ETV Bharat / state

নকল ৰাহুল গান্ধীৰ ৰহস্য ফাদিল কৰিব হিমন্ত বিশ্ব শৰ্মাই

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 7:16 PM IST

Updated : Feb 2, 2024, 8:36 PM IST

Rahul Gandhi body double: নকল ৰাহুল গান্ধীক চিনি পাইছে হিমন্ত বিশ্ব শৰ্মাই ৷ অসমত ভাৰত জোড়ো যাত্ৰাৰ সময়ত নকল ৰাহুল গান্ধীয়ে সম্বোধন কৰিছিল ৰাইজক ৷ অতিশীঘ্ৰেই ড৹ শৰ্মাই দিব প্ৰমাণ ৷

himanta biswa sarma
Rahul Gandhi body double
নকল ৰাহুল গান্ধীৰ ৰহস্য ফাদিল কৰিব হিমন্ত বিশ্ব শৰ্মাই

গুৱাহাটী, ২ ফেব্ৰুৱাৰী: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ 'বডী ডাৱল'ৰ প্ৰসংগক সহজভাৱে লোৱা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই বিষয়টো যেন পাহৰি যোৱা নাই তথা এৰি দিয়া নাই মুখ্যমন্ত্ৰীগৰাকীয়ে । সংবাদ মাধ্যমৰ যোগেদি দৃষ্টিগোচৰ হোৱা এই বিষয়টোৰ সত্যতাক তথ্য সহকাৰে উদঙাই দিয়াৰ কথা আজি সদৰী কৰিলে খোদ মুখ্যমন্ত্ৰীয়ে ।

আজি দিছপুৰৰ লোক সেৱা ভৱনত আয়োজন কৰা এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পিচতে ৰাহুল গান্ধীৰ 'বডী ডাৱল'ৰ ঘটনাটো উদঙাই দিয়া হ'ব । উল্লেখ্য যে ৰাহুল গান্ধীয়ে জানুৱাৰী মাহত আঠদিনীয়া কাৰ্যসূচীৰে অসমত ভাৰত জোড়ো ন্যায় যাত্ৰা কৰিছিল । এই যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে ব্যৱহাৰ কৰা বাহনখনৰ গ্লাছৰ কাষত আৰু ওপৰত সততে দেখা গৈছিল ৰাহুল গান্ধীক ।

কিন্তু বহু সময়ত ৰাহুল গান্ধীয়ে নিজে নগৈ 'বডী ডাৱল'ৰ ব্যৱহাৰ কৰিছিল বুলি সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছিল । এই বাতৰিৰ আধাৰতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ 'বডী ডাৱল'ৰ বিষয়টো সংবাদ মাধ্যমৰ আগত দাঙি ধৰাৰ লগতে বিষয়টোক গুৰুত্ব সহকাৰে লৈছিল ।

ইফালে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ সময়ত পথ নিৰ্দেশনা উলংঘন কৰাৰ অপৰাধত গুৱাহাটী আৰু যোৰহাটত দুটাকৈ গোচৰ ৰুজু হৈছে । গুৱাহাটীৰ গোচৰটো এছ আই টিক দিয়া হৈছে । এই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে ।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাহুল গান্ধীয়ে বডী ডাৱল ব্যৱহাৰ কৰি মানুহৰ সমাগম কৰিছিল । ন্যায় যাত্ৰাত বাছৰ ওপৰত নকল ৰাহুল গান্ধী আছিল । নকল ৰাহুল গান্ধীক চিনাক্ত কৰা বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে জনতাৰ সন্মুখলৈ অহা ৰাহুল গান্ধী নকল আছিল । নকল ৰাহুলেহে জনতাক সম্বোধন কৰি আছিল । কেৱল অসমৰ ন্যায় যাত্ৰাত নকল ৰাহুল আছিল আৰু ৰাহুল গান্ধীয়ে গোপনে অসম এৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পিছতে ৰাহুল গান্ধীৰ বডী ডাৱলৰ বিষয়টো সংবাদমেল যোগে তথ্য-প্ৰমাণ সহকাৰে উদঙাই দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

লগতে পঢ়ক: গুৱাহাটীত এইবাৰ ৰোড শ্ব’ নকৰাকৈয়ে ১১৫৯৯ কোটি মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

Last Updated : Feb 2, 2024, 8:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.