ETV Bharat / state

আমাৰ জাতি-জনগোষ্ঠীক সুৰক্ষা প্ৰদান কৰিব সংবিধানে : প্ৰমোদ বড়ো

Govt notifies implementation of CAA : খিলঞ্জীয়া জনজাতি বা জনগোষ্ঠীয় লোকৰ ক্ষতি হোৱা কাম চৰকাৰে নকৰে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰমোদ বড়োৰ ৷ কা-ৰ বিধি বলৱৎ হোৱাৰ পাচতে এই প্ৰতিক্ৰিয়া আগবঢ়ায় বিটিচি প্ৰধানগৰাকীয়ে ৷ সংবেদনশীল কা সন্দৰ্ভত দলৰ মজিয়াত আলোচনা কৰা হ’ব বুলি কয় বড়োৱে ৷

Constitution will protect our nations and ethnic groups says BTC Chief Pramod Boro
আমাৰ জাতি-জনগোষ্ঠীক সুৰক্ষা প্ৰদান কৰিব সংবিধানে; বিটিচি প্ৰধান প্ৰমোদ বড়ো
author img

By ETV Bharat Assamese Team

Published : March 12, 2024 at 7:15 AM IST

2 Min Read
Choose ETV Bharat
আমাৰ জাতি-জনগোষ্ঠীক সুৰক্ষা প্ৰদান কৰিব সংবিধানে; বিটিচি প্ৰধান প্ৰমোদ বড়ো

কোকৰাঝাৰ, 12 মাৰ্চ: খিলঞ্জীয়া জনজাতি বা জনগোষ্ঠীয় লোকৰ ক্ষতি হোৱা কাম চৰকাৰে নকৰে বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰধান প্ৰমোদ বড়োয়ে ৷ কেন্দ্ৰীয় চৰকাৰে এক অধিসূচনাযোগে সমগ্ৰ দেশত কা-ৰ বিধি বলৱৎ কৰাৰ পিচত এই প্ৰতিক্ৰিয়া আগবঢ়াইছে বিটিচি প্ৰধানগৰাকীয়ে ৷

কোকৰাঝাৰত কা সন্দৰ্ভত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কয়, "খিলঞ্জীয়া বা জনজাতীয় লোকৰ ক্ষতি হোৱা কাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিব বুলি নাভাবো । চৰকাৰে খিলঞ্জীয়া জনজাতি, জনগোষ্ঠীৰ সুৰক্ষাৰ বাবে কাম কৰি আছে । দল-সংগঠনে প্ৰতিবাদ কৰিবই ৷ সেয়া তেওঁলোকৰ অধিকাৰ কিন্তু নাগৰিকসকলক সুৰক্ষিত কৰি ৰখাটো চৰকাৰৰ দায়িত্ব ৷ চৰকাৰে নিজৰ ধৰণে চিন্তা কৰিছে । নাগৰিকসকলও সুৰক্ষিত হ'ব লাগিব ৷ শান্তিৰ পৰিৱেশো বৰ্তি থাকিব লাগিব আৰু চৰকাৰেও ভালদৰে কাম কৰিব পাৰিব লাগিব ৷"

এবছুৰ সভাপতি হৈ থকা কালছোৱাত বড়োৱে তেতিয়াৰ কেবৰ বিৰোধিতা কৰিছিল বুলি সংবাদ মাধ্যমে সোধা প্ৰশ্নত প্ৰমোদ বড়োৱে পুনৰ কয়, "সেই সময়ৰ বিশ্লেষণ আৰু এতিয়াৰ বিশ্লেষণৰ মাজত পাৰ্থক্য নাই যদিও আমাৰ জাতি-জনগোষ্ঠী ক'ত সুৰক্ষিত হ'ব, দেশৰ সংবিধানেহে আমাক সুৰক্ষা প্ৰদান কৰিব’’ ।

  • " class="align-text-top noRightClick twitterSection" data="">

‘‘সংবিধানে আমাৰ ৰীতি-নীতি, ভাষা-সংস্কৃতি সুৰক্ষিত কৰি ৰাখিব আৰু তাতে যদি সমস্যাৰ উদ্ভৱ হৈছে তেনেহ’লে আলাপ-আলোচনাযোগে আমি সমাধান কৰিব পাৰিম । বৰ্তমানৰ চৰকাৰে খিলঞ্জীয়া জনজাতি, জনগোষ্ঠীৰ বিৰুদ্ধে কাম নকৰে ৷ কা বিষয়টো সংবেদনশীল বিষয় আৰু সেয়েহে ইউপিপিএল দলৰ মজিয়াত আলোচনা কৰি পৰৱৰ্তী পৰ্যায়ত দলৰ স্থিতি স্পষ্ট কৰা হ'ব ৷" তেওঁ কয় ৷

লগতে পঢ়ক : বিজেপিয়ে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে বলৱৎ কৰিছে কা আইন : চি পি আই এম