অসম চৰকাৰৰ হাতলৈ হস্তান্তৰ ভূপেনদাৰ কুঠৰীৰ ‘‘আপোন ঘৰ’’ৰ ভূমিস্বত্ব
ভাৰতৰত্ন সংগীতসূৰ্য ড৹ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ প্ৰাকক্ষণত আহিছে এক সুখবৰ ৷ ভূপেনদাৰ কুঠৰীৰ ‘‘আপোন ঘৰ’’ৰ ভূমিস্বত্ব অসম চৰকাৰলৈ হস্তান্তৰ হ’ল ৷ আনন্দিত কলিয়াবৰবাসী ৷

Published : August 31, 2025 at 8:15 AM IST
কলিয়াবৰ : ভাৰতৰত্ন সংগীতসূৰ্য ড৹ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ প্ৰাকক্ষণত কলিয়াবৰবাসী তথা ভূপেনদাৰ গুণমুগ্ধলৈ আহিল বহু প্ৰত্যাশিত সুখবৰ । ড৹ ভূপেন হাজৰিকা সাংস্কৃতিক প্ৰকল্পৰ বাবে ফটিক নেওগৰ পৰা ভূপেন হাজৰিকাৰ কুঠৰীৰ সেই পুৰণি ঘৰখনৰ লগতে মাটিখিনি ক্ৰয় কৰে চৰকাৰে । ২ কোটি ৫১ লাখ, ৬৬ হাজাৰ ৭৮ টকাত চৰকাৰলৈ হস্তান্তৰ হ’ল সুধাকণ্ঠৰ কুঠৰীৰ ঘৰ আৰু মাটি ।
উল্লেখ্য যে, ১৯৭৪ চনত ভূপেনদাই কুঠৰীত নিজাকৈ এখন ঘৰ বান্ধিছিল । কলিয়াবৰৰ ঘৰখনেই ভূপেনদাৰ একমাত্ৰ নিজাপী ঘৰ । শিল্পীপ্ৰাণ চন্দ্ৰ ফুকনৰ আহ্বানত ভূপেনদাই বান্ধিছিল এই ঘৰখন ।
কুঠৰীৰ এই গৃহতে তেওঁ জিৰণি লৈছিল, ওচৰৰ জান-জুৰিত বৰশী টোপাইছিল । এই গৃহতে সৃষ্টি হৈছিল ভূপেনদাৰ কেইবাটাও কালজয়ী গীত । কিন্তু কলৰ কূটিল গতিত ভূপেনদাৰ নিজাপী ঘৰখন আৰু ভূমি বিক্ৰী কৰিবলগাত পৰিছিল ।
শেহতীয়াকৈ অসম চৰকাৰে ভূপেনদাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ যি সিদ্ধান্ত লৈছিল, সেই সিদ্ধান্তত ভূপেনদাৰ স্মৃতি জড়িত সমল আৰু সম্পদসমূহৰ সংৰক্ষণৰ ব্যৱস্থাও সন্নিবিষ্ট আছিল । তাতেই কলিয়াবৰৰ ভূপেনদাৰ গৃহটো সংৰক্ষণৰ কথাও উল্লেখ আছিল ।

