ETV Bharat / state

চিৰাঙত জিলা পৰ্যায়ৰ অসম সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতা

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 4:13 PM IST

Assam Sanskritik Mahasangram : চিৰাঙৰ ঢালিগাঁওস্থিত বঙাইগাওঁ শোধনাগাৰ বিনোদন কেন্দ্ৰত জিলা পৰ্যায়ৰ অসম সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতা ৷ মুখ্য অতিথিৰূপে উপস্থিত থাকে চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ৷

Assam Sanskritik Mahasangram
অসম সাংস্কৃতিক মহাসংগ্ৰাম
চিৰাঙত জিলা পৰ্যায়ৰ সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতা

চিৰাং, 25 জানুৱাৰী : চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাওঁ শোধনাগাৰ বিনোদন কেন্দ্ৰত আজি অনুষ্ঠিত হয় জিলা পৰ্যায়ৰ অসম সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতা ৷ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু চিৰাং জিলা প্ৰশাসনৰ সহযোগত আয়োজিত হোৱা এই অসম সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচীত ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী তথা চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম মুখ্য অতিথিৰূপে উপস্থিত থাকে ৷

এই অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই উদ্বোধনী ভাষণত কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰম্পৰা আৰু সংস্কৃতি জীয়াই ৰখাৰ প্ৰয়াসেৰে অসম সাংস্কৃতিক মহাসংগ্ৰামৰ আয়োজন কৰিছে ৷ তেওঁ কয় যে, এই প্ৰতিযোগিতাই গ্ৰামাঞ্চলত লুকাই থকা সুপ্ত প্ৰতিভা সমূহ আৱিস্কাৰ কৰাত সহায় কৰিব ৷ ইফালে চিৰাং জিলাৰ আয়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীয়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত চিদলী-চিৰাং বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে সন্মানীয় অতিথিৰূপে উপস্থিত থাকি জিলা পৰ্যায়ত কৃতিত্ব অৰ্জন কৰি ৰাজ্যিক পৰ্যায়লৈ যাবলৈ সক্ষম হোৱা প্ৰতিযোগী সকলক শুভেচ্ছা জ্ঞাপন কৰে ৷

অনুষ্ঠানত চিৰাং জিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিত বৰা সন্মানীয় অতিথিৰূপে উপস্থিত থাকে ৷ উল্লেখযোগ্য যে, চিৰাং জিলা পৰ্যায়ত জিলাখনৰ বিজনী আৰু চিদলী-চিৰাং বিধানসভা সমষ্টিৰ পৰা মুঠ 411 গৰাকী বিভিন্ন পৰ্যায়ৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ প্ৰতিযোগিতাৰ বিষ্ণু ৰাভা সংগীতত 12 গৰাকী, জ্যেতি সংগীতত 11 গৰাকী, ভূপেন্দ্ৰ সংগীতত 17 গৰাকী আৰু ৰবীন্দ্ৰ সংগীতত 11 গৰাকী প্ৰতিযোগীৰ লগতে সাতটা বিহু নৃত্য দলৰ লগতে মুঠ 17 টা বিভিন্ন জনগোষ্ঠীয় নৃত্যৰ দলে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : পৰম্পৰাগত লোক নৃত্যৰ মাজেৰে সামৰণি পৰিল কোকৰাঝাৰত অনুষ্ঠিত উত্তৰ পূৰ্বাঞ্চল মহোৎসৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.