বিজেপিয়ে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে বলৱৎ কৰিছে কা : চি পি আই এম
Citizenship Amendment Act : ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে কা বলৱৎ কৰিছে বুলি প্ৰতিক্ৰিয়া ব্যক্ত কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া (মাৰ্ক্সবাদী) ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰৰ । সকলোকে ঐক্যবদ্ধ হোৱাৰ আহ্বান জনায় চিপিআই এম নেতাজনে ৷

Published : March 12, 2024 at 6:46 AM IST
|Updated : March 12, 2024 at 9:19 AM IST
গুৱাহাটী, 12 মাৰ্চ: সোমবাৰে সমগ্ৰ দেশজুৰি কা-ৰ অধিসূচনা জাৰি কৰে দেশৰ গৃহ মন্ত্ৰণালয়ে ৷ কেন্দ্ৰীয় চৰকাৰে দেশত নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বলৱৎ কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া (মাৰ্ক্সবাদী) ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে ।
তালুকদাৰে কয়, "2019 চনতে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কা গৃহীত কৰাৰ পিচত আজি হঠাৎ দেশত কা বলৱৎ কৰিলে । বিজেপি দলে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে এই আইন বলৱৎ কৰিছে । কাৰণ বিজেপি দল এতিয়া দিশহাৰা । দলটোৰ বিৰুদ্ধে দেশজুৰি ক্ষোভৰ সৃষ্টি হৈছে । বিজেপিক শাসনৰ পৰা আঁতৰ কৰাৰ বাবে দেশৰ বিভিন্ন ৰাজ্যত বিৰোধী ঐক্যবদ্ধ হৈছে ।"
তালুকদাৰে নিৰ্বাচনী বণ্ড সম্বন্ধীয় বিষয়টোতো প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, "নিৰ্বাচনী বণ্ড গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে । ভাৰতীয় নিৰ্বাচন আয়োগক নিৰ্বাচনী বণ্ড সন্দৰ্ভত বিৱৰণ 12 মাৰ্চৰ ভিতৰত প্ৰদান কৰিবলৈ এছবিআইক নিৰ্দেশ দিছে আদালতে’’ ।
- " class="align-text-top noRightClick twitterSection" data="">
‘‘এছ বি আইয়ে তথ্য দিলে বি জে পিৰ চৰিত্ৰ ওলায় পৰিব ৷ কিদৰে পুঁজিপতিৰ স্বাৰ্থত বিজেপি দলে কাম কৰি আছে । এই বিষয়টোৰ পৰা দৃষ্টি আঁতৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে হঠাৎ দেশত নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বলৱৎ কৰিছে । কেন্দ্ৰীয় চৰকাৰৰ এই কাৰ্যৰ বিৰুদ্ধে সকলো ঐক্যবদ্ধ হ’ব লাগে ৷" কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া (মাৰ্ক্সবাদী) ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে এনেদৰে কয় ।
আনকি কা বলৱতৰ বিৰুদ্ধে অসমবাসীক আন্দোলন কৰাৰ বাবে চিপিআই এম নেতাজনে আহ্বান জনায় ।
লগতে পঢ়ক : আজিৰে পৰা দেশজুৰি বলৱৎ হ’ল নাগৰিকত্ব সংশোধনী আইন-2019