কিন্তু ঘৰটোৰ লগতে প্ৰায় সাত বিঘা ভূমি ক্ৰয় কৰিছিল ফটিক নেওগ নামৰ এগৰাকী লোকে । নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মা স্বাক্ষৰিত এক চিঠিযোগে ভূপেনদাৰ ঘৰ-মাটিৰ স্বত্ব অসম চৰকাৰে গ্ৰহণ কৰে । ফলত অসম চৰকাৰৰ কৰ্তৃত্বলৈ আহিল কুঠৰীত থকা সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ বাসগৃহ ।
উল্লেখযোগ্য যে, কলিয়াবৰৰ তদানীন্তন বিধায়ক তথা বৰ্তমানৰ মন্ত্ৰী কেশৱ মহন্তৰ প্ৰচেষ্টাত সুধাকণ্ঠৰ কুঠৰীস্থিত বাসগৃহটোক এক সাংস্কৃতিক প্ৰকল্পলৈ ৰূপান্তৰিত কৰাৰ আঁচনি হাতত লৈছিল । পৰৱৰ্তী কালত দুৰ্ভাগ্যজনকভাৱে বাসগৃহটোৰ চৌহদৰ ভূমি বিবাদে বিষয়টোত জটিলতাৰ সৃষ্টি কৰিছিল ।
সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ নামত থকা কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দ্বাৰ বাগৰি মৌজাৰ ন-জান গাঁৱৰ পট্টা নম্বৰ ১৫ আৰু দাগ নম্বৰ ২৮৮, ২৯০ আৰু ২৯১ দাগৰ মুঠ ৭ বিঘা ভূমি নিৰ্দেশনা নং এন আৰ কে ১৬/২০১৮/১৩৭ (NRK 16/2018/137) তাং ১৫/০৭/২১(dt. 15/07/21) মৰ্মে জিলা উপায়ুক্তৰ প্ৰতিনিধি হিচাপে অতিৰিক্ত উপায়ুক্ত মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে ১৬ জুলাই তাৰিখে ভূমিসহ গৃহটি হস্তান্তৰ কৰিছিল ।
ভূপেনদাৰ কুঠৰীৰ ‘‘আপোন ঘৰ’’ আৰু ভূমিৰ স্বত্ব অসম চৰকাৰলৈ হস্তান্তৰ হোৱাত কলিয়াবৰবাসীয়ে আনন্দ প্ৰকাশ কৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক কেশৱ মহন্তলৈ ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক : ঈশ্বৰৰ কৃপাত তেওঁ হেনো পাইছে ভাল চেহেৰা ! চিনি পাইছেনে কোন তেওঁ ? লগতে পঢ়ক : ড৹ ভূপেন হাজৰিকা-হীৰেন ভট্টাচাৰ্যৰ গীত-কবিতাক কেনভাছত জীৱন্ত কৰা এগৰাকী শিল্পী |
কলিয়াবৰৰীয়া ভূপেনদাৰ এগৰাকী অন্যতম গুণগ্ৰাহী ৰঞ্জিত কুমাৰ ভট্টাচাৰ্যই কয়, ‘‘ভূপেনদাৰ আপোন কুঠৰীত থকা স্বগৃহ আৰু ভূমি সংৰক্ষণ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰি ইতিমধ্যে বিক্ৰী হৈ যোৱা মাটি পুনৰোদ্ধাৰ কৰিলে । এই ভূমিত ভূপেনদাৰ স্মৃতিত এক সৃজনীমূলক অনুষ্ঠান গঢ় দিয়াৰ ক্ষেত্ৰত অসম চৰকাৰে এক পদক্ষেপ ল’ব বুলি আমি আশাবাদী ।’’
‘‘ভূপেনদাই শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ আহ্বান ক্ৰমে কুঠৰীত এটুকুৰা মাটি কিনিছিল আৰু তাতে এটা লোকসংস্কৃতিৰ সংগ্ৰহালয় খোলাৰ সপোন দেখিছিল । ভূপেনদাৰ সেই স্থানত এটা সৃজনীমূলক প্ৰকল্প প্ৰতিষ্ঠাৰ কলিয়াবৰবাসীয়েও দেখিছিল, ভূপেনদাৰো সহমত আছিল । কিন্তু মাটিখিনি বিক্ৰী হৈ যোৱাৰ পাছত ভূপেনদাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান উদযাপনৰ প্ৰাকক্ষণত অসম চৰকাৰে এই ইতিবাচক সিদ্ধান্ত লোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো ।’’ তেওঁ কয় ৷

ভট্টাচাৰ্যই স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ বিশেষ তৎপৰতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । লগতে মুখ্যমন্ত্ৰী আৰু নগাঁও জিলা আয়ুক্তৰো বিশেষ শলাগ লয় ।
আনহাতে, ভূপেনৰ কুঠৰীৰ বাসগৃহ সংৰক্ষণৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ প্ৰাৰম্ভিক কাম হিচাপে ভূমিৰ স্বত্ব চৰকাৰৰ হাতলৈ অনাত আনন্দ প্ৰকাশ কৰে শিক্ষাসেৱী ভূপেন শৰ্মাই । শৰ্মাই কয়, ‘‘দীৰ্ঘদিনীয়া এক প্ৰতিক্ষাৰ অন্তত এই খবৰটো আহিছে । কুঠৰীৰ ঘৰখনেই হ'ল ভূপেনদাৰ নিজাপী ঘৰ । কুৰীৰ ঘৰখনত এক সাংস্কৃতিক প্ৰকল্পৰ লগতে পুত্ৰ তেজ হাজৰিকাৰ ইচ্ছা অনুসৰিয়েই বৌদ্ধ ধৰ্মৰ এক কেন্দ্ৰ স্থাপনৰ ইচ্ছা আছিল । কিন্তু আৰ্থিক সংকটৰ দোহাই দি সম্পতিটো বিক্ৰী কৰিছিল । এই কথাটোৱে তেওঁক বৰ দুখ দিছিল । কাৰণ তেখেতে ভবাৰ দৰে যে কামটো নহ'ল !’’
‘‘কিন্তু তাৰ পিছৰ পৰ্যায়ত সোণোৱাল চৰকাৰৰ প্ৰথম কেবিনেটে ভূপেনদাৰ ঘৰটো সংৰক্ষণৰ লগতে এক সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত লৈছিল । আমিও সেই কামটোত জড়িত আছিলো ৷ ভূপেনদাৰ সেই প্ৰকল্পটোত কি থাকিব সেই সাংস্কৃতিক দিশৰ এক কাঠামো তৈয়াৰ কৰি দিছিলো । তেখেতৰ চিনেমা প্ৰদৰ্শিত হওক, গীতসমূহ বাজি থাকক, গানৰ চৰ্চা, গীত-গদ্যৰ গৱেষণা হওক; এনেকুৱা ধৰণৰ ভালেমান চিন্তা আমি সন্নিবিষ্ট কৰিছিলো ।’’ শৰ্মাই কয় ৷

