ETV Bharat / state

প্ৰাণপাই উঠিছে শীতৰ সময়ছোৱাত শুকাই যোৱা মৰাভৰলীয়ে - MORA BHARALI RIVER

মৰাভৰলীক পুনৰুজ্জীৱিত কৰিবলৈ ৪০০ মিটাৰ খনন । ৰোপণ কৰা হৈছে ফুল গছ।

beautification on both sides of the Mora Bharali River
তেজপুৰৰ মৰাভৰলী নদী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 10, 2025 at 9:49 PM IST

5 Min Read

তেজপুৰ : প্ৰাণ পাই উঠিছে এখন নদীয়ে । দীৰ্ঘদিন ধৰি নদীখনৰ দুয়ো পাৰে হৈ আছিল বেদখল । এতিয়া এই দুয়োপাৰ বেদখলমুক্ত কৰি সৌন্দৰ্য বৃদ্ধিৰ লগতে স্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰা হৈছে । দুয়োপাৰে ৰোপণ কৰা হৈছে সৌন্দৰ্যবৰ্ধন কৰা ফুল গছ ।

অসমত বহুতো সৰু সৰু নদী বা জলাশয় আছে যি মৃতপ্ৰায় বুলিয়েই কোৱা হয় । সেই নদীসমূহ এতিয়া পুনৰুজ্জীৱিত কৰিবলৈ চৰকাৰে গ্ৰহণ কৰিছে পদক্ষেপ । আমি আজি ক'বলৈ ওলাইছো তেজপুৰ চহৰৰ প্ৰৱেশদ্বাৰত আৰম্ভ হোৱা মৰাভৰলী নদীৰ কথা ।

পুনৰুজ্জীৱিত তেজপুৰৰ মৰাভৰলী নদী (ETV Bharat Assam)

পূৰ্বতে নদীখন বিভিন্ন অৱৰ্জনাৰে ভৰি পৰাৰ লগতে বেদখলৰ কবলত আছিল । নদীখনৰ গতিপথ মুক্ত কৰি খননৰে দুয়ো কাষত নিৰ্মাণ কৰা হৈছে পদপথ । লক্ষ্য় পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলা । শোণিতপুৰ জিলা প্ৰশাসনে জলসম্পদ বিভাগৰ জৰিয়তে নদী সুৰক্ষাৰ বাবে গ্ৰহণ কৰিছে এই বৃহৎ পদক্ষেপ ।

অলপতে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ আঁচনিৰ জৰিয়তে মৃতপ্ৰায় নদীসমূহৰ সংৰক্ষণ কৰাৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । অসমত বহুতো এনেধৰণৰ নদী আছে যিসমূহ বাৰিষাৰ বাহিৰে নদী বুলি কোনো ধাৰণাই কৰিব নোৱাৰি । কেন্দ্ৰীয় চৰকাৰৰ এই বিশেষ আঁচনিৰ জৰিয়তে অসমত মুঠ ৯ টা এনেধৰণৰ আঁচনি হাতত লোৱা হৈছে আৰু তাৰ ভিতৰত তেজপুৰৰ মৰাভৰলী অন্যতম ।

কিমান ধন ধাৰ্য কৰা হৈছে ?

বৰ্তমান চৰকাৰে নদীৰ দুয়ো পাৰে শোভাবৰ্ধন আৰু খননৰ বাবে মুঠ ৫৪ কোটি টকা ধার্য কৰিছে । সেই ধনেৰে প্ৰায় ৪০০ মিটাৰ খনন আৰু পাৰত নেটৰ ঢাকনি দিয়া হৈছে । নদীখনৰ দুয়োটা পাৰত পদপথৰ ব্যৱস্থা কৰি খোজ কাঢ়িবলৈ আৰু চাইকেল চলোৱাৰ সুবিধা কৰিছে বুলি সদৰী কৰিছে তেজপুৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা খনিন্দ্ৰ বৰ্মনে ।

এই সন্দৰ্ভত কাৰ্যবাহী অভিযন্তা খনিন্দ্ৰ বৰ্মনে কয়, "বৰ্তমান প্ৰথম কিস্তিৰ ধনেৰে এই কাম চলি আছে । মই তেজপুৰলৈ জলসম্পদ বিভাগত অহাৰ পিছত মৰাভৰলী নদীৰ বিষয়ে জিলা উন্নয়ন বিভাগৰ সভাত অৱগত কৰো আৰু এই পৰিকল্পনা পৰৱৰ্তী সময়ত গ্ৰহণ কৰি আলোচনা কৰাত বিষয়টোৱে স্থান লাভ কৰে । বিগত ২০২২ চনৰ ১১ জুনত তেজপুৰ কনভেন্সন চেণ্টাৰত অনুষ্ঠিত হোৱা কেবিনেটে এই নদীৰ শোভাবৰ্ধনৰ কামৰ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰিছিল । তাৰ পিছত ২০২৩ বৰ্ষত এই কামৰ আধাৰশিলা স্থাপন কৰা হয় । নাবাৰ্ডৰ জৰিয়তে প্ৰথম কিস্তিৰ ধন মোকোলাই দিয়াৰ পিছত বৰ্তমান কাম চলি আছে । নদীৰ পাৰত জিঅ'বেগ আৰু সেউজীয়া নেট ব্যৱহাৰ কৰা হৈছে ।"

