ETV Bharat / state

গান্ধী পৰিয়ালৰ পোহনীয়া কুকুৰটোৱে যাত্ৰা কৰিলেও অসমত প্ৰভাৱ নপৰে: মন্ত্ৰী জয়ন্ত - কংগ্ৰেছ

LS polls 2024: কংগ্ৰেছৰ বিৰুদ্ধে সমালোচনাত মুখৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ৷ সোমবাৰে নলবাৰীত বিজেপিৰ বৰপেটা সমষ্টিৰ নিৰ্বাচনী মুখ্য কাৰ্যালয় মুকলি কৰি কংগ্ৰেছ তথা গান্ধী পৰিয়ালক তীব্ৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে ৷

Jayanta Malla Baruah
Lok Sabha polls 2024
author img

By ETV Bharat Assamese Team

Published : January 29, 2024 at 9:17 PM IST

2 Min Read
কংগ্ৰেছৰ বিৰুদ্ধে সমালোচনা মুখৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

নলবাৰী, 29 জানুৱাৰী: সোমবাৰে নলবাৰীত বৰপেটা লোকসভা সমষ্টিৰ বিজেপিৰ নিৰ্বাচনী মুখ্য কাৰ্যালয় মুকলি কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ৷ আগন্তুক লোকসভা নিৰ্বাচনত মুখ্যমন্ত্ৰীয়ে প্ৰায়েই দাবী কৰি থকাৰ দৰে চাৰে এঘাৰখন আসন লাভ কৰিব বুলি উল্লেখ কৰে মন্ত্ৰী বৰুৱাই ৷ তেওঁ লগতে কয় যে বিজেপিয়ে বৰ্তমান 14 খন আসন লাভৰ বাবে কুচকাৱাজ চলাই আছে ৷ কংগ্ৰেছে অসমত এখন আসন লাভ কৰিলেও যথেষ্ট হ’ব বুলি কটাক্ষ কৰে মন্ত্ৰী বৰুৱাই ৷

ইফালে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ডিব্ৰুগড়ৰ পৰা নিৰ্বাচন খেলিব খোজা সন্দৰ্ভত জয়ন্তমল্ল বৰুৱাই কয় যে দুটাকৈ সমষ্টিত নিৰ্বাচনত পৰাস্ত হোৱা লুৰীণজ্যোতি গগৈৰ কোনো অস্তিত্ব নাই ৷ মন্ত্ৰীগৰাকীৰ বক্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে যে বিজেপিৰ ধাৰণা মতে গেৰুৱা দলটোক প্ৰভাৱিত কৰিব নোৱাৰে লুৰীণজ্যোতি গগৈয়ে ৷ ইফালে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছৰ নেতাই য’তে ত’তে নিৰ্বাচন খেলে ৷ মাৰ্ঘেৰিটাৰ মানুহে আহি নগাঁৱত নিৰ্বাচন খেলে ৷ বৰপেটা বা বৰাকত খেলিব খোজে ৷

দুই কংগ্ৰেছ নেত্ৰীৰ বিজেপিত যোগদান সন্দৰ্ভত মন্ত্ৰী বৰুৱাই কয় যে দুগৰাকী মহিলাই স্পষ্ট কৰি দিছে কংগ্ৰেছৰ ভিতৰৰ ছবিখন ৷ কংগ্ৰেছত নাৰী সুৰক্ষিত নহয় ৷ এগৰাকী প্ৰাক্তন মন্ত্ৰী আৰু প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিৰ জীয়াৰীয়ে দলটো এৰিব লগীয়া হোৱাটো পৰিতাপৰ কথা ৷

ইফালে ভাৰত জোড়ো ন্যায় যাত্ৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত জয়ন্ত মল্ল বৰুৱাই কয় যে ৰাহুল, প্ৰিয়ংকা, ৰেহান গান্ধী বাদেই গান্ধী পৰিয়ালৰ কুকুৰ, মেকুৰী, গৰু, ছাগলী, গাহৰি আদি আহিলেও অসমত কোনো প্ৰভাৱ নপৰে ৷ তেওঁ কয় যে যদি গান্ধী পৰিয়ালৰ পোহনীয়া কুকুৰটোৱেও ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰে, তাত বিজেপিৰ ক’ব লগা নাই ৷ গান্ধী পৰিয়ালে অসমৰ ৰাইজক একো দিব পৰা নাই ৷ গান্ধী পৰিয়ালক অসমৰ মানুহে আদৰি নলয় ৷ এইদৰে গান্ধী পৰিয়ালৰ তীৰ্যক সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: 14 টা সমষ্টিৰ প্ৰাৰ্থীৰ বাবে পেনেল প্ৰস্তুত; কোন আছে কোন সমষ্টিত ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.