গৃহ নিৰ্মাণ খণ্ডৰ বিকাশ আৰু উন্নয়নত বিশেষ গুৰুত্ব দিয়া হৈছে কেন্দ্ৰীয় বাজেটত : এৰিডা
Union Budget 2024 : কেন্দ্রীয় চৰকাৰৰ অন্তৰ্ৱৰ্তীকালীন বাজেট সন্দৰ্ভত 'এৰিডা'ৰ সভাপতি পি কে শৰ্মাৰ প্ৰতিক্ৰিয়া । বাজেটত প্ৰধানমন্ত্রী আৱাস যোজনা গ্ৰামীণৰ অধীনত পৰৱৰ্তী ৫ বছৰত ২ কোটি অতিৰিক্ত ঘৰৰ ঘোষণাই মধ্যবিত্ত শ্ৰেণীৰ যোগ্য শ্ৰেণীক তেওঁলোকৰ নিজৰ ঘৰ ক্ৰয় নাইবা নিৰ্মাণত সহায় কৰাৰ লগতে উৎসাহ যোগাব । ভাৰতৰ আৰ্থ-সামাজিক বিকাশৰ বাবে দৰিদ্ৰ, যুৱক-যুৱতী, মহিলা, কৃষক আৰু তেওঁলোকৰ সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে বাজেটত ।

Published : February 1, 2024 at 10:40 PM IST
গুৱাহাটী, ১ ফেব্ৰুৱাৰী: কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহস্পতিবাৰে সদনত দাখিল কৰে ২০২৪ বৰ্ষৰ কেন্দ্রীয় চৰকাৰৰ অন্তৱৰ্তীকালীন বাজেট। লোকসভা নিৰ্বাচনৰ পূৰ্বে দাখিল কৰা কেন্দ্ৰীয় চৰকাৰৰ অন্তৱৰ্তীকালীন বাজেটখনক আদৰণি জনাইছে আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকছাৰ ডেভল'পাৰ্ছ এছ'চিয়েছন চমুকৈ 'এৰিডা'ই ।
বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি 'এৰিডা'ৰ সভাপতি পি কে শৰ্মাই অন্তৱৰ্তীকালীন কেন্দ্ৰীয় বাজেটক আদৰণি জনাই কয় যে বাজেটত প্ৰধানমন্ত্রী আৱাস যোজনা গ্ৰামীণৰ অধীনত পৰৱৰ্তী ৫ বছৰত ২ কোটি অতিৰিক্ত ঘৰ ঘোষণা কৰা হৈছে । এই ঘোষণাই মধ্যবিত্ত শ্ৰেণীৰ যোগ্য শ্ৰেণীক তেওঁলোকৰ নিজৰ ঘৰ ক্ৰয় নাইবা নিৰ্মাণত সহায় কৰাৰ লগতে উৎসাহ যোগাব । আনহাতে গৃহ নিৰ্মাণ খণ্ডৰ বিকাশত এই ঘোষণাই বিশেষ অৰিহণা আগবঢ়াব । শৰ্মাই লগতে কয় যে প্ৰধানমন্ত্রী গতি শক্তি অভিযানৰ অধীনত আন্তঃগাঁথনি উন্নয়নৰ বিশেষ গুৰুত্ব দিয়া হৈছে ।
ইয়াৰ যোগেদি টায়াৰ ২ আৰু ৩ চহৰলৈ ৰেল আৰু পথ সংযোগৰ উন্নতিৰ দ্বাৰা এই চহৰসমূহৰ গৃহ নিৰ্মাণ খণ্ডৰ বিকাশ আৰু উন্নয়নত বিশেষ উৎসাহ যোগাব । অন্তৱৰ্তীকালীন বাজেটত প্ৰধানমন্ত্ৰীৰ সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাসৰ দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে বুলি সদৰী কৰি শৰ্মাই কয় যে ভাৰতৰ আৰ্থ-সামাজিক বিকাশৰ বাবে দৰিদ্ৰ, যুৱক-যুৱতী, মহিলা, কৃষক আৰু তেওঁলোকৰ সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ।
ভাৰতৰ ব্যক্তিগত খণ্ডৰ দ্বাৰা চালিত সূৰ্যোদয় খণ্ডত গৱেষণাৰ বাবে ১ লাখ কোটি টকাৰ পুঁজি বাজেট আগবঢ়োৱা হৈছে । যিটোক শৰ্মাই আদৰণি জনায় । আনহাতে কৰ হাৰ অপৰিৱৰ্তিত থকাৰ বাবে সাধাৰণ মানুহৰ হাতত অতিৰিক্ত খৰচৰ ধন নাথাকিব বুলি সদৰী কৰি শৰ্মাই কয় যে যিয়ে কৰদাতাসকলৰ ক্ৰয় ক্ষমতাত বাধাৰ সৃষ্টি কৰিব । সামগ্ৰিকভাৱে শৰ্মাই কেন্দ্ৰীয় বাজেটখনক আদৰণি জনায় ।
লগতে পঢ়ক: 'বিকশিত ভাৰত'ৰ পৰা 'নাৰী শক্তি'লৈ; অন্তৰ্ৱৰ্তীকালীন বাজেটত শীৰ্ষত কি কি