কাৰ্যবাহী অভিযন্তাগৰাকীয়ে পুনৰ কয়, "পৰিৱেশ অধিক উন্নত কৰিবলৈ পাৰৰ পদপথৰ মাজত সেউজীয়া গছ আৰু ভিন্ন প্ৰকাৰৰ ফুল ৰোপণ কৰাৰ ব্যৱস্থা হাতত লোৱা হৈছে । জীয়াভৰলীৰ পৰা মৰাভৰলী বিষ্ণু প্ৰসাদ ৰাভাৰ সমন্বয় ক্ষেত্ৰলৈ মুঠ ১২ কিলোমিটাৰ এই পথ থাকিব নৈখনৰ দয়োপাৰত ।"

আনহাতে এই সংৰক্ষণ ব্যৱস্থাৰ দ্বাৰা মৰাভৰলীত ৬২ মিলিয়ন কিউবিক পানী জমা কৰি ৰাখিব পৰা যাব বুলি উল্লেখ কৰি তেওঁ কয় যে এই পানী খৰাঙৰ সময়ত বিভিন্ন কামত ব্যৱহাৰ কৰিব পৰা যাব ।

মৰাভৰলীৰ উৎপত্তি :

beautification on both sides of the Mora Bharali River
তেজপুৰৰ মৰাভৰলী (ETV Bharat Assam)

মৰাভৰলী নদী অসমৰ এখন উপ-নদী । এই নদীখন ব্ৰহ্মপুত্ৰৰ উপ-নদী আৰু ই মূলতঃ তেজপুৰ অঞ্চলৰ ওচৰেদি বৈ গৈছে । 'মৰাভৰলী' নামটোৰ অৰ্থ হৈছে 'শুকাই অহা ভৰলী' । অৰ্থাৎ এইটো ভৰলীনদীৰ এটা অংশ যি শীতৰ সময়ত প্ৰায় শুকাই যায় । এতিয়া সমগ্ৰ প্ৰকল্পটোৰ কিছু অংশত অৰ্থাৎ ৪০০ মিটাৰ পৰ্যটন,পদযাত্ৰা, চাইক্লিং আদিৰ বাবে ব্যৱহৃত হৈছে ।

দেশৰ জলাশয়ৰ সংৰক্ষণ :

উল্লেখ্য় যে উচ্চতম ন্যায়ালয়ে জলাশয় সংৰক্ষণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক বাৰে বাৰে নিৰ্দেশ জাৰি কৰি আহিছে,য’ত ইয়াৰ সুৰক্ষা আৰু সীমা নিৰ্ধাৰণৰ নীতিও অন্তৰ্ভুক্ত কৰা হৈছে । জৈৱ বৈচিত্ৰ, জলবায়ুৰ স্থিতিস্থাপকতা আৰু নগৰ উন্নয়নৰ বাবে এই পৰিবেশ তন্ত্ৰসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি আদালতে মেপৰ দ্বাৰা প্ৰস্তুত কৰা জলাশয়সমূহ সুৰক্ষিত কৰাৰ বাবে কৰা অনুৰোধৰ প্ৰতি সঁহাৰি জনাবলৈও কেন্দ্ৰক আহ্বান জনাইছে ।

বিশেষজ্ঞৰ মতে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আৰু কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ দ্বাৰা এই জলাশয়ৰ পুনৰুজ্জীৱিত কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । অসমত এনে জলাশয় হাজাৰৰো অধিক আছে । মনকৰিবলগীয়া যে অসমৰ মুঠ ৯ টা এনে প্ৰকল্পৰ বিষয়ে জানিব পৰা গৈছে যদিও বিভাগীয় কৰ্তৃপক্ষই সেই ঠাইসমূহৰ তালিকা উল্লেখ কৰাৰ পৰা বিৰত থাকে ।

কেন্দ্ৰীয় চৰকাৰে পৰিৱেশ,বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ জৰিয়তে জলাশয় সংৰক্ষণৰ বাবে অধিসূচনা জাৰি কৰি পদক্ষেপ গ্ৰহণ কৰিছে, য’ত জলজ পৰিৱেশতন্ত্ৰ সংৰক্ষণৰ ৰাষ্ট্ৰীয় পৰিকল্পনা (এনপিচিএ)ও জড়িত হৈ আছে ।

লগতে পঢ়ক:বোৱতী হ'ব কলং; আকৌ আৰম্ভ হৈছে কলঙৰ খনন - REJUVENATION OF KOLONG RIVER

বাহিৰাগত কোম্পানীৰ হাতলৈ যাব নেকি কুলশী নদীৰ গাতে লাগি থকা দৰাবিল ? - DORA BEEL

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.