ETV Bharat / state

কোকৰাঝাৰত গৌথাৰ বাথৌ সান উদযাপন

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 2:26 PM IST

Bathou Day celebrations : কোকৰাঝাৰত উদযাপন বড়ো জনগোষ্ঠীৰ গৌথাৰ বাথৌ সান অৰ্থাৎ পবিত্ৰ বাথৌ দিৱস ৷ অগণন ভক্ত বৃন্দৰ সমাগমেৰে এক উখল-মাখল পৰিৱেশ বিৰাজ কৰে কোকৰাঝাৰৰ বাথৌ থানশালীত ৷ পতাকা উত্তোলনৰে বাথৌ সান উদযাপনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সদৌ বাথৌ মহাসভাৰ সভাপতি টিকেন্দ্ৰ বসুমতাৰীয়ে ৷

Bathou Day celebrations in Kokrajhar
কোকৰাঝাৰত গৌথাৰ বাথৌ সান উদযাপন
কোকৰাঝাৰত গৌথাৰ বাথৌ সান উদযাপন

কোকৰাঝাৰ,২৩ জানুৱাৰী: বড়ো জনগোষ্ঠীৰ অন্যতম এক পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠান হ'ল পবিত্ৰ বাথৌ দিৱস অৰ্থাৎ গৌথাৰ বাথৌ সান । মঙলবাৰে কোকৰাঝাৰত উদযাপন কৰা হয় এই গৌথাৰ বাথৌ সান ৷ কোকৰাঝাৰ চহৰৰ বাথৌ থানশালী অৰ্থাৎ বাথৌ মন্দিৰত দিনজোৰা ভক্তিমূলক কাৰ্যসূচীৰে আজি উদযাপন কৰা হয় পবিত্ৰ বাথৌ দিৱস ৷ বাথৌ দিৱস উদযাপনক কেন্দ্ৰ কৰি মঙলবাৰে পুৱাৰে পৰা অগণন ভক্তৰ সমাগমেৰে এক উখল-মাখল পৰিৱেশ বিৰাজ কৰে কোকৰাঝাৰ চহৰৰ মাজমজিয়াৰ বাগানশালীস্থিত বাথৌ থানশালীত ৷

এই উপলক্ষে আয়োজন কৰা হয় বিভিন্ন কাৰ্যসূচী । পুৱা পতাকা উত্তোলনৰে বাথৌ সান উদযাপনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সদৌ বাথৌ মহাসভাৰ সভাপতি টিকেন্দ্ৰ বসুমতাৰীয়ে ৷ ইয়াৰ পাছতে সমূহীয়া প্ৰাৰ্থনা সভা আৰু বিভিন্ন কাৰ্যসুচীৰে পবিত্ৰ বাথৌ দিৱস উদযাপন কৰা হয় ৷ ইফালে সমাজত অপায় অমংগল দুৰ কৰি শান্তিৰ কামনাৰে বাথৌ থানশালী প্ৰাংগনত অনুষ্টিত সমূহীয়া প্ৰাৰ্থনা সভাত অংশ লয় বড়ো জনগোষ্ঠীৰ শ শ ভক্তবৃন্দই ৷

মূলত চিজৌ গছৰ সন্মুখত এইদৰে সমূহীয়া প্ৰাৰ্থনা সভাৰ যোগে মঙলবাৰৰ দিনটোত প্ৰতিবছৰে বড়োসকলে পবিত্ৰ বাথৌ দিৱস পালন কৰি আহিছে ৷ পৰম্পৰা ৰক্ষা কৰি এই বছৰো উদযাপন কৰা গৌথাৰ বাথৌ দিৱসত কোকৰাঝাৰ বাথৌ ট্ৰেডিচনেল আৰু সাংস্কৃতিক কেন্দ্ৰৰ আহ্বায়ক মহিম বসুমতাৰীসহ বাথৌ কেন্দ্ৰৰ কেইবাগৰাকী নেতৃবৃন্দ উপস্থিত থাকে ৷ সমূহ অসমবাসীৰ কুশল কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰে মহিম বসুমতাৰীয়ে । বছৰজোৰা শ্ৰমৰ ফচল গ্ৰহণ কৰাৰ পূৰ্বে এই দিৱস পালন কৰা হয় বুলি উল্লেখ কৰে আহ্বায়কগৰাকীয়ে ।

লগতে পঢ়ক: ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা: জয় শ্রীৰাম ধ্বনিৰে মুখৰিত লখিমপুৰৰ আকাশ-বতাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.