ETV Bharat / state

অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত ভাৰত ষ্টীম বয়লাৰ এক্সপ’

Bharat Steam Boiler Expo 2024 : অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা ২৯ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ভাৰত ষ্টীম বয়লাৰ এক্সপ’ ২০২৪ ।

Etv BharatBharat Steam Boiler Expo 2024
অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত ভাৰত ষ্টীম বয়লাৰ এক্সপ’
author img

By ETV Bharat Assamese Team

Published : January 28, 2024 at 8:14 PM IST

2 Min Read
Choose ETV Bharat
অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত ভাৰত ষ্টীম বয়লাৰ এক্সপ’

গুৱাহাটী, ২৮ জানুৱাৰী : অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ভাৰত ষ্টীম বয়লাৰ এক্সপ’ ২০২৪ । বয়লাৰ পৰিদৰ্শন বিভাগ, অসমৰ উদ্যোগত অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা ২৯ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব এই আন্তৰ্জাতিক প্ৰদৰ্শনখন ।

অসমৰ মুখ্য বয়লাৰ পৰিদৰ্শক এন বৰা, ইণ্ডিয়ান অইল ক’ৰ্পাৰেচন লিমিটেডৰ অধীনস্থ গুৱাহাটী শোধনাগাৰৰ মহাপ্ৰবন্ধক (এমএছ, এল এণ্ড ডি) শ্ৰীমতী সীতা বৰুৱা আৰু নুমলীগড় শোধনাগাৰৰ মুখ্য মহাপ্ৰৱন্ধক (নিগম সম্পৰ্ক) নলিনী বুঢ়াগোহাঁইৰ উপস্থিতিত এক্সপ’ৰ বিষয়ে ঘোষণা কৰা হয়।

দেওবাৰে গুৱাহাটীত সংবাদমেল সম্বোধন কৰি অসমৰ মুখ্য বয়লাৰ পৰিদৰ্শক এন বৰাই কয়, প্ৰথম ভাৰত ষ্টীম বয়লাৰ এক্সপ’ ২০২৪ কেৱল এটা অনুষ্ঠানেই নহয়, এয়া হৈছে ভাৰতৰ ঔদ্যোগিক দৃশ্যপটত বয়লাৰসমূহে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ অনন্য উদযাপনো । এই এক্সপ’ৰ প্ৰধান উদ্দেশ্য হৈছে, ষ্টীম বয়লাৰ ব্যৱহাৰ কৰি বিভিন্ন উদ্যোগৰ বিকাশ আৰু কাৰ্যক্ষমতা বৃদ্ধি কৰা, জ্ঞান আৰু অভিজ্ঞতাৰ আদান-প্ৰদানৰ সুবিধা প্ৰদান কৰা আৰু অংশীদাৰসকলৰ মাজত নেটৱৰ্কিং তথা ব্যৱসায়িক সুযোগ প্ৰসাৰ কৰা ।

এই অনুষ্ঠানটোত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ষ্টীম বয়লাৰ নিৰ্মাতা, আনুসংগিক যোগানকাৰী, সেৱা আৰু ৰক্ষণাবেক্ষণ পেছাদাৰী আৰু ষ্টীম বয়লাৰৰ ওপৰত নিৰ্ভৰশীল খণ্ড বিদ্যুৎ কেন্দ্ৰ, বস্ত্ৰ উদ্যোগ, খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ, ৰাসায়নিক উৎপাদনকাৰী আৰু অন্যান্যৰ প্ৰতিনিধিকে ধৰি প্ৰায় ১০০ অংশগ্ৰহণকাৰী উপস্থিত থাকিব । এই অনুষ্ঠানৰ সময়ছোৱাত উদ্যোগ বিশেষজ্ঞসকলে উন্নত ৰক্ষণাবেক্ষণ পদ্ধতি, নিয়ন্ত্ৰণ অনুসৰণ আৰু সুৰক্ষা মানদণ্ড, বয়লাৰ প্ৰযুক্তিৰ বিকাশশীল ধাৰা আদি বিভিন্ন বিষয়ৰ ওপৰত ধাৰাবাহিক আলোচনাচক্ৰ আৰু কৰ্মশালা অনুষ্ঠিত কৰা হ’ব ৷

লক্ষণীয় যে, এক্সপ’ত পণ্য আৰু প্ৰযুক্তিৰ এক বিস্তৃত প্ৰদৰ্শন কৰা হ’ব, য'ত অত্যাধুনিক বয়লাৰ ডিজাইন, ইন্ধন কাৰ্যক্ষমতাৰ ক্ষেত্ৰত নৱ- উদ্ভাৱন, প্ৰদূষণ নিয়ন্ত্ৰণৰ সঁজুলি আৰু স্বয়ংক্ৰিয়কৰণ আৰু সুৰক্ষা সমাধান অন্তৰ্ভুক্ত থাকিব ।

লগতে পঢ়ক: অসম কংগ্ৰেছ সোমায় আছে বিজেপিৰ পকেটত; বদৰুদ্দিন আজমল