ETV Bharat / state

নগাঁৱৰ পৰা বৰাকলৈ যোৱা প্ৰতিখন ব্ৰইলাৰ সৰবৰাহী বাহনে দিব লাগে ৪০ হাজাৰকৈ টকা - Broiler Syndicate in Assam

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 10:13 PM IST

Broiler Syndicate:ৰাজ্যত অব্যাহত আছে ব্ৰইলাৰ ছিণ্ডিকেট । ডিমা-হাছাওত ব্ৰইলাৰ কঢ়িওৱা বাহন প্ৰৱেশ কৰিলেই দিব লাগে গুণ্ডাকৰ ।

Broiler Traders Association press meet
মধ্য অসম আৰু বৰাক ভেলীৰ ব্ৰইলাৰ ব্যৱসায়ী সন্থা (ETV BHARAT ASSAM)

নগাঁও, ১১ জুন: ব্ৰইলাৰ ব্যৱসায়ৰে পৰিয়াল পোহপাল দিয়া ৰাজ্যৰ বহু ব্যৱসায়ী সম্প্ৰতি সন্মুখীন হৈছে নতুন বাধাৰ । ডিমা হাছাও জিলাত ব্ৰইলাৰ কঢ়িওৱা বাহনৰ পৰা গুণ্ডাকৰ আদায় দিয়া কাৰ্যক লৈ ক্ষুণ্ণ হৈছে ব্ৰইলাৰ ব্যৱসায়ী সন্থা । ডিমা-হাছাও জিলাত ব্ৰইলাৰ কঢ়িওৱা বাহন প্ৰৱেশ কৰিলেই দিব লাগে গুণ্ডাকৰ । গুণ্ডাকৰ আদায় দি অতিষ্ঠ হৈ পৰিছে মধ্য অসম আৰু বৰাক ভেলীৰ ব্ৰইলাৰ ব্যৱসায়ী সন্থা ।

মঙলবাৰে নগাঁও চহৰত মধ্য অসম আৰু বৰাক ভেলীৰ ব্যৱসায়ী সন্থাৰ এক জৰুৰী সভা অনুষ্ঠিত হয় । গুণ্ডাকৰ আদায় দিয়া সন্দৰ্ভত জৰুৰী সভাৰ অন্তত এক সংবাদমেলত ব্ৰইলাৰ ব্যৱসায়ীয়ে গুণ্ডাকৰ আদায় দিয়াৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে ব্ৰইলাৰ ব্যৱসায়ী সন্থাই ।

এই সংবাদমেলত মধ্য অসম আৰু বৰাক ভেলীৰ ব্ৰইলাৰ ব্যৱসায়ী সন্থাই উত্থাপন কৰা অভিযোগ অনুসৰি ডিমা-হাছাও জিলাৰ হাতীখুলিত ব্ৰইলাৰ কঢ়িওৱা বাহন ৰখাই মুকলিকৈ সংগ্ৰহ কৰা হয় গুণ্ডাকৰ । নগাঁৱৰ পৰা বৰাক উপত্য়কালৈ যোৱা প্ৰতিখন ব্ৰইলাৰ সৰবৰাহকাৰী বাহনৰ পৰা সংগ্ৰহ কৰা হয় প্ৰায় চল্লিছ হাজাৰকৈ টকা ।

জনৈক হক আৰু হুছেইন উপাধিৰ দুই যুৱকৰ নেতৃত্বত ব্ৰইলাৰ ব্যৱসায়ীৰ পৰা গুণ্ডাকৰ সংগ্ৰহ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মধ্য অসম আৰু বৰাক ভেলীৰ ব্ৰইলাৰ ব্যৱসায়ী সন্থাই । সন্থাই এইক্ষেত্ৰত ডিমা হাছাও আৰক্ষীয়েও কোনো বিশেষ ভূমিকা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে । এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ব্যৱস্থা লোৱাৰ বাবেও আহ্বান জনাইছে ব্ৰইলাৰ ব্যৱসায়ী সন্থাই ।

লগতে পঢ়ক:ৰাজ্যত এইবাৰ আৰম্ভ হৈছে ব্ৰইলাৰ ছিণ্ডিকেট

ৰাজ্যত অব্যাহত ব্ৰইলাৰ ছিণ্ডিকেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.