ETV Bharat / state

বিকশিত ভাৰত সংকল্প যাত্ৰা এক মহান অভিযান: গুলাব চান্দ কাটাৰীয়া

author img

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 10:39 PM IST

Bikashit Bharat Sankalp Yatra: ওদালগুৰিত বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশগ্ৰহণ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ । বিকশিত ভাৰত সংকল্প যাত্ৰা এক মহান অভিযান বুলি মন্তব্য ৰাজ্যপালগৰাকীৰ । ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে স্থিৰ কৰা লক্ষ্য সম্পর্কে সজাগ কৰাৰ উদ্দেশ্যে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ পৰিকল্পনা বুলি উল্লেখ কৰে ৰাজ্য়পাল কাটাৰীয়াই ।

Bikashit Bharat Sankalp Yatra held in Udalguri
ওদালগুৰিত বিকশিত ভাৰত সংকল্প যাত্ৰা

ওদালগুৰিত বিকশিত ভাৰত সংকল্প যাত্ৰা

ওদালগুৰি,২৪ জানুৱাৰী: ওদালগুৰিৰ গেলাবিলত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া । বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যপালগৰাকীয়ে । মাজবাট বিধানসভা সমষ্টিৰ গেলাবিল ভিচিডিচিত বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশগ্রহণ কৰি চৰকাৰী আঁচনিৰ সৈতে সংযোগ স্থাপন কৰিব নোৱৰা লোকসকলৰ কাষ চাপিবলৈ বিকশিত ভাৰত সংকল্প যাত্ৰা এক মহান অভিযান বুলি মন্তব্য কৰে ৰাজ্যপালগৰাকীয়ে ।

এই যাত্ৰাই ৪০ হাজাৰৰো অধিক গাঁও পঞ্চায়ত আৰু বহু চহৰত উপনীত হৈছে, য'ত ১.২৫ কোটিতকৈ অধিক লোকে 'মোদী কি গেৰাণ্টী' বাহনৰ সৈতে সংযোগ স্থাপন কৰিছে । 'মোদী কি গেৰাণ্টী' বাহনখনক আদৰণি জনোৱাৰ বাবে তেওঁ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে । কেন্দ্ৰীয় চৰকাৰে ১৫ নৱেম্বৰৰ পৰা বিকশিত ভাৰত সংকল্প যাত্ৰা নামৰ ৰাষ্ট্ৰজোৰা জনসম্পৰ্ক আৰু সজাগতা অভিযান আৰম্ভ কৰিছিল ।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বীৰচা মুণ্ডা জয়ন্তীৰ লগত সংগতি ৰাখি পালন কৰা জনজাতি গৌৰৱ দিৱস উপলক্ষে এই যাত্ৰাৰ শুভাৰম্ভ কৰিছিল । যোৱা বৰ্ষৰ ২২ নৱেম্বৰৰ পৰা অহা বছৰৰ ২৪ জানুৱাৰী পৰ্যন্ত দেশৰ বাকী জিলাসমূহক এই যাত্ৰাত সামৰি লোৱা হয় । ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে স্থিৰ কৰা লক্ষ্য সম্পর্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা আৰু উন্নয়নমূলক তথা কল্যাণকামী আঁচনিসমূহত জনসাধাৰণৰ অংশগ্রহণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ পৰিকল্পনা ।

এই যাত্ৰাৰ সময়ত জলজীৱন মিছন, আয়ুষ্মান ভাৰত যোজনা, প্রধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা, প্রধানমন্ত্রী মুদ্রা যোজনা, জনধন যোজনা, প্রধানমন্ত্রী আবাস যোজনা, প্রধানমন্ত্রী প্রণাম যোজনা আৰু ইউৰীয়া ৰাজসাহায্য যোজনাসহ ২০ খন যোজনাৰ মূল বিশেষত্বসমূহ দাঙি ধৰা হৈছে এই সংকল্প যাত্ৰাত । কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ সুফল সমাজৰ সকলো যোগ্য ব্যক্তিয়ে পোৱাটো নিশ্চিত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী সমগ্র ৰাজ্যতে ৰূপায়ণ কৰি থকা হৈছে ।

ৰাজ্যপালগৰাকীয়ে গেলাবিল বিষ্ণু ৰাভা বড়ো উচ্চ ইংৰাজী বিদ্যালয় আৰু মাজবাট উন্নয়নখণ্ডৰ অন্তৰ্গত গেলাবিল VCDC ত আয়োজিত বিকশিত ভাৰত সংকল্প যাত্রাত অংশগ্রহণ কৰে । তেওঁ বিকাশৰ দূৰন্ত গতিৰে ধাৱমান হোৱা কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ জনহৈতেষী সুবিধা গ্রহণ কৰিবলৈ ৰাইজলৈ আহ্বান জনায় ।

লগতে পঢ়ক: প্ৰথমবাৰৰ বাবে দেশৰ গণৰাজ্য দিৱসৰ বিশেষ অতিথি ভাইব্ৰেন্ট ভিলেজৰ নাগৰিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.