ETV Bharat / state

ৰাইজৰ সমস্যাৰ বুজ ল'লে বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদে

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 10:41 PM IST

Updated : Jan 24, 2024, 7:34 AM IST

জোনাইত এদিনীয়া কাৰ্যসূচীৰে উপস্থিত বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰী । বিভিন্ন অঞ্চলৰ সমস্যা পৰিদৰ্শন কৰি ৰাইজক সমাধানৰ আশ্বাস মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰীৰ ।

Bodo Kachari Welfare Autonomous Council
জোনাইত মিহিনেশ্বৰ বসুমতাৰী

জোনাই,23 জানুৱাৰী : ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত মাইদাংশ্ৰী অঞ্চলত বিভিন্ন সমস্যা পৰিদৰ্শনৰ উদ্দেশ্যে এদিনীয়া কাৰ্যসূচীৰে উপস্থিত হয় বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰী । ১৯৮৫ চনৰ পৰা হলক নলাৰ বিধ্বংসী পানীয়ে প্ৰতি বছৰে মাইদাংশ্ৰী অঞ্চলৰ প্ৰায় ১৫০ টা পৰিয়ালৰ ঘৰ-বাৰী নষ্ট কৰাৰ লগতে শ শ খেতিভূমি ক্ষতিগ্ৰস্ত কৰাৰ ফলত যমৰ যাতনা ভুগিব লগা হৈছে শ শ পৰিয়ালে ।

উক্ত অঞ্চলটো সংযুক্ত বড়ো গণমঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰীৰ সৈতে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰীয়ে একেলগে পৰিদৰ্শন কৰে । পৰিদৰ্শনৰ পিচত অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ সৈতে আলোচনা কৰি সমাধান কৰাৰ আশ্বাস দিয়ে অঞ্চলটোৰ ভুক্তভোগী ৰাইজক । ইয়াৰ পিছতে ২নং মাইদাংশ্ৰী ব্ৰহ্ম মন্দিৰ আৰু ভাটৌ মন্দিৰত উপস্থিত হৈ ৰাইজৰ সৈতে মত-বিনিময় কৰে মিহিনেশ্বৰ বসুমতাৰীয়ে ।

বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰীক কাষত পাই বড়ো জনগোষ্ঠীৰ মাতৃসকল আৱেগিক হৈ পৰে । অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা দেতাক নদীয়ে বছৰ বছৰ ধৰি অসম-অৰুণাচল সীমান্তৰ কেইবাখনো গাঁৱত গৰাখহনীয়া সৃষ্টি কৰি নিদ্ৰাহৰণ কৰি আহিছে স্থানীয় ৰাইজক । সেই অঞ্চলত উপস্থিত হৈ গৰাখহনীয়া পৰিদৰ্শন কৰি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰৰ সৈতে আলোচনা কৰি সমাধান কৰাৰ আশ্বাস দিয়ে তেওঁলোকে । উল্লেখ্য যে, সন্তপুৰৰ পৰা মাইদাংশ্ৰী সংযোগী পথৰ দেতাক নদীৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে চৰকাৰৰ সৈতে আলোচনা কৰা হ’ব বুলি সদৰী কৰে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰীয়ে ।

লগতে পঢ়ক : সামৰণি পৰিল দ্বিতীয় ত্তাঈ জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱৰ

Last Updated : Jan 24, 2024, 7:34 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.