ETV Bharat / state

সংখ্যালঘু মানুহৰ অভিশাপ লাগিছে কংগ্ৰেছৰ গাত : আজমল

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 10:51 PM IST

Badruddin Ajmal in Dhubri : ধুবুৰীত চাৰিদিনে বাঁহৰ পাতি দিনে নিশাই বদৰুদ্দিন আজমলে চলাইছে নিৰ্বাচনী প্ৰচাৰ । গাঁৱে গাঁৱে, চৰে চৰে সভা অনুষ্ঠিত কৰি দিনে নিশাই নিৰ্বাচনী প্ৰচাৰ চলাইছে আজমলে ।

Badruddin Ajmal criticized Congress in Dhubri
ধুবুৰীত বাঁহৰ পাতি আজমলৰ নিৰ্বাচনী প্ৰচাৰ

ধুবুৰীত বাঁহৰ পাতি আজমলৰ নিৰ্বাচনী প্ৰচাৰ

ধুবুৰী, 30 জানুৱাৰী : ‘‘সংখ্যালঘু ৰাইজৰ অভিশাপ লাগিছে কংগ্ৰেছৰ গাত । এ আই ইউ ডি এফৰো নজৰ লাগিছে কংগ্ৰেছক । যাৰ বাবে বিৰোধী গোটবন্ধনত বিশাল ফাঁট মেলিছে ।’’ আজি (মঙলবাৰ) ধুবুৰীত অনুষ্ঠিত হোৱা এখন সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলাই এইদৰে মন্তব্য কৰে এ আই ইউ ডি এফ প্ৰধান সাংসদ বদৰুদ্দিন আজমলে ।

উল্লেখ্য যে, ধুবুৰীত বাহৰ পাতি কঁকালত টঙালি বান্ধি বদৰুদ্দিন আজমলে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত নিৰ্বাচনী প্ৰচাৰত নামি পৰা পৰিলক্ষিত হৈছে । দিনে নিশাই ধুবুৰীৰ ভিন্ন অঞ্চলত সভা অনুষ্ঠিত কৰি দলীয় চাৰিগৰাকী বিধায়কক লগত লৈ আজমলে নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে ।

লক্ষণীয় বিষয় যে আজি ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ দুৰাহাটী অঞ্চলত সভা অনুষ্ঠিত হয় এ আই ইউ ডি এফ দলৰ এখন সভা । ধুবুৰী সমষ্টি কমিটিৰ সভাপতি আব্দুল হাইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত আজমলে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত কেৱল কংগ্ৰেছকে টাৰ্গেট কৰি লোৱা দেখা যায় ।

ভাষণত বিগত দিনত কংগ্ৰেছ চৰকাৰৰ বাবেই মুছলমানৰ এই অৱস্থা বুলি দাবী কৰি ডিটেনচন কেম্পত কেৱল মুছলমান লোকৰ সংখ্যা সৰ্বাধিক আৰু ডিটেনচন কেম্প কংগ্ৰেছ চৰকাৰৰ দিনতেই হৈছে বুলি কংগ্ৰেছ মুছলমানৰ বাবে শত্ৰু বুলি মন্তব্য কৰে আজমলে ।

একেদৰে ডি ভোটাৰৰ পৰা এন আৰ চি লৈকে বিভিন্ন প্ৰকাৰে মুছলমানক সাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত কৰি কংগ্ৰেছক বিভিন্ন প্ৰকাৰে সমালোচনা কৰে আজমলে । ইপিনে কংগ্ৰেছে আজমলক বিজেপিৰ বি টিম আখ্যা দিলেও আজি আজমলে নিজৰ ভাষণত কংগ্ৰেছক বিজেপিৰ এ টিম আখ্যা দিয়া পৰিলক্ষিত হয় ।

আনপিনে কংগ্ৰেছ আৰু ৰাহুল গান্ধীক সমালোচনা কৰিবলৈ গৈ প্ৰিয়ংকা গান্ধীকো সমালোচনা কৰি প্ৰিয়ংকা গান্ধী অসমত প্ৰিয়ংকা গান্ধী আহিলেও কংগ্ৰেছ হাৰিব বুলি দাবী কৰে আজমলে । আনহাতে, গান্ধী পৰিয়ালকো সমালোচনা কৰি ‘‘হু ইজ গান্ধী’’ বুলিও সমালোচনা কৰি গান্ধী নহ’লে দেশ নচলিব নেকি বুলিও নিজৰ ভাষণত মন্তব্য কৰে আজমলে ।

ইপিনে ইণ্ডিয়া গোট বন্ধনক লৈয়ো পুনৰ মুখ খুলি আজমলে কয়- সংখ্যালঘু মানুহৰ অভিশাপ লাগিছে কংগ্ৰেছৰ গাত । আনপিনে ইণ্ডিয়া গোট বন্ধনত এ আই ইউ ডি এফক চামিল নকৰাও কংগ্ৰেছৰ বাবে অভিশাপ বুলিও চাঞ্চল্যকৰ মন্তব্য কৰে আজমলে । লগতে ৰাহুল গান্ধী অথবা ছোনিয়া গান্ধীয়ে ফোন কৰিলেও আজমলে কেতিয়াও সঁহাৰি নিদিয়ে বুলি স্পষ্ট কৰি দিয়ে আজমলে ।

লক্ষণীয় বিষয় যে আজমলৰ লগত দলৰ চাৰি বিধায়ক বিধায়ক ক্ৰমে হাফিজ বছিৰ আহমেদ কাছিমী, নজৰুল হক, নিজানুৰ ৰহমান আৰু নুৰুল হুদাই নিৰ্বাচনী প্ৰচাৰ চলায় । নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত চতুৰ্থবাৰৰ বাবে আজমলে পুনৰবাৰ ধুবুৰীৰ পৰা সাংসদ নিৰ্বাচিত হোৱাৰ বিপৰীতে চৈধ্যটা সমষ্টিৰ ভিতৰত ধুবুৰীকে ধৰি তিনিটা সমষ্টি এ আই ইউ ডি এফৰ দখলত থাকিব বুলি দাবী কৰে সাংসদ বদৰুদ্দিন আজমলে ।

লগতে পঢ়ক : গুৱাহাটীত স্থাপন কৰা হ’ব প্ৰধানমন্ত্ৰী মোদীৰ ১৯০ ফুট উচ্চতা‌ৰ প্ৰতিমূৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.