ETV Bharat / state

কিয় ৰাজস্থানত আত্মহত্যা কৰিলে অসমৰ জোৱানে ? - BSF Jawan Suicide in Rajasthan

author img

By ETV Bharat Assamese Team

Published : May 5, 2024, 9:53 PM IST

BSF Jawan Suicide: এগৰাকী অসমীয়া তথা বি এছ এফ জোৱানে ৰাজস্থানত আত্মহত্যা কৰাৰ খবৰ লাভ ৷ জোৱানজনৰ ঘৰ দৰঙৰ ঔ তলাৰ কমাৰপাৰাত ৷

BSF JAWAN SUICIDE IN RAJASTHAN
ৰাজস্থানত আত্মহত্যা অসমৰ জোৱানৰ (ETV Bharat)

নিউজ ডেস্ক, 5 মে’ : এগৰাকী অসমীয়াই বহিঃৰাজ্যত আত্মহত্যা কৰাৰ খবৰ লাভ কৰা গৈছে ৷ দৰং জিলাৰ এগৰাকী বি এছ এফ জোৱানে ৰাজস্থানত আত্মহত্যা কৰা বুলি দেওবাৰে জানিব পৰা যায় ৷ ৰাজস্থানৰ ভাৰত-পাকিস্তান সীমান্তৱৰ্তী জয়ছালমেৰত কৰ্মৰত জোৱানজন ঔ তলাৰ কমাৰপাৰাৰ মুকুন্দ ডেকা ৷

উল্লেখ্য যে জোৱানজনে আত্মহত্যা কৰা সন্দৰ্ভত অৱগত হোৱাৰ পিচতে বি এছ এফ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তানোট আৰক্ষী থানাত খবৰ দিয়ে । ইয়াৰ পিচতে তানোট ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো চমজি লোৱাৰ লগতে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷ তদুপৰি ঘটা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে ।

জানিব পৰা মতে ৰাজস্থানৰ জয়সলমেৰৰ পৰা প্ৰায় ১৪০ কিলোমিটাৰ নিলগৰ সীমান্ত সুৰক্ষা বাহিনীৰ বাবলিয়ানৱালা পোষ্টত নিযুক্ত ৫৭ বছৰীয়া জোৱান মুকুন্দ ডেকাই দেওবাৰে আত্মহত্যা কৰে । শেহতীয়াকৈ তেওঁ জয়ছালমেৰৰ বি এছ এফৰ বাবলিয়ানৱালা চকীত কনিষ্টবল হিচাপে নিযুক্তি লাভ কৰিছিল ।

প্ৰাপ্ত তথ্য অনুসৰি, যুৱকজনে দেওবাৰে বাবলিয়ানৱালা সীমান্ত চকীৰ চৌহদতে আত্মহত্যা কৰে । পুৱা আন জোৱানসকল চৌহদলৈ ওলাই অহাৰ সময়তে তেওঁলোকে কনিষ্টবলজনক মৃত অৱস্থাত দেখা পায় । ইয়াৰ পিচতে তেওঁলোকে বিষয়টো বি এছ এফ বিষয়াসকলক জনায় ।

ইফালে দেওবাৰে জোৱানজনে আত্মহত্যা কৰাৰ খবৰ লাভ কৰাৰ পিচতে ঔ তলা কমাৰপাৰাৰ ঘৰখনত এক অবর্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে মুকুন্দ ডেকাৰ পৰিবাৰৰ লগতে দুটি সন্তানে বাস কৰে ঔ তলাৰ ঘৰখনত ৷ জানিব পৰা মতে সোমবাৰে সন্ধিয়া ঔ তলা কমাৰপাৰাৰ বাসগৃহত পাবহি মুকুন্দ ডেকাৰ মৃতদেহ ৷

লগতে পঢ়ক: বায়ু সেনাৰ কনভয় আক্ৰমণ: পুঞ্চত সন্ত্ৰাসবাদীৰ সন্ধান, সোধা-পোছাৰ বাবে কেইবাজনো লোকক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.