আৰক্ষীৰ বুজাবুজি নে কাৰোবালৈ ভয় ! ৰহস্যজনকভাৱে মুকলি বশিষ্ঠকাণ্ডৰ অভিযুক্তক - Crime In Guwahati
অপৰাধীলৈ যেন ৰঙা দলিচা পাৰি দিছে মহানগৰ আৰক্ষীয়ে ! বশিষ্ঠ থানাত কৰ্মৰত এগৰাকী কনিষ্টবলক এখন বাৰৰ দুই স্বত্বাধিকাৰীৰ লগতে আন এজন ব্যক্তিয়ে অমানৱীয় অত্যাচাৰ চলাই ম’বিল ঢালি জ্বলাই দিয়াৰ চেষ্টা কৰাৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে ৰাজ্যত ৷ পিছে আৰক্ষীয়ে এতিয়া অভিযুক্তসকলক মুকলি কৰি দি সৃষ্টি কৰিছে ৰহস্যৰ ৷

Published : April 22, 2024 at 3:10 PM IST
গুৱাহাটী, 22 এপ্ৰিল: দেওবাৰে নিশা মহানগৰীৰ বশিষ্ঠস্থিত এখন বাৰত এগৰাকী আৰক্ষী কনিষ্টবলক প্ৰহাৰ কৰা ঘটনাই দখল কৰিছে সংবাদ শীৰ্ষ ৷ উক্ত ঘটনাত নাম সাঙোৰ খোৱাৰ লগতে আৰক্ষীৰ হাতত আটক হৈছিল সেই বাৰখনৰ দুই স্বত্বাধিকাৰীৰ লগতে আন এজন ব্যক্তি ৷
ঘটনা সন্দৰ্ভত তিনিটাকৈ গোচৰ ৰুজু হৈছিল বশিষ্ঠ থানাত ৷ আটকাধীন ব্যক্তি তিনিজনক কিন্তু ৰহস্যজনকভাৱে পৰৱৰ্তী সময়ত মুকলি কৰি দিয়া হয় ৷ আৰক্ষীয়ে কাৰ হেঁচাত গোচৰ ৰুজু হোৱাৰ পিচতো তিনিওকে মুকলি কৰি দিলে, সেয়া সম্প্ৰতি সোমাই পৰিছে ৰহস্যৰ আৱৰ্তত ৷
উল্লেখ্য যে বশিষ্ঠ চাৰিআলিৰ সমীপৰ ‘দা ইক’ পাব এণ্ড গ্ৰীল’ নামৰ বাৰখনৰ দুই স্বত্বাধিকাৰী ক্ৰমে অংকুৰ দত্ত, কৃষাণু লহকৰৰ উপৰিও দেৱকান্ত দেৱনাথ নামৰ বাৰখনৰ বাউন্সাৰজনে বশিষ্ঠ থানাৰ এগৰাকী কনিষ্টবলক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিছিল ৷ কেৱল প্ৰহাৰতে ক্ষান্ত নাথাকি অভিযুক্তকেইজনে কনিষ্টবলগৰাকীক ম'বিল ঢালি জ্বলাই দিয়াৰো চেষ্টা চলায় ৷
দেওবাৰে পুৱা প্ৰায় 5 বজাত সংঘটিত হৈছিল এই ঘটনা ৷ উক্ত ঘটনাৰ খবৰ লাভৰ পিচতে ঘটনাস্থলীত উপস্থিত হৈছিল বশিষ্ঠ আৰক্ষী ৷ কিন্তু কৰ্তব্যৰত আৰক্ষীকো কনিষ্টবলগৰাকীক উদ্ধাৰত বাধা প্ৰদান কৰিছিল তিনি অভিযুক্তই ৷ ইয়াৰ পিচতে আৰক্ষীয়ে আটক কৰিছিল তিনি অভিযুক্তৰ লগতে ঘটনাস্থলীত উপস্থিত দুই যুৱতীক ৷
পিছে আৰক্ষীয়ে কাৰোবাৰ সৈতে বুজাবুজি কৰিলে নে আন কাৰোবালৈ ভয়েই কৰিলে, সেয়া সৰ্বসাধাৰণ ৰাইজেহে নাপালে বুজি ৷ কিয়নো আটকাধীন অভিযুক্ত কেইজনক আৰক্ষীয়ে এতিয়া কৰি দিছে মুকলি ৷ বশিষ্ঠ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেবানন্দ দাস আৰু বশিষ্ঠৰ সহকাৰী আৰক্ষী আয়ুক্ত প্ৰাঞ্জল বৰাই বুজাবুজিৰে দীৰ্ঘদিন ধৰি বাৰ কৰ্তৃপক্ষক এনেদৰে পুৱতি নিশালৈ বাৰ খুলি ৰখাৰ অনুমতি প্ৰদান কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে ।
এখন-দুখন নহয়, অভিযোগ অনুসৰি বশিষ্ঠ অঞ্চলত কেইবাখনো বাৰে এতিয়া এনেদৰে কেইটামান টকাৰ বিনিময়ত আৰক্ষীৰ মুখ বন্ধ কৰি পুৱতি নিশালৈ খুলি ৰখাৰ অনুমতি লাভ কৰি আহিছে । যাৰ ফলত বিগত দিনসমূহত সংঘটিত হৈ আহিছে কেইবাটাও দুৰ্ঘটনা ।
লগতে চাওক: মাতাল মহানগৰী : আৰক্ষী জোৱানক ম'বিল ঢালি জ্বলাই দিয়াৰ অপচেষ্টা - Crime In Guwahati

