বটদ্ৰৱা থানৰ কোনো ধন-সোণ হৰলুকি হোৱা নাই: থান পৰিচালনা সমিতি
Batadrawa Than: বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰীৰ অভিযোগৰ সন্দৰ্ভত সংবাদমেল সম্বোধন সমিতিখনৰ ৷ অভিযোগ নস্যাৎ কৰে থান পৰিচালনা সমিতিয়ে । পৰিচালনা সমিতিখনে আইনৰ কাষ চপাৰো সিদ্ধান্ত লৈছে ভুৱা অভিযোগৰ বিৰুদ্ধে ।

Published : February 9, 2024 at 8:47 PM IST
|Updated : February 9, 2024 at 10:01 PM IST
নগাঁও, 9 ফেব্ৰুৱাৰী: গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে শুকুৰবাৰে সংবাদ মেল । থান পৰিচালনা সমিতিৰ বিৰুদ্ধে উত্থাপিত বিত্তীয় কেলেংকাৰীৰ অভিযোগ সংবাদমেলখনৰ জৰিয়তে নস্যাৎ কৰে থান পৰিচালনা সমিতিয়ে । আইনী ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লয় থান পৰিচালনা সমিতিয়ে । ইফালে পৰিচালনা সমিতিৰ বিৰুদ্ধে অভিযোগৰ আঙুলিও উঠাইছে স্থানীয় একাংশ লোকে ।
- " class="align-text-top noRightClick twitterSection" data="">
উল্লেখ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ ১০৩ তোলা সোণ-ৰূপৰ লগতে বিত্তীয় কেলেংকাৰীৰ অভিযোগে একপ্ৰকাৰ সমগ্ৰ ৰাজ্য জোকাৰি যোৱাৰ পিচত শুকুৰবাৰে নগাঁৱত সংবাদ মেলৰ আয়োজন কৰি সকলো বিষয় স্পষ্ট কৰি দিলে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে । নগাঁও জিলা সাহিত্য সভা ভৱনত সংবাদমেলৰ আয়োজন কৰি থান পৰিচালনা সমিতিয়ে বটদ্ৰৱা থানৰ কোনো বিত্তীয় কেলেংকাৰী সংঘটিত হোৱা নাই বুলি স্পষ্ট মন্তব্য কৰে ।
আনকি বটদ্ৰৱা থানৰ লকাৰত থকা সোণ, ৰূপ হৰলুকি হোৱা বুলি একাংশ সংবাদ মাধ্যমত সম্প্ৰচাৰিত বাতৰিক অপপ্ৰচাৰ আখ্যা দিয়ে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে । গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ সোণ, ৰূপ হৰলুকি হোৱাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিচত থান পৰিচালনা সমিতিয়ে শুকুৰবাৰে অনুসন্ধান কৰি লকাৰতে সোণ, ৰূপ মজুত থকাৰ প্ৰমাণ লাভ কৰা বুলিও উল্লেখ কৰে থান পৰিচালনা সমিতিয়ে ।
ইপিনে সংবাদ মাধ্যমত বটদ্ৰৱা থানৰ বিত্তীয় কেলেংকাৰী সংঘটিত হোৱা বুলি সম্প্ৰচাৰিত বাতৰিৰ উৎস বিচাৰি আৰক্ষীৰ কাষ চাপিব বুলিও শুকুৰবাৰে সংবাদ মেলত উল্লেখ কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে । ইপিনে সংবাদ মেল সম্বোধন কৰি থান পৰিচালনা সমিতিৰ লোক বাহিৰলৈ ওলাই অহাৰ পিচতেই একাংশ লোকে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ । বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিৰুদ্ধে পুনৰ অভিযোগ উত্থাপন কৰে স্থানীয় একাংশ লোকে ।
লগতে পঢ়ক: গুৰুজনাৰ জন্মস্থানত বিত্তীয় কেলেংকাৰী ! বটদ্ৰৱা থানৰ সম্পাদকৰ বিৰুদ্ধে অভিযোগৰ আঙুলি

