গুৱাহাটী: সংকটত দক্ষিণ কামৰূপৰ ঐতিহাসিক দৰাবিল । প্ৰায় ১৪০০ বিঘা সামৰি জৈৱ বৈচিত্ৰৰে ভৰপূৰ দৰাবিল আৰু ইয়াৰ সংলগ্ন গো-চৰণীয়া পথাৰখন চৰকাৰ তথা বাহিৰাগত কোম্পানীৰ শেনচকুৰ পৰা ৰক্ষা কৰাৰ বাবে বৃহত্তৰ অঞ্চলৰ ৰাইজ তথা প্ৰকৃতিপ্ৰেমী সংঘবদ্ধ হৈছে ।
- এখন জাননীক লৈ শংকিত দৰাবিলবাসী :
যোৱা ৭ এপ্ৰিলত কামৰূপ জিলা আযুক্তৰ কাৰ্যালয়ে জাৰি কৰা এখন জাননীক লৈ স্থানীয় দৰাবিলবাসী জাঙুৰ খাই উঠিছে ।

এই সন্দৰ্ভত স্থানীয় বাসিন্দা তথা প্ৰকৃতিপ্ৰেমী প্ৰসন্ন কলিতাই কয়, “কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ে জাৰি কৰা জাননীখন মতে পলাশবাৰী ৰাজহ চক্ৰৰ ৰামপুৰ মৌজাৰ ১নং ৰামপুৰ আৰু ২ নং ৰামপুৰ গাঁৱৰ গো-চৰণীয়া পথাৰ (ভি জি আৰ)ৰ ৬১০নং দাগৰ ৮৩ বিঘা ২ কঠা ১৪ লেছা আৰু ২৪৪ নং দাগৰ ৬৬ বিঘা ২ কঠা ৬ লেছা, মুঠ ১৫০ বিঘা মাটি লাজষ্টিক পার্ক স্থাপনৰ বাবে এ আই ডি চি এ সংৰক্ষণমুক্ত কৰাৰ ব্যৱস্থা কৰিছিল ।“
উল্লেখ্য যে এই প্রকল্প কলকতাৰ এটা প্রতিষ্ঠানে নিৰ্মাণ কৰিব । এই নিৰ্দেশৰ পাছত অঞ্চলটোৰ সচেতন লোক, প্রকৃতিপ্রেমী দল-সংগঠন জাঙুৰ খাই উঠিছে । আনকি, ৰাইজৰ সহায়-সহযোগত ঠায়ে ঠায়ে প্রতিবাদো কৰি আহিছে । তথাপি চৰকাৰৰ স্থিতি একপ্ৰকাৰ একেই থকাত বিপাঙত পৰিছে দৰাবিলবাসী ।

- কিয় গুৰুত্ব দৰাবিলৰ :
দক্ষিণ কামৰূপৰ এখন গুৰুত্বপূৰ্ণ আৰ্দ্ৰভূমি হ'ল বিলদৰা বা দৰাবিল । কুলশী নদীৰ গাতে লাগি থকা এই বিলখনে দক্ষিণ কামৰূপৰ এটা বিস্তৰ অঞ্চলৰ পৰিৱেশ সন্তুলিত কৰি ৰাখিছে । বৃহত্তৰ ৰামপুৰ গ্রামাঞ্চলৰ জনজীৱন তথা পৰিৱেশ নিয়ন্ত্ৰণৰ ই এটা প্রাণকেন্দ্ৰ ।
বিলখনৰ পূব দিশত খিদিৰপুখুৰী, ৰাজাপুখুৰী, ৰামপুৰ, ভাগৱতীপাৰা, বাটৰহাট আদি গাঁও, পশ্চিম অঞ্চলত কলহী নদী আৰু ইয়াৰ সংযোগস্থলক আৱৰি কুকুৰমাৰা, জীয়াকুৰ, আমতলা আদি বৃহৎ জনাঞ্চলে আৱৰি আছে ।
দক্ষিণ দিশত সৰু তেজপুৰ, বৰ তেজপুৰ, সাতপখলী আদি বৃহৎ গ্রাম্যভূমি আৰু উত্তৰ দিশত কৃষক আৰু মাছমৰীয়া সমাজ এখন সামৰি নহিৰা, গুইমাৰা, কুলডুং, বটাৰী, চিমিনা, ফটুৰি ইত্যাদি এটা বৃহৎ জনবসতিপূৰ্ণ অঞ্চল ।
এই সন্দৰ্ভত স্থানীয় ব্যক্তি দীপাংকৰ কলিতাই কয়, “এই আৰ্দ্ৰভূমিৰ সকলো দিশেৰে প্ৰায় ২১ খন গাঁও সামৰি প্ৰায় ২,৫০০ মৎস্যজীৱী পৰিয়ালৰ সৈতে প্রায় ১০ হেজাৰ কৃষিজীৱী পৰিয়ালৰ আৱাসস্থল । চৰকাৰী নথি হিচাপে বিল আৰু গোচৰণীয়া পথাৰৰ দাগ নম্বৰ আৰু পট্টা নম্বৰ ভিন্ন, কিন্তু বিল বুলি নথিভুক্ত আৰু গো-চৰণীয়া পথাৰ হিচাপে নথিভূক্ত অঞ্চলখিনি প্রাকৃতিকভাৱে একেখনেই আৰ্দ্ৰভূমি-দৰাবিল । গো-চৰণীয়া পথাৰখনক বিলৰ পথাৰ বুলিয়েই অতীজৰে পৰা কৈ আহিছে ।“
স্থানীয় বাসিন্দা মাধৱ মেধিয়ে কয়, “এই আৰ্দ্ৰভূমি মাছ উৎপাদনৰ গুৰুত্বপূৰ্ণ স্থান । দুশৰো অধিক প্ৰজাতিৰ স্থানীয় আৰু পৰিভ্ৰমী চৰাইৰ বাসস্থান হ'ল এই গোচৰণীয়া পথাৰৰ ঘাঁহনি আৰু জলাহ অঞ্চল ।“
প্ৰসন্ন কলিতাই কয়, “প্রাকৃতিক সম্পদেৰে ভৰপূৰ এই আৰ্দ্ৰভূমিৰ ১৫০ বিঘা এডভাণ্টেজ আছাম ২.০ৰ যোগেদি বিঘাই প্রতি এটকা দৰত কলকতাৰ লজিষ্টিক কোম্পানীক হস্তান্তৰ কৰিব বিচাৰিছে চৰকাৰে । চৰকাৰে লগতে এই জাননী জাৰি কৰাৰ এমাহৰ ভিতৰত কাৰোবাৰ ওজৰ-আপত্তি থাকিলে উক্ত কাৰ্যালয়ত অভিযোগ দাখিল কৰিবলৈকো জনাইছে । তেনেক্ষেত্ৰত বিভিন্ন সভা-সমিতি, চৰকাৰী বন্ধ, পঞ্চায়ত নিৰ্বাচনৰ ব্যস্ততাৰ অজুহাতত এই কার্যালয় বন্ধ থকাত ওজৰআপত্তি দর্শাবলৈ যোৱা লোক বিপাঙত পৰিছে ।“

