লোকসভা নিৰ্বাচনত এনডিএৰ প্ৰাৰ্থীক জয়ী কৰোৱাৰ আহ্বান বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ - CCBTR MEETING WITH Pramod Boro
CCBTR Meeting with Pramod Boro: লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিটিআৰৰ সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ 22 টাকৈ সংগঠনৰ নেতৃত্বৰে চিৰাঙৰ ছাপাগুৰিত বৈঠক বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ ৷ প্ৰাক্তন মন্ত্ৰী তথা বিপিএফৰ জেষ্ঠ নেতা চন্দন ব্ৰহ্মৰ ইউপিপিএলত যোগদান সন্দভতো মন্তব্য আগবঢ়ায় বড়োৱে ৷

Published : April 8, 2024 at 7:02 AM IST
চিৰাং, 8 এপ্ৰিল : লক্ষ্য সমাগত লোকসভা নিৰ্বাচন । চিৰাঙৰ ছাপাগুৰিস্থিত হোটেল হিমালয়ত বিটিআৰৰ সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সৈতে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সৈতে দেওবাৰে অনুষ্ঠিত হয় এখন সভা । নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ সভাপতি দ্বিপেন বড়োৰ সভাপতিত্বত অনুষ্ঠিত হয় এই সভাখন ।
সভাখনত উপস্থিত থকা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কয়, "বিটিআৰত অবৈধ মাৰণাস্ত্ৰৰ এটা সংস্কৃতি গঢ় লৈ উঠিছিল যি সহজে শেষ কৰা সম্ভৱ নহয় যদিও আজি বিটিআৰত আমি শান্তি স্থাপন কৰিবলৈ সক্ষম হৈছো ৷ তাৰ মাজতে দুই এজনে মিলি দুই-এটা কুটাঘাত সংঘটিত কৰাৰ চেষ্টা কৰি আছে আমি সেয়া কঠোৰ হাতেৰে দমন কৰাৰ চেষ্টা অব্যাহত ৰাখিম । এবছুৰ সভাপতি হৈ থকা সময়ৰে পৰা 2009 চনৰ পৰা সন্ত্ৰাস বিৰোধী দিৱস উদযাপন কৰি আছিলো আৰু আজি আমি সেইক্ষেত্ৰত সফল হৈছো ৷"

এই সভাত 22 টা বিভিন্ন জাতীয় দল-সংগঠনৰ নেতৃত্ব উপস্থিত থাকি নিজৰ নিজৰ জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ বিষয়লৈ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ সৈতে আলোচনাত মিলিত হয় । এই সন্দৰ্ভত এবছুৰ সভাপতি দ্বিপেন বড়োয়ে কয়, "বিটিচিত যি সময়ত হত্যা, হিংসা, অপহৰণ আদিয়ে গ্ৰাস কৰিছিল, সেই সময়ত আমি বিটিচি অঞ্চলৰ 30 টা জাতীয় সংগঠনক লৈ এই সমন্বয়ৰক্ষী সমিতি গঠন কৰিছিলো । তাৰ পিচতে বিটিআৰ নিৰ্বাচনত সকলোৰে সহায় সহযোগিতাত আমি বিটিআৰত শান্তি স্থাপন কৰি প্ৰগতিৰ দিশত আগবাঢ়ি আজিৰ এই পৰিৱেশ লাভ কৰিছো ।"
- " class="align-text-top noRightClick twitterSection" data="">
সমাগত লোকসভা নিৰ্বাচনত এনডিএৰ প্ৰাৰ্থীক জয়ী কৰোৱাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে প্ৰমোদ বড়োৱে । অনুষ্ঠানত কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী, বিটিআৰ আক্ৰাছুৰ সভাপতি মণিৰাম ৰায়ৰ লগতে অন্যান্য বিভিন্ন সংগঠনৰ কৰ্ম-কৰ্তা উপস্থিত থাকে । প্ৰাক্তন মন্ত্ৰী তথা বিপিএফৰ জেষ্ঠ নেতা চন্দন ব্ৰহ্মই সোনকালে ইউপিপিএলত যোগদান কৰিব বুলি জনায় প্ৰমোদ বড়োৱে ।
লগতে পঢ়ক: কোকৰাঝাৰত জয়ন্ত বসুমতাৰীৰ বিজয়ৰ ৰণকৌশল প্ৰস্তুত ইউপিপিএল-অগপৰ - Lok Sabha election 2024

