ETV Bharat / state

বাছ জব্দ কৰি সমৰ্থকক কিয় বাধা প্ৰদান কৰিছে পৰিবহণ বিভাগে ?

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 2:35 PM IST

BJNY facing challenges in assam: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা কাৰ্যসূচীলৈ সমৰ্থক অহা বাছ আদবাটতে পৰিবহণ বিভাগে অনৈতিকভাবে জব্দ কৰাৰ অভিযোগ কংগ্ৰেছ কৰ্মী সমৰ্থকৰ ৷ সৰহভাগেই আদবাটৰ পৰা নিজ ঘৰলৈ উভতি যাবলগীয়া অথবা অন্য বাহনৰ অপেক্ষাত বোন্দাপৰ দিবলগীয়া হয় ।

বাছ জব্দ কৰি সমৰ্থকক বাধা প্ৰদান
বাছ জব্দ কৰি সমৰ্থকক বাধা প্ৰদান
বাছ জব্দ কৰি সমৰ্থকক বাধা প্ৰদান

মিৰ্জা, 23 জানুৱাৰী: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা কাৰ্যসূচীলৈ সমৰ্থক অহা বাছ আদবাটতে পৰিবহণ বিভাগে অনৈতিকভাবে জব্দ কৰাৰ অভিযোগ কংগ্ৰেছ কৰ্মী সমৰ্থকৰ ৷ কংগ্ৰেছৰ কার্যসূচীলৈ অহাৰ বাবেই বাছবোৰ জব্দ কৰি থয় বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে । উল্লেখ্য যে, অসমত প্ৰৱেশৰ পৰাই নানা প্ৰত্যাহ্বানৰ সন্মুখীন হৈ অহা পৰিলক্ষিত হৈছে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই ৷ অৱশেষত মংগলবাৰে গুৱাহাটীত উপস্থিত হৈছে এই ন্যায় যাত্ৰাই ৷

উল্লেখ্য যে, এই পদযাত্ৰাত অংশ গ্ৰহণ কৰিবলৈ অহা কংগ্ৰেছ নেতা-কৰ্মীসকলে আদবাটতে হাহাকাৰ কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হয় । অভিযোগ অনুসৰি, কামৰূপ জিলাৰ বিভিন্ন স্থানৰ পৰা কংগ্ৰেছ কৰ্মী কঢ়িয়াই অনা বাছবোৰ জব্দ কৰি পলাশবাৰী আৰক্ষী থানাত সুমুৱাই ৰাখিছে পৰিবহন বিভাগে । জানিব পৰা মতে, বাছবোৰৰ নথি-পত্ৰ পৰীক্ষা কৰি বিভিন্ন অজুহাটত পৰিবহন বিভাগে বাছবোৰ জব্দ কৰি ৰাখিছে ।

যাৰ ফলত কংগ্ৰেছ কৰ্মীসকলৰ সৰহভাগেই আদবাটৰ পৰা নিজ ঘৰলৈ উভতি যাবলগীয়া অথবা অন্য বাহনৰ অপেক্ষাত ৰৈ বোন্দাপৰ দিবলগীয়া হয় । আনহাতে দুই এগৰাকীয়ে নিজাববীয়া ব্যৱস্থাৰে পদ যাত্ৰা কার্যসূচীলৈ যায় যদিও বহু লোকে পলাশবাৰী থানাৰ বাহিৰতে বোন্দপৰ দি ৰৈ থাকে । আনহাতে একাংশ চালকে মন্তব্য কৰা অনুসৰি ইয়াৰ পূৰ্বেও পৰিবহন বিভাগে বাছবোৰৰৰ নথি-পত্ৰৰ বিসংগতি পালে জৰিমনা বিহি পুনৰ যাবলৈ দিছিল যদিও এইবাৰ নিদিলে বুলি খেদ প্ৰকাশ কৰে তৃণমূল কৰ্মীসকলে ৷

উল্লেখ কৰা প্ৰয়োজন যে, খানাপাৰত ন্যায় যাত্ৰাৰ দলটো উপস্থিত হোৱাৰ পিচতে আৰক্ষীয়ে চলোৱা লাঠীচালনাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি কেবাজনে বিধায়ক আহত হয় ৷

লগতে পঢ়ক: ৰাজ্যত চলিছে সন্ত্ৰাসৰ ৰাজত্ব; সাংসদ প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.