অসম প্ৰদেশ কংগ্ৰেছৰ সকলো পদৰ পৰা পদত্যাগ জ্যেষ্ঠ মুখপাত্ৰ ববিতা শৰ্মাৰ
গৌৰৱ গগৈ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে APCC ৰ সকলো পদবীৰ পৰা পদত্যাগ কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাৰ ৷

Published : May 26, 2025 at 9:15 PM IST
গুৱাহাটী : কংগ্ৰেছৰ কেন্দ্ৰীয় কমিটীয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে সাংসদ গৌৰৱ গগৈৰ নাম সোমবাৰে ঘোষণা কৰাৰ পাছতেই সকলোকে আচৰিত কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ ববিতা শৰ্মাই পদত্যাগ কৰে । সাংসদ গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে মনোনীত কৰাৰ পিছতে কংগ্ৰেছৰ সকলো পদৰ ববিতা শৰ্মাই পদত্যাগ কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে । সাংসদ গৌৰৱ গগৈয়ে সভাপতি পদ গ্ৰহণৰ পূৰ্বে কংগ্ৰেছত আৰম্ভ হোৱা খহনীয়াই ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে ।
মন কৰিবলগীয়া যে যোৱা তিনিটা দশক ধৰি 'বিদেশত আপোনা মানুহখ্যাত' ববিতা শৰ্মাই অসম প্ৰদেশ কংগ্ৰেছত গুৰুত্বপূৰ্ণ পদ আৰু ভূমিকা গ্ৰহণ কৰি আহিছিল । ববিতা শৰ্মাই ২০০২ চনৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সৈতে প্ৰবক্তা হিচাপে আনুষ্ঠানিকভাৱে জড়িত হৈ আছিল । তেওঁ ২০১৬ চনত পূব গুৱাহাটী বিধানসভা সমষ্টিৰ পৰা আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত গুৱাহাটী সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপেও প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও বিজেপিৰ প্ৰাৰ্থীৰ হাতত পৰাস্ত হৈছিল । তেওঁ এ আই চি চিৰ সদস্য আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ জ্যেষ্ঠ মুখপাত্ৰৰ দায়িত্ব আছিল ।
ববিতা শৰ্মাই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে কয়, "ব্যক্তিগত কাৰণত মই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মোৰ সকলো ৰাজনৈতিক পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছো । মই এ আই চি চি আৰু এ পি চি চিৰ সকলো নেতাক ধন্যবাদ জনাইছো যিয়ে মোক ভাৰতীয় জাতীয় কংগ্ৰেছৰ জৰিয়তে অসমৰ জনসাধাৰণক সেৱা কৰাৰ সুযোগ দিছিল-এক মহান ঐতিহ্য থকা ৰাজনৈতিক দল যি মোৰ ডাঙৰ হোৱাৰ বছৰবোৰৰ এক অংশ আছিল ।"
তেওঁ অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি গৌৰৱ গগৈক শুভেচ্ছা জনায় কয়, "আশা কৰিছো যে তেওঁলোকে দলটোক ভিতৰৰ পৰা পৰিষ্কাৰ কৰি এক উন্নত ভৱিষ্যতৰ দিশে লৈ যাব পাৰিব ।" শৰ্মাই লগতে কয়, "আমি প্ৰাক্তন সাংসদ, প্ৰাক্তন এ পি চি চি সভাপতি পৱন সিং ঘাটোৱাৰ, প্ৰাক্তন সাংসদ আৰ পি শৰ্মা সদস্য হিচাপে আৰু মই সদস্য সচিব হিচাপে এ আই চি চিক পঞ্চায়ত নিৰ্বাচন তদন্ত সমিতিৰ প্ৰতিবেদন দিছিলো । মই আশা কৰোঁ যে দলৰ উন্নতিৰ বাবে আমাৰ পৰামৰ্শবোৰ অক্ষৰ আৰু আত্মাৰে পালন কৰা হ'ব ।"
লগতে পঢ়ক : পাক-সংযোগ বিতৰ্কৰ মাজতে গৌৰৱ গগৈক গুৰু দায়িত্ব; প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তি

