অসমৰ মুখ্যমন্ত্ৰী আটাইতকৈ নিকৃষ্ট মুখ্যমন্ত্ৰী: ৰাহুল গান্ধী
Bharat Jodo Nyaya Yatra: ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অসমত আজি অন্তিম দিন । বিলাসীপাৰাত উপস্থিত হয় ৰাহুল গান্ধী নেতৃত্বাধীন ভাৰত জোড়ো ন্যায় যাত্ৰা । বিশাল জনসভা সম্বোধন কৰি কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীয়ে তীব্ৰ কটাক্ষ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক । আজমলকো সমালোচনা কংগ্ৰেছ নেতাগৰাকীৰ ।

Published : January 24, 2024 at 8:05 PM IST
বিলাসীপাৰা,২৪ জানুৱাৰী: কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অসমত আজি অন্তিম দিন । অন্তিম দিনা বিলাসীপাৰাত বিশাল জনসভা সম্বোধন কৰে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীয়ে । কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীয়ে ধুবুৰী জিলাত পদাৰ্পণ কৰাৰ লগে লগে উষ্ম আদৰণী জনায় হেজাৰ হেজাৰ কংগ্ৰেছী নেতা-কৰ্মীয়ে ।
যুৱৰাজ ৰাহুল গান্ধীয়ে চাপৰৰ বহলপুৰৰ পৰা পোনে পোনে আহি উপস্থিত হয় বিলাসীপাৰাৰ সোণকোষৰ বিশাল ৰাজহুৱা জনসভাত । জনসভাত অংশগ্ৰহণ কৰি ৰাহুল গান্ধীয়ে নিজৰ ভাষণত কয় যে, "নফৰত কী বাজাৰ মে মোহাব্বাত কা দোকান খোলনা হে ।" কংগ্ৰেছ যুৱৰাজ গৰাকীয়ে লগতে কয় যে, ভাৰত জোড়ো যাত্ৰাই ভাৰতীয় জনতাৰ বিপুল সঁহাৰি লাভ কৰাৰ পিছত নিশ্চিতভাৱে ভাৰত জোড়ো ন্যায় যাত্ৰাকো আৰু দুগুন সঁহাৰি জনাইছে দেশৰ সৰ্ব স্তৰৰ জনতাই ।
নেতাগৰাকীয়ে নিজৰ ভাষণত উল্লেখ যে, সমগ্ৰ ভাৰতৰ ভিতৰত যিমান মুখ্যমন্ত্ৰী আছে, সকলো মুখ্যমন্ত্ৰীৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী হৈছে আটাইতকৈ নিকৃষ্ট মুখ্যমন্ত্ৰী । অসমৰ মুখ্যমন্ত্ৰীয়ে ২৪ ঘন্টাই ৰাজ্যত ঘৃণা বিয়পাই থাকে । হিমন্ত বিশ্ব শৰ্মাৰ ৰিমৰ্ট কন্ট্ৰ'ল আছে অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ হাতত । দিল্লীয়ে যিদিনা হিমন্তক বেয়া পাব, সেইদিনাই হিমন্ত বিশ্ব শৰ্মাক ওফৰাই পেলাব ।
আজমল প্ৰসংগত সৰৱ হৈ তেওঁ কয় যে, আজমলে সদায় হিমন্ত বিশ্ব শৰ্মাৰ মতেই কাম কৰে । অসমত কংগ্ৰেছৰ যুদ্ধ কেৱল বিজেপিৰ লগত নহয়, বিজেপিৰ বি টীম আজমলৰ সৈতেও । উল্লেখ্য যে, বিলাসীপাৰাৰ বিশাল জনসভা সমাপ্ত কৰি কংগ্ৰেছ যুৱৰাজ উপস্থিত হয় গৌৰীপুৰৰ বলদমাৰাত । বলদমাৰাতেই নৈশ যাপন কৰিব ৰাহুল গান্ধীয়ে ।
২৫ জানুৱাৰীৰ পুৱা ৭ বজাৰ পিছত বলদমাৰাৰ পৰা যাত্ৰা আৰম্ভ কৰি গোলকগঞ্জ, আগমণিৰ পিছত ছাগলীয়া হৈ পশ্চিম বংগত প্ৰৱেশ কৰিব ৰাহুল গান্ধীৰ নেতৃত্বাধীন ভাৰত জোড়ো ন্যায় যাত্ৰাই । বিলাসীপাৰাৰ সোণকোষত অনুষ্ঠিত কংগ্ৰেছৰ বিশাল ৰাজহুৱা জনসভাত অংশগ্ৰহণ কৰে প্ৰায় লক্ষাধিক কংগ্ৰেছী নেতা কৰ্মী ।
লগতে পঢ়ক: ৰাহুল গান্ধীয়ে উন্নয়নৰ ছবি দেখি অনুশোচনাত ভুগিব : অতুল বৰা

