ETV Bharat / state

ইয়াত গছ ৰুবও নোৱাৰে কাটিবও নোৱাৰে, সব ঘৰ ভাঙি দে... প্ৰশাসনৰ লোকৰ সন্মুখতেই নগাৰ দপদপনি

এফালে হিয়া ঢাকুৰি কান্দিছে উচ্ছেদিতই আৰু আনফালে নগাৰ হুংকাৰ- এয়া নাগালেণ্ডৰ মাটি !

Eviction drive in Assam-Nagaland Border
ৰেংমা বনাঞ্চলত চলিল প্ৰশাসনৰ বুলড'জাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 27, 2025 at 12:35 PM IST

4 Min Read
Choose ETV Bharat

সৰুপথাৰ : ৰেংমা বনাঞ্চলত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান চলি থকাৰ মাজতে নগাৰ হুংকাৰ । এতিয়া উচ্ছেদিত স্থানত অসমীয়াই গছ ৰুব নোৱাৰিব । আনকি তামোল গছবোৰো কাটিবও নোৱাৰিব । কোনো খুঁটা পুতাতো বাধা দিছে নগাই । ফেন্সিং আদিও নলগাবলৈ দিছে সকীয়নি । এইবোৰ মাটি হেনো নগা লোকৰ ! এই সকীয়নি নামানিলে পৰিণাম হ'ব ভয়ংকৰ ।

সব ঘৰ ভাঙি দে, এটাও নাৰাখিবি....

ৰেংমা বনাঞ্চলত চলিল প্ৰশাসনৰ বুলড'জাৰ (ETV Bharat Assam)

মঙলবাৰে ৰেংমা বনাঞ্চলত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান চলি থাকোতেই অসমৰ প্ৰশাসনৰ লোকৰ সন্মুখতেই একাংশ নগা লোকে অসমীয়াৰ বিৰুদ্ধে একপ্ৰকাৰ বিদ্ৰোহেই ঘোষণা কৰিলে । এই নগা লোকসকলে অসম চৰকাৰে উচ্ছেদ চলাৱা বাবে ভাল পাইছে যদিও উচ্ছেদৰ পিছতেই এই ভূমি নাগালেণ্ডৰ বুলি দাবী কৰিছে । কেৱল দাবী কৰিয়েই ক্ষান্ত থকা নাই, প্ৰত্য়াহ্বানো সৃষ্টি কৰিছে অসমীয়াৰ বাবে ।

ইয়াত গছ ৰুবও নোৱাৰে....

উচ্ছেদ অভিযানৰ মাজতেই বিস্ফোৰক মন্তব্য কৰি এজন নগা লোকে কয়, "ইয়াত গছ ৰুবও নোৱাৰে, কাটিবও নোৱাৰে । এইখিনি আমাৰ মাটি । সব ঘৰ ভাঙি দে, এটাও নাৰাখিবি । ইয়াৰ পৰা খেদাইছে ভাল পাইছো, এই মাটিখিনি আমাৰ মানচিত্ৰৰ অধীনত । ইয়াত গছ ৰুবও নোৱাৰে কাটিবও নোৱাৰে । মিঞাসকলে আহি আমাৰ ঠাই দখল কৰিছিল । তামোল গছবোৰ আমাৰ, কাটিবও নোৱাৰিব । চৰকাৰে উচ্ছেদ চলাইছে, আমি উচ্ছেদ চলোৱাত ভাল পাইছো ।"

Eviction drive in Assam-Nagaland Border
ৰেংমা বনাঞ্চলত চলিল প্ৰশাসনৰ বুলড'জাৰ (ETV Bharat Assam)

উৰিয়ামঘাটত উচ্ছেদ চলি থকাৰ সময়তেই এনেধৰণৰ মন্তব্য কৰি নগা লোক এজনে সংবাদ মাধ্যমৰ সন্মুখত কয়,"এইবোৰ আমাৰ বাবাহঁতৰ এলেকা । মিঞা লোকসকলে আহি দখল কৰি আছিল । অসমৰ মুখ্যমন্ত্ৰী আৰু নাগালেণ্ড চৰকাৰে মিলামিলি কৰি উচ্ছেদ কৰাটো ভাল কথা । এইটো এলেকা আমাৰ । তেওঁলোক ক'ৰ ক'ৰ পৰা আহিছিল নাজানে, চিনিয়ে নাপাও । অসম আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ আলোচনাৰ পিছতেহে ইয়াত গছপুলি ৰোপণ কৰা হ'ব । ন'হলে এতিয়া গছপুলি ৰোপণ কৰা নহ'ব । কালিও এনেকুৱা কথাই কৈছে নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰীয়ে । কৈছে যে অসমতো গছপুলি ৰোপণ নকৰিব, নাগালেণ্ডতো গছপুলি ৰোপণ নকৰিব। পিলাৰ, ফেন্সিং নলগাব ।"