তেওঁ আৰু কয়, ‘‘ইতিমধ্যে কলাক্ষেত্ৰৰ ভূপেনদাৰ কিছু সমল সংৰক্ষিত হৈছেই । কিন্তু আমি আশা কৰিম কলাক্ষেত্ৰৰ দৰে একে নহৈ, ই এটা সাংস্কৃতিক স্থল হিচাপে গঢ় লৈ গীতে-মাতে ৰজনজনাই থাকিলেহে ভাল লাগিব । ভূপেন দাই বাৰে-বাৰে কোৱা 'আপোন মৰমী কুঠৰী'ৰ ঘৰটি তেখেতে বিচৰাৰ দৰেই গঢ় লওক তাৰ কামনা কৰিছো ।’’
ইফালে, ভূপেনদাৰ কুঠৰীৰৰ ঘৰটিৰ দীৰ্ঘকালৰ চোৱা-চিতা কৰা চুৰেন নেওগেও চৰকাৰৰ এই সিদ্ধান্তত আনন্দ অশ্ৰু বোৱাই ধন্যবাদ জ্ঞাপন কৰে ।ভূপেনদাৰ উৱলি যোৱা গৃহটোৰ চৌহদ চাফ-চিকুন কৰি জন্ম শতবৰ্ষৰ অনুষ্ঠানৰ বাবে সাজু কৰি তুলিছে চুৰেন নেওগে । এতিয়া কলিয়াবৰবাসীয়ে ভূপেনদাৰ সপোনৰ সাংস্কৃতিক প্ৰকল্পৰ কামো অনতি পলমে আৰম্ভ কৰিবলৈ চৰকাৰলৈ অনুৰোধ জনায় ।
কুঠৰীৰ বাসগৃহটো সংৰক্ষণ আৰু সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কলিয়াবৰীয়া ৰাইজ তথা ভূপেনদাৰ গুণমুগ্ধৰ দীৰ্ঘদিনীয়া দাবী আছিল । কলিয়াবৰীয়া ৰাইজ তথা ভূপেনদাৰ গুণমুগ্ধ সকলৰ দীৰ্ঘদিনীয়া ইচ্ছাৰ প্ৰতি সন্মান জনাই ফটিক নেওগে শিল্পীগৰাকীৰ বাসগৃহ সহিতে কিছু ভূমি ভূপেনদাৰ স্মৃতি ৰক্ষাৰ বাবে এৰি দিছিল ।

২০১৩ চনৰ ৫ নৱেম্বৰত সুধাকণ্ঠৰ দ্বিতীয় স্মৃতি দিৱসত কলিয়াবৰ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ তৎপৰতাত কুঠৰিস্থিত বাসগৃহত ইতিমধ্যে ভূপেনদাৰ আৱক্ষ মূৰ্তি উন্মোচন কৰা হৈছিল । এই অনুষ্ঠানতে ভূপেন শৰ্মা আৰু ৰঞ্জিত কুমাৰ ভট্টাচাৰ্যৰ সম্পাদনাত 'কলিয়াবৰীয়া ভূপেনদা' শীৰ্ষক এখনি স্মৃতিগ্ৰন্থও বিধায়ক কেশৱ মহন্তই প্ৰকাশ কৰি উলিয়াইছিল ।
উল্লেখযোগ্য যে, কলিয়াবৰৰ তদানীন্তন বিধায়ক তথা বৰ্তমানৰ মন্ত্ৰী কেশৱ মহন্তৰ প্ৰচেষ্টাত সুধাকণ্ঠৰ কুঠৰীস্থিত বাসগৃহটোক তেতিয়াই এক সাংস্কৃতিক প্ৰকল্পলৈ ৰূপান্তৰিত কৰাৰ আঁচনি হাতত লৈছিল ।

