ETV Bharat / state

এইখন চৰকাৰে অসমৰ ভৱিষ্যৎ সলনি কৰাৰ পৰিৱেশ ৰচনা কৰিছে : মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 10:16 PM IST

Assam Assembly Budget Session : তিনিটা বছৰত এইখন চৰকাৰে অসমৰ ভৱিষ্যৎ সলনি কৰাৰ পৰিৱশ ৰচনা কৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ ৰাজনীতিৰ উৰ্দ্ধত গৈ সাহসেৰে অসমৰ উন্নয়ন কৰিছে বুলি উল্লেখ কৰাৰ লগতে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Assam Assembly Budget Session
কংগ্ৰেছক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ

গুৱাহাটী,‌ 8 ফেব্ৰুৱাৰী : বিধানসভাত ৰাজ্যপালৰ ভাষণৰ ওপৰত বিজেপি বিধায়ক ৰূপক শৰ্মাই আগবঢ়োৱা ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব‌ শৰ্মাই বৃহস্পতিবাৰে বিধানসভাত প্ৰায় দুঘন্টা বক্তব্য ৰাখে ৷ ভাষণ প্ৰসংগত তেওঁ কয় যে, যোৱা তিনিটা বছৰত এইখন চৰকাৰে অসমৰ ভৱিষ্যৎ সলনি কৰাৰ পৰিৱশ ৰচনা কৰিছে ৷ ৰাজনীতিৰ উৰ্দ্ধত গৈ সাহসেৰে অসমৰ উন্নয়ন কৰিছে ৷ তেওঁ লগতে কয় যে, তিনিটা বছৰ এখন চৰকাৰৰ কাৰণে বৰ বেছি ডাঙৰ সময়সীমা নহয় ৷ কিন্তু এই তিনিটা বছৰত এইখন চৰকাৰে ৰাজ্যত উন্নয়নৰ‌ মাইলৰ খুটি নিৰ্মাণ কৰিছে ৷

বিগত তিনিটা বছৰৰ কামৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে, যোৱা তিনিটা বছৰত আহোম স্বৰ্গদেউ সকলৰ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰাৰ ক্ষেত্ৰত এইখন চৰকাৰে কাম কৰিছে ৷ লাচিত বৰফুকনৰ গৌৰৱময় গাথাক বিশ্বৰ আগত পৰিচয় কৰাই দিছে ৷ হোলোঙা পথাৰত মহাবীৰ লাচিত বৰফুকনৰ বৃহৎ প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰি আছে ৷ ইয়াৰ বাবে বিৰোধীৰ কোনো এষাৰ ধন্যবাদ এইখন চৰকাৰৰ প্ৰতি নাই ৷ লগতে ৰংঘৰৰ সৌন্দৰ্যবৰ্দ্ধনৰ বাবে লোৱা পদক্ষেপৰ কথা উনুকিয়াই মুখ্যমন্ত্ৰীয়ে ৷

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে, কংগ্ৰেছৰ দিনত অসমত 6 খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ হৈছিল ৷ আজি বিজেপি চৰকাৰৰ শাসনত অসমত 25 খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ আৰম্ভ হৈছে ৷ নতুন নতুন বিশ্ববিদ্যালয় হৈছে ৷ ব্ৰহ্মপুত্ৰত কেইবাখনো নতুন দলং নিৰ্মাণ হৈ আছে ৷ লগতে তেওঁ কয়- এতিয়া অসম আন্দোলন বিবৰ্জিত ৰাজ্যলৈ পৰ্যবসিত হৈছে ৷ তিনিটা বছৰত 7 হাজাৰ অসমৰ যুৱক-যুৱতী জংঘলৰ পৰা‌ মূলসুঁতিলৈ ঘূৰি আহিছে ৷ কাজিৰঙাক ৰক্ষণাবেক্ষণ দিয়া হৈছে ৷ সংখ্যালঘুসকলৰ বাবে এইখন চৰকাৰে সৰ্বাধিক কাম কৰিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷

হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ নাম নোলোৱাকৈ সমালোচনা কৰি কয় যে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে 22 জানুৱাৰীত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা অসমত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিব বিচাৰিছিল ৷ এনেধৰণৰ নিকৃষ্ট ৰাজনীতি কৰা উচিত নহয় ৷ তেওঁ গান্ধী পৰিয়ালক সমালোচনা কৰি কয় যে, 1962 চনত তেওঁলোকে অসমক বিদায় দিবলৈ আহিছিল ৷ 1979 চনৰ পৰা‌ 1985 চনলৈ অসমত তেওঁলোক আহিছিল শ্বহীদৰ বুকুত বগা কাপোৰ দিবলৈ আৰু 22 জানুৱাৰীত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা অসমত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিবলৈ আহিছিল ৷ লগতে আমি পৰিয়ালৰ ৰাজনীতি নকৰো বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ভাষণৰ অন্তত বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াই মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ দলৰ ওপৰত‌ আৰোপ কৰা অভিযোগ খণ্ডন‌ কৰি চমু বক্তব্য আগবঢ়ায় ৷ শেষত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিধানসভাত ৰাজ্যপালৰ ভাষণৰ ওপৰত বিজেপি বিধায়ক ৰূপক শৰ্মাই আগবঢ়োৱা ধন্যবাদ সূচক প্ৰস্তাৱ বিৰোধীয়ে আগবঢ়োৱা কেতবোৰ সংশোধনীৰ মাজেৰে গৃহীত কৰে ৷

লগতে পঢ়ক : অসমত যুগ যুগ ধৰি বসবাস কৰি থকা সকলেই খিলঞ্জীয়া : মুখ্যমন্ত্রী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.