চায়েঙিয়াসহ জিলা প্ৰশাসনৰ বহু বিষয়া উপস্থিত থাকে ।
লগতে পঢ়ক: ভোটদানৰ বাবে কি পৰিচয়-পত্ৰ আপুনি লগত নিব লাগিব ? - Lok Sabha Election 2024

