ভোটদানৰ বাবে কি পৰিচয়-পত্ৰ আপুনি লগত নিব লাগিব ? - Lok Sabha Election 2024
Lok Sabha Election 2024: তুংগত উঠিছে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান । সমানে সুকলমে ভোটগ্ৰহণ কৰিবলৈ সাজু হৈছে দেশৰ নিৰ্বাচন আয়োগ । পিছে ভোটদান কৰিবলৈ যাওতে লগত পৰিচয়-পত্ৰ হিচাপে কি নিব ? জানো আহক এই প্ৰতিবেদনৰ জৰিয়তে ।

Published : April 9, 2024 at 5:41 PM IST
গুৱাহাটী,৯ এপ্ৰিল: অসমত সমষ্টি পুনৰ্নিদ্ধাৰণৰ পিচত কেবাটাও লোকসভা আৰু বিধানসভাৰ নাম সলনি হৈছে । বহু সমষ্টিৰ ভৌগলিক এলেকা পৰ্যন্ত সলনি হৈছে । যাৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰসমূহো পূৰ্বৰ দৰে নাই । এনে পৰিপ্ৰেক্ষিতত নিৰ্বাচনত ভোটদান কৰিবলগীয়া ভোটাৰসকলৰ মাজত কিছু বিভ্ৰান্তিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । এই ক্ষেত্ৰত দেশৰ নিৰ্বাচন আয়োগ তথা ৰাজ্যিক মুখ্য নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ে ভোটাৰসকল বিভ্ৰান্ত নোহোৱাৰ বাবে কেতবোৰ নিৰ্দেশনা আৰু ব্যৱস্থা গ্ৰহণ কৰিছে ।
মুখ্য নির্বাচন বিষয়া অনুৰাগ গোৱেলে এই সন্দৰ্ভত জনায় যে সমষ্টিৰ নাম সলনি হ'লেও নিৰ্বাচনত ভোট দিবলৈ যাওঁতে ভোটাৰ কাৰ্ডক পৰিচয়-পত্ৰ হিচাপে ব্যৱহাৰ কৰিব পৰা হ'ব । তেওঁ কয় যে সমষ্টি পুননিৰ্দ্ধাৰণৰ ফলত ৰাজ্যখনৰ বিধানসভা সমষ্টিবোৰৰ সীমা সলনি হৈছে আৰু এনে হোৱাৰ ফলত প্রায় ৭০ শতাংশ ভোটাৰৰ সমষ্টিৰ নাম সলনি হৈছে । ফলত সংশ্লিষ্ট ভোটাৰসকলৰ ভোটাৰ কাৰ্ডবোৰো সলনি কৰাৰ প্ৰয়োজন হৈছে ।
কিন্তু লোকসভা নির্বাচনৰ আগেয়ে নতুন ভোটাৰ কাৰ্ড জাৰি কৰা নহ'ল । গোৱেলে কয় যে ফটোযুক্ত এই ভোটাৰ কাৰ্ডবোৰক পৰিচয়-পত্ৰ হিচাপে ব্যৱহাৰ কৰিব পৰা যাব । অৱশ্যে, সংশ্লিষ্ট ভোটাৰজনে কোন সমষ্টিৰ কোনটো ভোটগ্রহণ কেন্দ্র ভোটদান কৰিব পাৰিব, সেইটো সদ্য প্রকাশিত ভোটাৰ তালিকাত প্ৰকাশ পোৱা অনুসৰিহে হ'ব ।
