ETV Bharat / state

ASP পাৰ্থ প্ৰতিম শইকীয়াৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰৰ অভিযোগ কংগ্ৰেছৰ - congress allegation against police

author img

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 10:53 PM IST

Congress allegation against police : অসম আৰক্ষীৰ ভূমিকাক লৈ কংগ্ৰেছৰ অভিযোগ ৷ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে মনোনয় দাখিলৰ সময়ত ASP পাৰ্থ প্ৰতিম শইকীয়াই দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ কংগ্ৰেছৰ ।

congress allegation against police
ASP পাৰ্থ প্ৰতিম শইকীয়াৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰৰ অভিযোগ কংগ্ৰেছৰ

নগাঁও, 5 এপ্ৰিল : বৃহস্পতিবাৰে নগাঁও লোকসভা সমষ্টিৰ বাবে জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন দাখিল কৰে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ৷ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন দাখিলৰ সময়তেই উক্তদিনা জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ মনোনয়নৰ বাবে উপস্থিত হোৱা কংগ্ৰেছ নেতাগৰাকী আয়ুক্ত কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশত বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছিল ৷

ইয়াৰ পিচতেই আজি অৰ্থাৎ শুকুৰবাৰে নগাঁৱত এখন সংবাদমেল সম্বোধন কৰে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনে । সংবাদমেলত প্ৰদ্যুৎ বৰদলৈয়ে বৃহস্পতিবাৰে মনোনয়ন পত্ৰ দিয়াৰ সময়ত নগাঁও আৰক্ষীয়ে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনক বাধা প্ৰদান কৰিছিল বুলি মন্তব্য প্ৰকাশ কৰে ৷ তেওঁ কয় যে নিয়ম অনুসৰি মনোনয়ন দিবলৈ অহা প্ৰাৰ্থীৰ সৈতে ৫ জন ব্যক্তি জিলা আয়ুক্ত কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰিব পাৰে ৷

তৎস্বত্বেও কিয় ৰকিবুল হুছেইনক প্ৰৱেশ কৰিবলৈ বাধা প্ৰদান কৰিছিল বুলি অসন্তুষ্টি প্ৰকাশ কৰে প্ৰদ্যুৎ বৰদলৈয়ে ৷ নগাঁও আৰক্ষীয়ে উৰ্ধতম কোনোবা নেতাৰ নিৰ্দেশ মতে এনে কাৰ্য কৰাৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছ নেতাৰগৰাকীয়ে ।

আনহাতে AIUDF আমিনুল ইছলামে মুখ্যমন্ত্ৰী অহাৰ আগে আগে আয়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ কৰিছিল । কিন্তু আমিনুল ইছলামক বাধা দিয়া নাছিল বুলি অভিযোগ কংগ্ৰেছী নেতাদ্বয়ৰ ৷ ইয়াৰোপৰি নগাঁৱৰ এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক প্ৰদ্যুৎ বৰদলৈয়ে অভিযোগ দাখিল কৰা বুলিও উল্লেখ কৰে সংবাদমেলখনত । ASP পাৰ্থ প্ৰতিম শইকীয়াৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰৰ অভিযোগ কংগ্ৰেছৰ ।

আনহাতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক পুনৰ কটাক্ষ কৰি ৰকিবুল হুছেইনে কয় যে, হাৰিব বুলি জানি কংগ্ৰেছ কৰ্মীৰ ওপৰত মিছা কেচ জাপি দিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। কোনো অভিযোগ নথকাকৈ আৰক্ষীয়ে নিজেই কেচ জাপিছে কংগ্ৰেছ কৰ্মীৰ ওপৰত । কেইবাজনো কংগ্ৰেছৰ কৰ্মীক মাতি আনি বণ্ডছাইন কৰাইছে আৰক্ষীয়ে । কিন্তু কংগ্ৰেছে ভয় নকৰে ৷

লগতে পঢ়ক: দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুঠ ৬৫ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.