ETV Bharat / state

মিচিং যুৱ মহোৎসৱলৈ বছৰি 1 কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 10:43 PM IST

Mising Youth Festival: বগীবিলৰ কাৰেং চাপৰিত অনুষ্ঠিত হোৱা মিচিং যুৱ মহোৎসৱত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ এই মহোৎসৱলৈ প্ৰতি বছৰে 1 কোটি টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ ৷

Mising Youth Festival
মিচিং যুৱ মহোৎসৱত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
মিচিং যুৱ মহোৎসৱত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

জোনাই, 7 ফেব্ৰুৱাৰী : আন্তঃৰাষ্ট্ৰীয় পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় লৈ উঠিব বৰলুইতৰ পাৰৰ বগীবিল দলঙৰ সমীপৰ মনোমোহা কাৰেং চাপৰি ৷ মিচিং যুৱ মহোৎসৱলৈ অসম চৰকাৰে আগবঢ়াব 1 কোটিকৈ টকা ৷ চাৰিদিনীয়া বৰ্নাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে বগীবিলৰ কাৰেং চাপৰিত অনুষ্ঠিত হোৱা নৱম মিচিং যুৱ মহোৎসৱত উপস্থিত থাকি এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

টাকাম মিচিং পৰিণ কেবাঙৰ উদ্যোগত 4 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত মিচিং যুৱ মহোৎসৱত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণত কয় যে, সকলো দিশৰ পৰা চহকী মিচিং সকলৰ যুৱ মহোৎসৱে সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ শিপা বিচাৰি জনজাতীয় কলা-সংস্কৃতিক সংৰক্ষণ কৰা কাৰ্যৰ শলাগ লয় মুখ্যমন্ত্ৰীয়ে ৷ লগতে মিচিং মহোৎসৱক নতুন ৰূপ দিয়াৰ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে ৷

একেদৰে এই মহোৎসৱৰ খাদ্য, সাজপাৰ, কলা-কৃষ্টিয়ে মিচিং যুৱ মহোৎসৱক অনন্য মাত্ৰা প্ৰদান কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ প্ৰতিখন গাঁৱৰ প্ৰতিনিধি আহিব পৰাকৈ যুৱ মহোৎসৱ পতাৰ কথাও উল্লেখ কৰে তেওঁ ৷ লোক কৃষ্টি, লোক কলাক জগত সভাত প্ৰতিষ্ঠা কৰাব পৰাকৈ পৰৱৰ্তী সময়ত এই মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে মত ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে ৷ একদৰে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা তৰফৰ পৰা এই মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে বছৰি এক কোটি টকাকৈ দিয়াৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰ কয় যে, অসমৰ জনজাতীয় লোকসকলে নিজৰ কলা-সংস্কৃতি, ভাষা-সাহিত্য যিমানেই সংৰক্ষণ কৰিব সিমানেই জাতিটোৰ উত্তৰণ ঘটিব ৷ মিচিং জনগোষ্ঠীক স্বীকৃতি দিবলৈ চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা চলাই থকা বুলি উল্লেখ কৰি 1 জানুৱাৰীত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত মিচিং স্বায়ত্ব শাসিত পৰিষদক সাংবিধানিক মৰ্যাদা দিয়াৰ কথা বিবেচনা কৰা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ইফালে বগীবিলৰ সমীপৰ কাৰেং চাপৰিৰ 1,200 বিঘা সু-বিশাল ভূমিত প্ৰতিবছৰে মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে আন্তঃগাথঁনি নিৰ্মাণৰ কথা ঘোষণা কৰে তেওঁ ৷

উল্লেখযোগ্য যে, নৱম মিচিং যুৱ মহোৎসৱৰ আজি অন্তিম দিনা লোকে লোকাৰণ্য হৈ পৰে কাৰেং চাপৰি ৷ প্ৰায় ডেৰ লক্ষাধিক লোকৰ সমাগম হোৱা এই মহোৎসৱৰ অন্তিম দিনাৰ কাৰ্যসূচীত বিলুপ্তি হ'বলৈ ধৰা পৰম্পৰাগত ক্ৰীড়া প্ৰতিযোগিতা, মিচিং জনগোষ্ঠীয় বিভিন্ন কৃষ্টি-সংস্কৃতিৰ প্ৰতিযোগিতা, যুৱ প্ৰজন্মক অৰ্থনৈতিক ক্ষেত্ৰত সবল কৰাৰ উদ্দেশ্যে আলোচনাচক্ৰ, মুকলি সভা, গ্ৰন্থমেলা, খাদ্য মেলাকে ধৰি বহু কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷

চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা এই কাৰ্যসূচীত মিচিং জনগোষ্ঠীয় বাৰেবৰণীয়া গীত-নৃত্য পৰিৱেশন, মন পৰশা ঐনিতমৰ সুৰত মুখৰ হৈ পৰে ব্ৰহ্মপুত্ৰৰ বিশাল বলুকা ৷ গুমৰাগ, ঐনিতম, লত্তা চঃমান, লেৰেলী চঃমান, দুমদুম মানকা মৃনচুনাম আদি জনগোষ্ঠীয় গীত আৰু নৃত্য উপৰিও ৰং-বিৰঙৰ জনগোষ্ঠীয় সাজ-পোছাক পৰিধান কৰি সমবেত হ'ল ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা মিচিং জনগোষ্ঠীৰ লোক সকল ৷

যুৱ মহোৎসৱৰ জৰিয়তে মিচিং সমাজৰ ঐতিহ্য, চহকী কৃষ্টি-সংস্কৃতিক নৱ প্ৰজন্মৰ মাজত চৰ্চা কৰাৰ লগতে বিশ্ব দৰবাৰত নিজৰ সংস্কৃতিৰ পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰে 1996 চনৰ পৰা অনুষ্ঠিত কৰা হৈছিল এই মিচিং যুৱ মহোৎসৱ ৷ আৰম্ভণিৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰি অহা এই যুৱ মহোৎসৱ এইবাৰৰ পৰা বগীবিলৰ কাৰেং চাপৰিত স্থায়ীভাৱে অনুষ্ঠিত কৰা হ'ব বুলি উদ্যোক্তা তথা জোনাইৰ বিধায়ক ভূৱন পেগুৱে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : লখিমপুৰত প্ৰধানমন্ত্ৰীৰ সভাৰ স্থান পৰিদৰ্শন মুখ্যমন্ত্রীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.