তেওঁ লগতে কয় যে সংশ্লিষ্ট সকলোকে শুদ্ধ ৰূপত ভোটাৰ কাৰ্ড প্রদান কৰাটো এটা বৃহৎ কচৰৎ হ'ব আৰু ২০২৫ চনৰ ভোটাৰ তালিকাৰ সংশোধনীৰ পাছতহে সেই কাম আৰম্ভ কৰাৰ সম্ভাৱনা আছে । ইপিনে, অহা ১৯ এপ্ৰিলত হ'বলগীয়া প্রথম পৰ্যায়ৰ ভোটগ্ৰহণৰ আগে আগে সকলো ভোটাৰকে ভোটাৰ শ্লিপ দিয়া কচৰৎ আৰম্ভ কৰা হ'ব । নিৰ্বাচন বিষয়াৰ এটা সূত্ৰই প্ৰকাশ কৰা অনুসৰি, সংশ্লিষ্ট বি এল অ'সকলে ভোটাৰৰ ঘৰে ঘৰে গৈ এই শ্লিপ দি আহিব ।
প্ৰতিখন শ্লিপৰে এপিঠিত ভোটাৰৰ সবিশেষ তথ্য, ভোটগ্ৰহণৰ দিন আৰু সময় আৰু ভোটগ্রহণ কেন্দ্ৰৰ নাম আৰু এলেকাৰ সবিশেষ থাকিব । আনটো পৃষ্ঠাত ভোটগ্রহণ কেন্দ্ৰৰ 'লোকেশ্বন মেপ'ৰ এখনৰ ছবি থাকিব । অৱশ্যে, এই শ্লিপখন ভোটাৰৰ পৰিচয়-পত্ৰ হিচাপে গণ্য কৰা নহ'ব । তাৰবাবে ভোটাৰ কার্ড বা অন্য নিৰ্দ্ধাৰিত বিকল্প নথি ব্যবহাৰ কৰিব লাগিব ।
ইপিনে প্ৰতিজন ভোটাৰে কোনো বাধা নোহোৱাকৈ ভোটদান কৰাটো নিশ্চিত কৰাৰ বাবে কেতবোৰ নিদৰ্শনা জাৰি কৰিছে । নিৰ্বাচন আয়োগে ৰাজ্যিক নিৰ্বাচন বিষয়াসকলক ভোটাৰ কাৰ্ডত সৰু সৰু কাৰিকৰী ত্ৰুটি বা বানানৰ ভুলবোৰ উপেক্ষা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে । নিৰ্বাচন আয়োগে জাৰি কৰা শেহতীয়া নিৰ্দেশনা অনুসৰি, ভোটাৰ কাৰ্ড দেখুৱাব নোৱাৰা ভোটাৰসকলে কেইবাটাও বিকল্প ফটোযুক্ত পৰিচয়-পত্ৰৰ যিকোনো এটা ব্যৱহাৰ কৰি তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ।
বিকল্প ফটোযুক্ত পৰিচয় পত্ৰৰ ভিতৰত আছে আধাৰ কাৰ্ড, জৱকাৰ্ড, ফটো থকা বেংক বা ডাকঘৰৰ পাছবুক, শ্ৰম মন্ত্ৰালয়ৰ দ্বাৰা জাৰি কৰা স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পেন কাৰ্ড, ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়ন (এন. পি. আৰ.) ৰ অধীনত ভাৰতৰ পঞ্জীয়কৰ দ্বাৰা জাৰি কৰা স্মাৰ্ট কাৰ্ড আদি । তদুপৰি, নিৰ্বাচন আয়োগে স্পষ্ট কৰিছে যে ভাৰতীয় পাছপোৰ্ট, ফটোৰ সৈতে পেন্সনৰ নথিপত্ৰ, কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰ বা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহে জাৰি কৰা সেৱা পৰিচয় পত্ৰ আৰু সামাজিক ন্যায় মন্ত্ৰালয়ে জাৰি কৰা অনন্য অক্ষমতা পৰিচয় পত্ৰৰ দৰে কিছুমান নথি-পত্ৰও গ্ৰহণ কৰা হ'ব ।
লগতে পঢ়ক: অসমত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰক গতি দিবলৈ আহি আছে অমিত শ্বাহ - Lok Sabha Election 2024

