ETV Bharat / state

অসমীয়া জাতীয়তাবাদৰ কাঠামো সম্পূৰ্ণৰূপে ভাঙি পেলাইছে চৰকাৰে : আটাছু - ATASU PRESS MEET

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 10:26 PM IST

Assamese Medium School : অসমীয়া ভাষা অসমৰ পৰা নিঃশেষ কৰাৰ ষড়যন্ত্ৰ চৰকাৰে কৰিছে বুলি অভিযোগ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ৷ অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ কৰাটো জাতিটোৰ বাবে সাংঘাটিক ক্ষতিকাৰক আৰু ইয়াক আটাছুৱে কেতিয়াও মানি নলয় বুলি চৰকাৰক সমালোচনা কৰে সংগঠনটোৱে ৷

CLOSURE OF ASSAMESE MEDIUM SCHOOLS
চৰকাৰক সমালোচনা আটাছুৰ (ETV BHARAT ASSAM)
টাই আহোম ছাত্ৰ সন্থাৰ সংবাদমেল (ETV BHARAT ASSAM)

শিৱসাগৰ, 22 মে’ : অসমীয়া ভাষাৰ ওপৰত বৰ্তমানৰ চৰকাৰে আক্ৰমণ কৰাৰ অভিযোগ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ৷ অসমীয়া জাতীয়বাদৰ কাঠামো সম্পূৰ্ণৰূপে ভাঙি পেলোৱাৰ লগতে চৰকাৰে অসমীয়া ভাষাক অসমৰ পৰা নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ কৰিছে সংগঠনটোৱে ৷ বুধবাৰে শিৱসাগৰ নগৰৰ প্ৰেছ ক্লাৱত সদৌ টাই আহোম ছাত্ৰ সন্থাই সংবাদমেল সম্বোধন কৰি এই অভিযোগ উত্থাপন কৰে ৷ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈ, যুটীয়া সম্পাদক দিগন্ত চাংমাই আৰু শিৱসাগৰ জিলা সভাপতি অখিল আহোমে সংবাদমেল সম্বোধন কৰে ৷

সংবাদমেলত তেওঁলোকে কয় যে, বৰ্তমানৰ চৰকাৰে ক্ৰমান্বয়ে অসমীয়া ভাষাৰ ওপৰত সাংঘাটিক ধৰণে আক্ৰমণ কৰিবলৈ লৈছে ৷ চৰকাৰখনে অসমৰ জাতি-মাটি-ভেটিৰ কথা কৈ, খিলঞ্জীয়াৰ আত্মৰক্ষাৰ কথা কৈ অসমীয়া জাতীয়তাবাদৰ কাঠামো সম্পূৰ্ণৰূপে ভাঙি পেলাইছে ৷ লগতে অসমীয়া ভাষাটো অসমৰ পৰা নিঃশেষ কৰি কাৰ ভাষা, কাৰ প্ৰভুত্ব ৰক্ষা কৰিব বিচাৰিছে সেয়া অসমীয়া ৰাইজৰ কাৰণে অবুজ সাঁথৰ ৷ ইফালে চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ বিষয়ক লৈ তথ্য সহকাৰে সংগঠনটোৱে চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷

তেওঁলোকে কয় যে এজন শিক্ষকে এদিনতে চাৰি-পাঁচটা শ্ৰেণী কৰিবলগীয়া হোৱাটো কিমান দুৰ্ভাগ্যজনক কথা সেয়া অসম চৰকাৰৰ বৰমূৰীয়া সকলে বুজাটো প্ৰয়োজন ৷ বিদ্যালয় একত্ৰীকৰণক লৈয়ো সংগঠনটোৱে চৰকাৰক প্ৰশ্ন কৰে ৷ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত কিয় ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে তাৰ গুৰিলৈ নগৈ অসম বিদ্বেষী চৰিত্ৰ এটা প্ৰকট কৰিবলৈ গৈ অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ কৰাটো জাতিটোৰ বাবে সাংঘাটিক ক্ষতিকাৰক আৰু ইয়াক আটাছুৱে কেতিয়াও মানি নলয় বুলি চৰকাৰক সমালোচনা কৰে সংগঠনটোৱে ৷

আটাছুৱে সংবাদমেলত অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ আন্তঃগাঁঠনি উন্নত কৰাৰ দাবী উত্থাপন কৰে ৷ চৰম উদ্বেগপূৰ্ণভাৱে চৰকাৰে প্ৰাথমিক আন্তঃগাঁঠনি উন্নয়নত চকু নিদি আন্তঃগাঁঠনি উন্নয়নৰ বাবে মাহে এক নূন্যতম পুঁজি প্ৰদান কৰে ৷ যাৰ পৰা বিদ্যালয়ে বিদ্যুৎ মাচুলৰ লগতে আন শিতানত খৰচ কৰে ৷ সংবাদমেলত আন্তঃগাঁঠনি উন্নয়নৰ বাবে চৰকাৰে আৱণ্টন কৰা ধন এতিয়াও মুকলি কৰি নিদিয়াক লৈ প্ৰশ্ন উত্থাপন কৰে তেওঁলোকে ৷ সংবাদমেলত আটাছুৰ নেতৃত্বই অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয় বিগত দহ বছৰত চৰকাৰে দহ হাজাৰলৈ হ্ৰাস কৰি অসমীয়া ভাষাৰ লগতে অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ শ্মশান যাত্ৰাত অৰিহণা দি ব্যক্তিগত ব্যৱসায়ৰ বাবে ইংৰাজী মাধ্যমৰ বিদ্যালয়ক অগ্ৰাধিকাৰ দিয়া বুলিও অভিযোগ আনে আটছুৰ সভাপতি বসন্ত গগৈয়ে ৷

সংগঠনটোৱে লগতে যিকোনো পৰ্যায়ত অসমীয়া মাধ্যমৰ বিদ্যালয় বিলাক বন্ধ কৰি অসমত যাতে অসমীয়া জাতিয়ে মূৰ তুলি থাকিব নোৱাৰে তাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ কৰে ৷ লগতে এই ষড়যন্ত্ৰক কালাপাহাৰৰ অসম আক্ৰমণৰ লগত তুলনা কৰা বুলি কয় আটাছুৰ সভাপতিয়ে ৷ কালাপাহাৰে যেনেকৈ অসম আক্ৰমণ কৰি হিন্দু মঠ-মন্দিৰ তথা কামাখ্যা মন্দিৰৰ ক্ষতিসাধন কৰিছিল তেনেকৈ এইখন চৰকাৰে কালাপাহাৰৰ দৰে আক্ৰমণ কৰি ৰাজ্যৰ বিদ্যা মন্দিৰসমূহ ধ্বংস কৰি অসমৰ জাতীয়তাবাদৰ যি কাঠামো, অসমীয়া ভাষা ধ্বংস কৰিব বিচাৰিছে বুলি অভিযোগ কৰে আটাছুৰ সভাপতিজনে ৷

লগতে পঢ়ক : বিজেপিৰ গৃহকন্দল: কেপ্টেইন ফিল্ডত নমাই নাই বুলি কিয় ক’লে ভূপেন বৰাই ? - Bhupen Bora Slams BJP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.