ETV Bharat / state

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা : বিধায়ক শিবু মিশ্ৰৰ যজ্ঞ

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 4:45 PM IST

লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰৰ যজ্ঞ অনুষ্ঠান ৷ ভাৰতীয় জনতা পাৰ্টিৰ হোজাই জিলা মণ্ডলৰ উদ্যোগত মা লংকেশ্বৰী মন্দিৰত মহা শান্তিৰ বাবে অনুষ্ঠিত কৰা হয় যজ্ঞ ৷

Ram Mandir Inauguration
বিধায়ক শিবু মিশ্ৰৰ যজ্ঞ অনুষ্ঠান
বিধায়ক শিবু মিশ্ৰৰ যজ্ঞ

হোজাই, 22 জানুৱাৰী : অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰৰ যজ্ঞ অনুষ্ঠান ৷ অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ হোজাই জিলা মণ্ডলৰ উদ্যোগত মা লংকেশ্বৰী মন্দিৰত মহা শান্তিৰ বাবে অনুষ্ঠিত কৰা হয় যজ্ঞ অনুষ্ঠান ৷ এই যজ্ঞ অনুষ্ঠানত অংশগ্ৰহণ কৰে লামডিং বিধানসভা সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই ৷

বিধায়কজনৰ লগতে এই অনুষ্ঠানত হোজাই জিলা বিজেপিৰ সভাপতি অনুপ দে’ সহ হোজাই বিজেপি টাউন মণ্ডলৰ সভাপতি পাপ্পু দে’, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকৰ্তা দীপক দে’ৰ লগতে বিজেপিৰ নেতা-কৰ্মী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷

ইফালে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি হোজাই জিলাৰ মঠ-মন্দিৰ সমূহৰ বিশাল আয়োজন ৷ লংকা ৰাম মন্দিৰত পুৱাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে বিভিন্ন ভক্তিমূলক কাৰ্যসূচী ৷ হনুমান চালিছা পাঠ, মহা যজ্ঞ, মহা প্ৰসাদ বিতৰণ আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে ৷

লগতে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যক্ৰম টিভি মাধ্যমেৰে দেখুওৱা হয় বুলি জানিবলৈ দিয়ে জিলা যুৱ মৰ্চাৰ সভাপতি বিনয় কলিতাই ৷ লংকাৰ ৰাম মন্দিৰৰ এই অনুষ্ঠানত জিলা আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাকে ধৰি বহু ভক্ত প্ৰাণ ৰাইজৰ সমাগম হোৱা পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে, অযোধ্যাত সোমবাৰে বহু প্ৰত্যাশিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয় ৷ ভগৱান ৰামৰ বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ দেশ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ উপস্থিতিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান সম্পন্ন কৰা হয় ।

লগতে পঢ়ক : চহৰে-নগৰে ডাঙৰ স্ক্রীনত ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠা দেখুওৱাৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.