“অৱশ্যে, দল সংগঠন, প্রকৃতিপ্রেমী লোকে দৰাবিল পুতি কোনো কাৰণতে দৰাবিলৰ ভূমি বহু ৰাষ্ট্ৰীয় কোম্পানীৰ হাতত নিদিবলৈ ওজৰ-আপত্তি শীঘ্ৰে দাখিল কৰিব ।“ তেওঁ কয় ।
এই সন্দৰ্ভত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ আহ্বায়ক সুব্ৰত তালুকদাৰে কয়, “এইবাৰ গৰুবিহুৰ দিনা দক্ষিণ কামৰূপৰ ঐতিহাসিক দৰাবিলখন ৰক্ষাৰ কাৰণে ৰাইজেমেল পাতিবলগীয়া হ'ল । বিলখন আৰু ইয়াৰ ঘাঁহনিত আছে ২০০ টাৰো অধিক প্ৰজাতিৰ স্থানীয় আৰু পৰিভ্ৰমী চৰাই, ৩০ ৰ অধিক প্ৰজাতিৰ সৰীসৃপ,১৩০ টা প্ৰজাতিৰ মাছ ।“
“ড° প্ৰফুল্লদত্ত গোস্বামীয়ে এই বিলৰ চৰাই নিৰীক্ষণ কৰি প্ৰথম অসমীয়া অৰ্নিথ'লজিষ্ট হোৱাৰো খ্যাতি আৰ্জে । তিনিখনকৈ থেছিছ, ২০ৰো অধিক গৱেষণা পত্ৰ এই বিলৰ মাছ, উদ্ভিদ, পখিলাক লৈ প্ৰস্তুত হৈছে ।“ তেওঁ কয় ।
তেওঁ লগতে কয়, “দুৰ্ভাগ্যজনকভাৱে, এই বিলৰ ১৫০ বিঘা মাটি এতিয়া সংৰক্ষণমুক্ত কৰি কোনোবা কলিকতাৰ কোম্পানীক গোটাই দিব বিচৰা হৈছে । ইয়াৰ ফলত গোটেই বিলখনতেই বিৰূপ প্রভাব পৰিব । লাহে লাহে শেষ হৈ আহিব ইয়াৰ জৈৱ বৈচিত্র্য ।“
“কোম্পানী আৰু উদ্যোগৰ নামত এতিয়া গোটেই দক্ষিণ কামৰূপখনেই ভয়ংকৰ প্রদূষিত হৈ পৰিছে । এতিয়া কেৱল বিলখনৰ নামত কিছু সেউজীয়া জীয়াই আছে । সেইখিনিও নিৰ্মমভাৱে শেষ কৰিবলৈ লোৱা হৈছে ।“ তেওঁ কয় ।
“এডভাণ্টেজ অসমৰ নামত এই ঐতিহাসিক বিলখনৰ মাটি বিঘাই প্রতি ১ টকা দৰত কোনোবা কোম্পানিক গতাই দিব বিচৰাটো আটাইতকৈ জাতিদ্ৰোহী কাম ।“ তেওঁ কয় ।