ETV Bharat / state

১৫ ফেব্ৰুৱাৰীত অসমজুৰি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা চিপিআইএমৰ

CPIM protest: ৰাজপথ কঁপোৱাৰ হুংকাৰ চিপিআইএমৰ ৷ ১৫ ফেব্ৰুৱাৰীত ৰাজ্যজোৰা আন্দোলনৰ কাৰ্যসূচী ঘোষণা বাওঁ দলটোৰ ৷

CPIM protest
CPIM protest in Assam
author img

By ETV Bharat Assamese Team

Published : February 9, 2024 at 7:07 PM IST

2 Min Read
Choose ETV Bharat
১৫ ফেব্ৰুৱাৰীত অসমজুৰি প্ৰতিবাদ ঘোষণা চিপিআইএমৰ

বৰপেটা, ৯ ফেব্ৰুৱাৰী: বিজেপি চৰকাৰৰ শ্ৰমিক, কৃষক আৰু জনবিৰোধী কৰ্মকাণ্ডৰ বিৰুদ্ধে শুকুৰবাৰে বৰপেটাত CPIM এ অনুষ্ঠিত কৰে বিক্ষোভ সমাবেশ ৷ কৃষকৰ উৎপাদিত সামগ্ৰীৰ ন্যূনতম সমর্থন মূল্য আদায়, শ্রমিক বিৰোধী শ্রম সংহিতা বাতিল, শ্ৰমিকৰ ন্যূনতম মজুৰি মাহিলি ২৬ হাজাৰ টকা ধার্য কৰা, চাহ শ্রমিকৰ দৈনিক মজুৰি ৬৬১ টকা আদায় দিয়া আৰু মধ্যাহ্ন ভোজন কৰ্মচাৰী, আশা কর্মীৰ লগতে অংগনবাড়ী কর্মী-সহায়িকাসকলক মাননিৰ সলনি উপযুক্ত মজুৰি প্ৰদানৰ দাবীত CPIM এ অনুষ্ঠিত কৰে বিক্ষোভ সমাবেশ ৷

এই বিক্ষোভ সমাবেশত অংশ লৈ মনোৰঞ্জন তালুকদাৰে ২০২৪ৰ নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰ আহ্বান জনায় ৷ একেদৰে বান-খহনীয়া আৰু প্রাকৃতিক দুর্যোগত ক্ষতিগ্রস্ত কৃষকক পর্যাপ্ত ক্ষতিপূৰণ আদায় দিয়াৰো দাবী জনাই বিধায়কগৰাকীয়ে ৷ ইপিনে বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে অহা ১৬ ফেব্ৰুৱাৰীত সমগ্ৰ দেশ স্তব্ধ কৰি দিয়াৰ হুংকাৰ চিপিআইএমৰ ৷

ইপিনে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত অসমত ১৫ ফেব্ৰুৱাৰীত ৰাজ্যজোৰা আন্দোলনৰ কাৰ্যসূচী ঘোষণা চিপিআইএমৰ ৷ ৰাজ্যৰ কৃষক শ্ৰমিককে ধৰি সকলো বাওঁপন্থী দল-সংগঠন আৰু ট্ৰেড ইউনিয়নসমূহ ঐক্যৱদ্ধভাৱে ৰাজপথলৈ ওলাই আহিব বুলি তেওঁলোকে জানিবলৈ দিয়ে ৷ ৰাজ্যৰ অসন্তুষ্ট জনসাধাৰণক লগত লৈ নিৰ্বাচনত নামিব চিপিআই এম ৷ ৮২ লক্ষ জনসাধাৰণ ৰাজপথলৈ ওলাই আহিলে ৫২ লাখ সদস্য-সমৰ্থকৰ জৰিয়তে বিজেপিয়ে নিৰ্বাচনত জয়ী হ’ব নোৱাৰিব বুলিও হংকাৰ চিপিআইএমৰ ৷

উল্লেখ্য যে শুকুৰবাৰে ৰাজ্যৰ বহুকেটা স্থানত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বাওঁ দল-সংগঠনে ৷ তিনিচুকীয়াতো ট্ৰেড ইউনিয়নৰ লগতে বহুকেটা সংগঠনে প্ৰতিবাদী সমদল উলিয়াই চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷

লগতে পঢ়ক: শিৱসাগৰত নিৰ্বাচন খেলক মুখ্যমন্ত্ৰীয়ে, মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান অখিল গগৈৰ