হিয়া ঢাকুৰি কান্দিছে উচ্ছেদিতই :

আনহাতে, সপোনৰ ঘৰখনৰ সন্মুখত হিয়া ঢাকুৰি কান্দিছে একাংশ উচ্ছেদিত মহিলাই । এজন উচ্ছেদিতই কয়, "আমি অসম-নাগালেণ্ড সীনান্ত ৰক্ষা কৰিছিলো, এতিয়া আমিটো নাথাকিম ইয়াত ।"

Eviction drive in Assam-Nagaland Border
ৰেংমা বনাঞ্চলত হিয়া ঢাকুৰি কান্দিছে উচ্ছেদিতই (ETV Bharat Assam)

উচ্ছেদস্থলীত উঠিছে কান্দোনৰ ৰোল । প্ৰশাসনৰ বুলড'জাৰত তচনচ হোৱা সপোনৰ ঘৰখনৰ সন্মুখত হিয়া ঢাকুৰি কান্দোন একাংশ মহিলাৰ । কিয়নো বছৰ বছৰ ধৰি বাস কৰি অহা সপোনৰ ঘৰখন চিৰদিনৰ বাবেই ভাঙি দিলে প্ৰশাসনে । ক'ত থাকিব ? কি কৰিব ? তেওঁলোকে বিচাৰিছে সংস্থাপন ।

ৰেংমা সংৰক্ষিত বনাঞ্চলত মঙলবাৰে পুনৰ চলিল প্ৰশাসনৰ দ্বিতীয় পর্যায়ৰ উচ্ছেদ অভিযান। হাতীডুবি, ১নং মধুপুৰ আৰু ৰাণা নগৰত চলিল উচ্ছেদ অভিযান । মছজিদ, মাদ্ৰাছা সকলোতে চলিল প্ৰশাসনৰ বুলড'জাৰ । উল্লেখ্য় যে ১ নং মধুপুৰ, হাটীডুবি আৰু ৰাণা নগৰত প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযানত খিলঞ্জীয়া মুছলমান লোকে বসবাস কৰাৰ বাবে বাদ পৰিছিল । পৰৱর্তী সময়ত বন বিভাগে জাননী প্ৰেৰণ কৰাৰ পিছতেই দ্বিতীয় পর্যায়ৰ উচ্ছেদ অভিযানত সাঙুৰি লোৱা হয় তিনিওটা স্থান ।

Eviction drive in Assam-Nagaland Border
ৰেংমা বনাঞ্চলত উচ্ছেদ অভিযান (ETV Bharat Assam)

ইতিমধ্যে তিনিওটা স্থানতে ভাঙি দিয়া হ'ল প্ৰকাণ্ড অট্টালিকাৰ লগতে বাসগৃহসমূহ । ইপিনে উচ্ছেদিতসকলে মন্তব্য কৰি কৈছে যে তেওঁলোকেহে সীমান্তত নগাৰ আগ্ৰাসনক সুৰক্ষা দিছিল । একেবাৰে অসম-নাগালেণ্ড সীমান্তত যিহেতু তেওঁলোকে বসতি স্থাপন কৰিছিল, গতিকে নগাই অসমৰ ভূমিক লৈ কৰা কৌশলৰ পৰা তেওঁলোকেহে সুৰক্ষা দিছিল বুলিও মন্তব্য প্ৰদান কৰিছে ।

আমি ভূমিপুত্ৰ গৰিয়া মানুহ :

উচ্ছেদিত লোক এজনে কয়, "কিছুমান নগা লোকে আহি কয় আপোনালোকে জাননী পাইছে ইয়াত কিয় ৰৈ আছে, আপোনালোক ইয়াৰ পৰা গুচি যাবি । এতিয়া নটিছ পাইছে ,থাকিব অধিকাৰ নাই । এনেবোৰ কথা নগাই আহি কয়। লগতে কয় এইবোৰ আমাৰ বাবাসকলৰ মাটি আছে । চৰকাৰক অনুৰোধ জনাইছো যে এটুকুৰা মাটিও যাতে নগাক দিয়া নহয় । আমি ভূমিপুত্ৰ গৰিয়া মানুহ হয় । আমি অসম-নাগালেণ্ড সীমান্ত ৰক্ষা কৰিছিলো, এতিয়া আমিতো নাথাকিম ইয়াত । আমি ক'ত যাম, আমাৰ মাটি-বাৰী নাই। আমি মামাক এটাই কথা কৈছো যাতে অসমৰ মাটি এটুকুৰাও যাতে নাগালেণ্ডৰ হাতত নাযায় । যদি নাগালেণ্ডৰ হাতত মাটি নাযায় আমাক উচ্ছেদ কৰিছে ভাল কথা ।"

লগতে পঢ়ক:ৰেংমা সংৰক্ষিত বনাঞ্চলত চলিল দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান - URIAMGHAT EVICTION