কলাগুৰুৰ গীতৰ বিকৃতকৰণ; নাগাৰা নামৰ পাঠিকা কৰিশ্মা নাথৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল সকলো
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি গীত বিকৃত ৰূপত পৰিৱেশন কৰাক লৈ সৰ্বতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া । সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই বিকৃতকৰণৰ দৃশ্য ।

Published : August 31, 2025 at 11:43 AM IST
তেজপুৰ : অসমৰ এগৰাকী কিংবদন্তীৰ এটা গীত আৰু ইয়াৰ বিকৃতকৰণ ৷ কৰিশ্মা নাথ নামৰ নাগাৰা নামৰ পাঠিকাগৰাকীয়ে শেহতীয়াকৈ অসমৰ ত্ৰিমূৰ্তিৰ অন্যতম কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি গীত বিকৃত ৰূপত পৰিৱেশন কৰাক লৈ সৰ্বতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া । সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই বিকৃতকৰণৰ দৃশ্য ।
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কালজয়ী গীত ‘‘পৰজনমৰ শুভ লগনত…’’ গীতটি ব্যংগাত্মক ৰূপত কৰিশ্মা নাথে পৰিৱেশন কৰি দৰ্শক-শ্ৰোতাক আচৰিত কৰি তোলে । প্ৰকৃততে গীতটি যি সুৰ আৰু তাল-মানত পৰিৱেশন কৰিব লাগিছিল, তাৰ বিপৰীতে বেসুৰাভাৱে পৰিৱেশন কৰি কলাগুৰুৰ মহান সৃষ্টিক একপ্ৰকাৰ উপলুঙা কৰে ।
বিশিষ্ট ব্যক্তিসকলৰ প্ৰতিক্ৰিয়া
এই প্ৰসংগত স্বনামধন্য গীতিকাৰ, সুৰকাৰ, ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাই এনেদৰে মন্তব্য কৰে, ‘‘মই নিজেই ধৰিব পৰা নাই প্ৰকৃততে এইটো কি গাইছে ৷ এয়া অজ্ঞতা নে ইচ্ছাকৃতভাৱে পৰিৱেশন কৰা হৈছে ? এটা ৰাজহুৱা স্থানত পৰিৱেশন কৰা গীতটি কোনো ব্যক্তি নোলাল নে শুধৰাই দিবলৈ নে কোনোবা বিশেষ পণ্ডিতে এইদৰেই শিকাইছে ! এয়া হৈছে যুগপুৰুষৰ গীত, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু সুধাকণ্ঠ, ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ গীত যদি কোনোবাই গাব নাজানে, শিকি লওক কিন্তু বিকৃত নকৰিব ।’’
শৰ্মাই লগতে কয়, ‘‘মোৰ বোধেৰে সেই ঠাইত এইধৰণৰ গীতৰ চৰ্চাও কৰা নহয় নেকি যাৰ বাবে এই ভুল কৰিলে ৷ এই বিষয়টো মই গৰিহণা দিছো ।’’ আনহাতে, কলাগুৰুৰ জ্যেষ্ঠ পুত্ৰ, বিধায়ক পৃথ্বীৰাজ ৰাভাই ক্ষোভেৰে ওড়িশাৰ পৰা ইটিভি ভাৰতক কয়, ‘‘এইয়া এক অজ্ঞতা ৷ প্ৰথমে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিত, তাৰ পাছত এতিয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত… এই গীতে তেওঁক ধ্বংস কৰিব ৷ অসমৰ ৰাইজে চিন্তা কৰিব ৷’’
অসম নাট্য সন্মিলনৰ উপ-সভাপতি তথা বিশিষ্ট অভিনেতা মৃগেন বড়াই কয়, ‘‘সংকীৰ্তন কৰি গায়িকা বুলি পৰিচয় দিয়া কৰিশ্মা নাথ নামৰ ছোৱালীগৰাকীয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ পৰজনমৰ শুভ লগনত… কালজয়ী গীতটো সংকীৰ্তনৰ সুৰত বিকৃতভাৱে গাই কলাগুৰুজনাৰ সৃষ্টিৰাজিক অপমান কৰা কাৰ্যক মই তীব্ৰ গৰিহণা দিছোঁ । এই কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয় ।’’
তেজপুৰ সদৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি দেবাঞ্জন বিকাশ পাঠকে কয়, ‘‘এগৰাকী নাগাৰা নাম পৰিৱেশন কৰা যুৱতীৰ সামাজিক মাধ্যমত অসমীয়া জাতিৰ স্বাভিমান কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ কালজয়ী সৃষ্টিৰ মাজৰ অন্যতম গীত পৰজনমৰ শুভ লগনত গীতটি ব্যংগাত্মক ৰূপত পৰিৱেশন কৰা দেখি অত্যন্ত ক্ষোভ আৰু দুখ লাগিছে ।’’
‘‘পূৰ্বতেও এইগৰাকী যুৱতীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিক ব্যংগাত্মক ৰূপত পৰিৱেশন কৰা পৰিলক্ষিত হৈছিল । বিষ্ণু ৰাভাৰ দেশৰ পৰা আমি তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাই তেখেতক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অসমৰ ৰাইজৰ আগত ক্ষমা বিচাৰি অনাগত দিনত এনেধৰণৰ কাৰ্যকলাপৰ পৰা বিৰত থাকিবলৈ দাবী জনাইছোঁ’’ বুলিও মন্তব্য কৰে ছাত্ৰনেতাগৰাকীয়ে ।
উল্লেখ্য যে, ‘‘পৰজনমৰ শুভ লগনত’’ শীৰ্ষক গীতটো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি সুপৰিচিত অসমীয়া গীত ৷ যাৰ অৰ্থ হৈছে ‘‘আমাৰ পৰৱৰ্তী জীৱনৰ শুভ সময়ত’’ বা ‘‘আমাৰ পৰৱৰ্তী জীৱনৰ শুভ মুহূৰ্তত’’ ৷ গীতটো অনলাইনত গানা আৰু জিঅ’ ছাৱনৰ দৰে মিউজিক ষ্ট্ৰীমিং প্লেটফৰ্মত উপলব্ধ ।
লগতে পঢ়ক: অসম চৰকাৰৰ হাতলৈ হস্তান্তৰ ভূপেনদাৰ কুঠৰীৰ ‘‘আপোন ঘৰ’’ৰ ভূমিস্বত্ব

